Breaking

ৰিলায়েন্সে সৃষ্টি কৰিলে ইতিহাস ! ২০ কোটি টকাৰ মাৰ্কেট কেপ অতিক্ৰম কৰা দেশৰ ভিতৰতে প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত…

0 56

দেশৰ বিশাল কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে সৃষ্টি কৰিলে আন এক অভিলেখ। ২০ লাখ কোটি টকাৰ মাৰ্কেট কেপ অতিক্ৰম কৰা দেশৰ ভিতৰতে প্ৰথমটো কোম্পানী হিচাপে পৰিগণিত হৈছে ৰিলায়েন্স।

যোৱা এসপ্তাহৰ পৰা কোম্পানীটোৰ শ্বেয়াৰ ক্ৰমাগতভাৱে বৃদ্ধি পাই আহিছে। মঙলবাৰে বিএছইত ৫২ সপ্তাহৰ সৰ্বোচ্চ ২৯৫৭.৮০ টকাত উপনীত হয়। ১.৮৯ শতাংশ ।

২ সপ্তাহত মূল্য ১ লাখ কোটি টকা বৃদ্ধি
কেৱল যোৱা দুসপ্তাহৰ ভিতৰত কোম্পানীটোৰ ষ্টকৰ মাৰ্কেট কেপ প্ৰায় ১ লাখ কোটি টকা বৃদ্ধি পাইছে। যোৱা ২৯ জানুৱাৰীতেই ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ষ্টকে ১৯ লাখ কোটি টকাৰ পৰিসংখ্যা স্পৰ্শ কৰিছিল। ২০২৪ চনত ৰিলায়েন্সক লৈ বিনিয়োগকাৰীৰ মাজত প্ৰচণ্ড উৎসাহৰ সৃষ্টি হৈছে। এই কেইটামান দিনত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ শ্বেয়াৰ প্ৰায় ১৪ শতাংশ বৃদ্ধি পাইছে।

Leave A Reply

Your email address will not be published.