Breaking

বামুণীত সৰস্বতী পূজাত ‘কিতাপৰ উৎসৱ’…

0 27

নগাঁও জিলাৰ বামুণী বৰ্ণালী জাতীয় বিদ্যালয়ত কালি সৰস্বতী পূজা পালন কৰাৰ লগতে ‘কিতাপৰ উৎসৱ’ পালন কৰে। বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসস্থান অতি পিছপৰা পাহাৰীয়া অঞ্চল বামুণীত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’, সত্যনাথ বৰাৰ ‘সাৰথি’, ভবেন্দ্ৰনাথ শইকীয়াৰ ‘মোৰ শৈশৱ-মোৰ কৈশোৰ’, অৰূপজ্যোতি হাজৰিকাৰ ‘জোন বেলি তৰা’, ভাৰত বৰাৰ ‘কুইজ বিচিত্ৰা’ আদি কিতাপ সমাজকৰ্মী অসীম বৰা আৰু প্ৰীতম বৰাই ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে তুলি দি ‘কিতাপৰ উৎসৱ’ পালন কৰা হয়।

শিশুবন্ধু দুলাল বৰাই জাতিৰ গৌৰৱ, দেশৰ গৌৰৱ শিশুসকলে কিতাপ পঢ়ি জগত চিনিব আৰু জগত জিনিব পাৰিব বুলি বক্তব্য আগবঢ়ায়। বৰ্ণালী জাতীয় বিদ্যালয়ৰ সম্পাদক মনজিৎ শইকীয়া, প্ৰধান শিক্ষক কৰবী কলিতা, শিক্ষয়িত্ৰী জ্যোতিস্মৃতা গোহাঁই, ৰিণী বড়ো, দীপক বৰদলৈ, জিনু বসুমতাৰী, সোণালী বেগম, চাহনাজ বেগম, দীপাংকৰ পেগু, কাৰ্যালয় সহায়ক সুনিল ঘাটোৱাৰে সহযোগিতা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.