Breaking

মহাৰাষ্ট্ৰৰ নদীত হঠাতে আবিৰ্ভাব সাগৰৰ মৃত্যুদূত তিমিৰ, যুৱক আহত…

0 93

মহাৰাষ্ট্ৰৰ নদীত হঠাতে আবিৰ্ভাব সাগৰৰ মৃত্যুদূত তিমিৰ! সাধাৰণতে নদীত তিমি নাথকে, তিমিৰ বাসস্থান সাগৰ। কিন্তু কেতিয়াবা নদীতো চোপ লৈ থাকিব পাৰে মৃত্যুদূতে। ঠিক তেনে এক ঘটনাই ঘটিছে মহাৰাষ্ট্ৰত। মাছ ধৰিবলৈ গভীৰ পানীত নামিছিল এজন যুৱকে। সেই সময়তে নদীত থকা এটা প্ৰকাণ্ড তিমিয়ে ৩২ বছৰীয়া বিকি গোৱাৰী নামৰ যুৱকজনৰ ভৰিত কামোৰ মাৰে। ফলত বেয়াকৈ আঘাতপ্ৰাপ্ত হয় যুৱকজন। ঘটনাটো মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মনোৰ অঞ্চলত সংঘটিত হৈছে। মনোৰৰ ওচৰৰ বৈত্ৰানা নদীত তিমিয়ে যুৱকজনক আক্ৰমণ কৰে। কিন্তু সেই সময়ত নৈৰ কাষত আন বহু লোক থকা বাবে যুৱকজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰিব পৰা যায়। নদীত তিমিৰ উপস্থিতিৰ খবৰ বিয়পি পৰাৰ লগে লগে তিমিটো চাবলৈ মানুহে ভিৰ কৰে। তিমিটোৰ ওজন ২০০ কিলোগ্ৰামতকৈ অধিক হ’ব বুলি ধাৰণা কৰা হৈছে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক প্ৰাথমিক চিকিৎসাৰ পিছত উন্নত চিকিৎসাৰ বাবে দাদৰা নগৰৰ বিনোৱা ভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইপিনে যুৱক জনৰ ভৰিত কামোৰা তিমিটোক স্থানীয় একাংশ লোকে পানীৰ মাজতেই হত্যা কৰে। কিন্তু নদীত কিদৰে সোমাল তিমি? ধাৰণা কৰা অনুসৰি জোৱাৰৰ সময়ত তিমিটো সাগৰৰ পৰা নদীত আহি সোমাইছিল।

Leave A Reply

Your email address will not be published.