Breaking

সাৱধান! কটন কেণ্ডি খালে কেন্সাৰ আৰু যকৃতৰ ৰোগ হ’ব পাৰে, বিক্ৰী নিষিদ্ধ…

0 75

কটন কেণ্ডি খালে কেন্সাৰ হব পাৰে! তামিলনাডু আৰু পুডুচেৰীত বিক্ৰী নিষিদ্ধ। কোমল আৰু গোলাপী ৰঙৰ ফেয়াৰী ফ্লছ, কোনোৱে কয় কপাহী মিঠাই, কোনোবাই কয় বুঢ়ী মাকৰ চুলি। ইয়াক চেনিৰ চিৰাপেৰে তৈয়াৰ কৰা হয়। মেলাত বা বজাৰত এই সস্তীয়া খাদ্য প্ৰায়ে মানুহে খায়। বিশেষকৈ শিশুসকলে এই খাদ্য ভাল পায় যদিও এই কপাহী মিঠাইৰ বিষয়ে গৱেষকসকলে যি কৈছে সেয়া যথেষ্ট ভয়ংকৰ। ই শৰীৰৰ বহু ক্ষতি কৰে। সেয়ে খাদ্য সুৰক্ষাৰ আয়ুক্তই এই বিষয়টো পুনৰীক্ষণ কৰি খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। কৰ্কট ৰোগ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থৰ উপস্থিতিৰ বাবে কপাহী মিঠাই বিক্ৰী নিষিদ্ধ তামিলনাডুত, চেন্নাইত। ইয়াৰ পূৰ্বে তেওঁলোকৰ প্ৰতিবেশী পুডুচেৰীয়েও এই সিদ্ধান্ত লৈছিল।



কটন কেণ্ডি বহুতৰে বাবে কেৱল মিঠাই নহয় কিয়নো নষ্টালজিক শৈশৱৰ স্মৃতিবোৰ প্ৰায়ে কোমল টেক্সচাৰ, টেঙা সোৱাদৰ বাবে বিখ্যাত সৰল চেনিযুক্ত ট্ৰিটৰ সৈতে সংলগ্ন হৈ থাকে, বন্ধুৰ সৈতে কটন কেণ্ডি খাই সকলোৱে পোৱা মজাটো কেতিয়াও নাপাহৰে।

Leave A Reply

Your email address will not be published.