মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাৰ লেকৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত মনোমোহা প্ৰাকৃতিক মাৰঙা নামৰ অঞ্চলটো। অঞ্চলটোৰ নৈসৰ্গিক সৌন্দৰ্যক বিশেষ মাত্ৰা প্ৰদান কৰিছে মাৰঙা নামৰ প্ৰাকৃতিক লেকটোৱে। অৱশ্যে প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে উপেক্ষিত হৈ থকা তথা গুৱাহাটীৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ নিলগত থকা মাৰঙা নামৰ অঞ্চলটোত আছে দহখন গাঁও। চাৰিওফালে সৰু-বৰ পাহাৰে আগুৰি থকা গাঁও কেইখনৰ প্ৰাকৃতিক সৌন্দৰ্যই এনেয়ে সকলোকে আকৰ্ষিত কৰে। তাৰ মাজে মাজে থকা কমলা বাগান আৰু খেতি পথাৰে সৌন্দৰ্যক অধিক মাত্ৰা প্ৰদান কৰিছে। ইফালে তাত থকা গাঁওকেইখন অসমৰ লগত বহু ক্ষেত্ৰত মিল আছে। সেই গাঁওকেইখনৰ মাজভাগত থকা মাৰঙা নামৰ লেকটোৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে হাত বাউল দি মাতে।

যিয়ে এবাৰ তালৈ গৈছে তেওঁহে অনুভৱ কৰিব পাৰে তাৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ। গুৱাহাটীৰ পৰা মাত্ৰ এঘণ্টাত গৈ পাব পৰা মাৰঙা নামৰ লেকটো পৰিচালনা কৰি অহা থনে ৰাজাই জানিবলৈ দিয়া মতে লেকটোৰ পানীভাগে প্ৰায় ৭.৫ হেক্টৰ মাটিকালিৰে আবৰি আছে। লেকত আছে বহু বিৰল প্ৰজাতিৰ মাছ। পৰ্যটক বা দৰ্শনাৰ্থীৰ বাবে লেকত বটিং কৰাৰ সুবিধাৰ্থে কেবাখনো ফাইবাৰ বোট ৰখা হৈছে।

সমান্তৰালভাবে বিশাল লেকটোৰ মাজত ইপাৰৰ পৰা সিপাৰলৈ অহা – যোৱাৰ সুবিধাৰ বাবে আছে এখন সুন্দৰ দলং। তেনেদৰে আছে চাৰিওকাষে খোজকাঢ়িবৰ বাবে আছে সুন্দৰ পকীপথ। বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, অৰ্কিড আৰু থলুৱা প্ৰজাতিৰ গছ – গছনিয়ে লেকৰ সৌন্দৰ্যক নতুন মাত্ৰা প্ৰদান কৰিছে। যিসকল লোকে এদিন নিজকে প্ৰকৃতিৰ বুকুত বিলীন কৰি দিব বিচাৰে বা প্ৰকৃতিৰ ৰূপ , সুধা পান কৰিব বিচাৰে তেওঁলোকে মাৰঙা লেকলৈ আহিলে সেই মনোবাঞ্ছা পূৰণ কৰিব পাৰিব।

উল্লেখ্য যে লেকটোত পাৰ্কিঙত একেলগে বহু ডাঙৰ – সৰু গাড়ী পাৰ্কিং কৰাৰ সুবিধা ৰখা হৈছে। তেনেদৰে থকা – খোৱাৰ সুবিধাৰ বাবে আছে ৰেষ্টোৰেণ্ট আৰু দুই তাৰকাযুক্ত হোটেলৰ দৰে সুবিধাযুক্ত কোঠা। বিশেষকৈ পানীৰ মাজত থকা অসম আৰ্হিৰ কেইবাটাও পকী ঘৰে সৌন্দৰ্যক অধিক মাত্ৰা প্ৰদান কৰিছে। এইখিনিতে উল্লেখ্য যে মাৰঙা অঞ্চলটোৰ বাসিন্দা সকল মূলতঃ কাৰ্বি আৰু তিৱা সম্প্ৰদায়ৰ যদিও তাত তেওঁলোক জাতিগত পৰিচয় মৰঙালী হিচাপে মেঘালয়ত পৰিচিত হৈ আহিছে। বেচিভাগ লোকেই সুন্দৰকৈ অসমীয়া কব পাৰে। যাৰ বাবে অসমৰ পৰা তালৈ যোৱা লোকে তাত কোনো ধৰণৰ অসুবিধা নাপায়।

বৃহত্তৰ মাৰঙা অঞ্চলৰ দহখনকৈ গাঁও হল ক্ৰমে – বৰগাং, নালাপাৰা , নঙা গাঁও, পুৰাণ গাঁও, লালুমপাম, জয় গাঁও, বৰকুছি, বৰখাত চাই, চাৰিকুছি আৰু আঠগাঁও। এই সন্দৰ্ভত অঞ্চলটোৰ বাসিন্দাসকলৰ উন্নয়নৰ হকে কাম কৰি অহা মাৰঙাৰ বাসিন্দা, অৱসৰপ্ৰাপ্ত অভিযন্তা মনীন ৰাজাই জানিবলৈ দিয়া মতে অসমৰ পৰা দূৰত থাকিলেও তেওঁলোকে নীৰৱে অসমীয়া সাহিত্য – সংস্কৃতিৰ চৰ্চা কৰি আহিছে। আনকি মহাপুৰুষ দুজনাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে শ্বিলঙৰ শংকৰ মিছনৰ অধীনত ১৯৬১ চনত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা হৈছিল এটা নামঘৰ।

বৰ্ত্তমান ৰাইজ – শুভাকাংক্ষীৰ দান – বৰঙণিৰে নামঘৰটো সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। মাৰঙা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জয়মালা বিনং লংডো , সম্পাদক যোগেশ মাৰৱেট , অঞ্চলটোৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “মাৰঙা চচিয়েল এণ্ড কালচাৰেল অৰ্গেনাইজেচন” সভাপতি প্ৰেল বিনং, সম্পাদক বিমৰ চিয়েমকে ধৰি অঞ্চলটোৰ কেবাজনো বাসিন্দাই জানিবলৈ দিয়া মতে অসমৰ পৰা কোনোবা তেঁওলোকৰ তালৈ আহিলে বহুত ভাল পায়। আপোন মানুহ অহা যেন অনুভৱ কৰে।

কভিডৰ আগলৈকে লেকলৈ গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু মানুহ আহিছিল। কিন্তু কভিডৰ সময়ত মেঘালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বহু নীতি – নিয়ম আৰোপ কৰাৰ পাছৰে পৰা মানুহ অহাটো কমি যায় আৰু পৰিস্থিতি স্বাভাবিক হোৱাৰ পাছতো এতিয়াও আগৰ দৰে মানুহ নহা হৈছে বুলি অঞ্চলটোৰ একাংশ সচেতন লোকে জানিবলৈ দিছে।

Related Articles