ৰাম বা ৰামচন্দ্ৰ (সংস্কৃত: राम) হ’ল হিন্দু দেৱতা বিষ্ণুৰ সপ্তম অৱতাৰ। হিন্দু ধৰ্মগ্ৰন্থবোৰত তেওঁক অযোধ্যাৰ ৰজা বুলি উল্লেখ আছে। সপ্তম অৱতাৰ ৰাম আৰু অষ্টম অৱতাৰ কৃষ্ণ হ’ল বিষ্ণুৰ অৱতাৰবোৰৰ ভিতৰত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ। হিন্দু ধৰ্মত তেওঁ এজন জনপ্ৰিয় দেৱতা। ভাৰত আৰু নেপাল দেশত তেওঁৰ পূজাৰ বহুল প্ৰচলন দেখা যায়। হিন্দু ধৰ্মৰ ৰাম উপাসনা-কেন্দ্ৰিক সম্প্ৰদায়বোৰত ৰামক বিষ্ণুৰ অৱতাৰ নামানি সৰ্বোচ্চ ঈশ্বৰ হিচাপে মান্য কৰাৰ প্ৰৱণতা দেখা যায়। ৰামে সূৰ্যবংশত (ইক্ষ্বাকু বংশ বা পৰৱৰ্তীকালত উক্ত বংশৰ ৰজা ৰঘুৰ নামানুসাৰে ৰঘুবংশ নামে পৰিচিত) জন্মগ্ৰহণ কৰিছিল। ৰামৰ এটি বিশেষ মূৰ্তিত তেওঁৰ ওচৰত তেওঁৰ ভাতৃ লক্ষ্মণ, স্ত্ৰী সীতা আৰু ভক্ত হনুমানক দেখা যায়। এই মূৰ্তিকে বোলা হয় “ৰাম পৰিবাৰ।” হিন্দু মন্দিৰত এই “ৰাম পৰিবাৰ” মূৰ্তিৰ পূজাই বেছিকৈ হোৱা দেখা যায়।
হিন্দু ধৰ্মৰ বৈষ্ণৱ সম্প্ৰদায় আৰু বৈষ্ণৱ ধৰ্মগ্ৰন্থবোৰত যিসকল জনপ্ৰিয় দেৱতাৰ কথা পোৱা যায়, তাৰ অন্যতম হ’ল ৰাম। গোটেই দক্ষিণ আৰু দক্ষিণ-পূৱ এছিয়াত ৰাম জনপ্ৰিয় দেৱতা। লোকবিশ্বাস অনুসৰি ৰামৰ জন্মস্থান হ’ল নেপালৰ অযোধ্যাপুৰী চহৰ। সেই ঠাইত “ৰামলালা” বা শিশু ৰামৰ মূৰ্তিও পূজা কৰা হয়। ৰাম-সংক্ৰান্ত পৌৰাণিক কাহিনীৰ প্ৰধান উৎস হ’ল ভাৰতীয় মহাকাব্য ৰামায়ণ।
অযোধ্যাৰ ৰজা দশৰথ আৰু তেওঁৰ প্ৰধান স্ত্ৰী কৌশল্যাৰ জ্যেষ্ঠপুত্ৰ হ’ল ৰাম। হিন্দুসকলে ৰামক “মৰ্যাদা পুৰুষোত্তম” (অৰ্থাৎ “শ্ৰেষ্ঠ পুৰুষ” বা “আত্মনিয়ন্ত্ৰণৰ অধিপতি” বা “গুণাধীশ”) বুলি কয়। তেওঁ সীতাৰ স্বামী। সীতাক হিন্দুসকলে লক্ষ্মীৰ অৱতাৰ বুলি বিশ্বাস কৰে। হিন্দুসকলৰ দৃষ্টিত তেওঁ নাৰীৰ আদৰ্শ।
ৰামৰ জীৱনকথাক হিন্দুসকলে ধৰ্মনিষ্ঠাৰ আদৰ্শ হিচাপে মান্য কৰে। তেওঁক আদৰ্শ মানুহ বুলি ভবা হয়। পিতাৰ সম্মানৰক্ষাৰ্থে তেওঁ সিংহাসনৰ অধিকাৰ ত্যাগ কৰি চৈধ্য বছৰৰ বাবে বনলৈ যায়। তেওঁৰ স্ত্ৰী সীতা আৰু ভাতৃ লক্ষ্মণেও তেওঁৰ বিচ্ছেদ সহ্য কৰিব নোৱাৰিব বুলিয়েই তেওঁৰ লগত যায়। তেওঁলোকে একেলগে চৈধ্য বছৰ বনত কটায়। বনবাসকালত লঙ্কাৰ ৰজা ৰাৱণে সীতাক হৰণ কৰি নিয়ে।
দীৰ্ঘ অনুসন্ধানৰ পিছত ৰামে ৰাৱণৰ বিৰাট বাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰে। এই যুদ্ধত ৰাৱণ পৰাজিত হয়। ৰামে সীতাক উদ্ধাৰ কৰি অযোধ্যালৈ উভতি আহে। তেতিয়া তেওঁৰ ৰাজ্যাভিষেক হয়। পিছত তেওঁ এজন সম্ৰাটত পৰিণত হয়।[8] তেওঁৰ ৰাজ্যত প্ৰজাসকলে সুখ, শান্তিত বাস কৰিছিল আৰু ৰাজ্যৰ সমৃদ্ধি আৰু ন্যায়বিচাৰ অব্যাহত আছিল। এই বাবে ৰামৰ শাসনৰ অনুসৰণত সুশাসিত ৰাজ্যক “ৰামৰাজ্য” বোলাৰ প্ৰৱণতা আৰম্ভ হয়।
ৰামায়ণৰ অন্যতম বৈশিষ্ট্য হ’ল ৰামৰ সীতা-অনুসন্ধান আৰু যুদ্ধজয়ৰ ক্ষেত্ৰত ৰামৰ প্ৰতি সীতাৰ চৰম প্ৰেম আৰু সতীত্বৰ প্ৰতি গুৰুত্ব আৰোপ। ৰাৱণৰ বন্দীনী হোৱা স্বত্বেও সীতাৰ পবিত্ৰতা ৰক্ষিত হৈছিল। আনহাতে, ৰামৰ তিনি অনুজ ভাতৃ লক্ষ্মণ, শত্ৰুঘ্ন আৰু ভৰতো পবিত্ৰতা, ভ্ৰাতৃপ্ৰেম আৰু শক্তিৰ আদৰ্শ।কোনো কোনো মতে তেওঁলোকো “মৰ্যাদা পুৰুষোত্তম” আৰু সপ্তম অৱতাৰৰ অংশ। ৰামৰ পবিত্ৰতাই কিষ্কিন্ধ্যাৰ বানৰ আৰু হনুমানক আকৃষ্ট কৰিছিল। এওলোকেই তেওঁক সীতা উদ্ধাৰত সহায় কৰে।[8] ৰামৰ গল্প ভাৰতীয় উপমহাদেশ আৰু দক্ষিণ-পূৱ এছিয়াত বিশেষ জনপ্ৰিয়। হিন্দু ধৰ্মত ৰাম অন্তহীন প্ৰেম,সাহস, শক্তি, ভক্তি, কৰ্তব্য আৰু মূল্যবোধৰ দেৱতা।