Breaking

চৰকাৰে নহয় ৰাইজে খেদিব লাগিব অবৈধ বিদেশী : হিন্দু যুৱ ছাত্ৰ পৰিষদ ; নলবাৰী জিলা প্ৰেছ ক্লাৱত সংবাদ মেল

0 1,296

নলবাৰী, ৬ ডিচেম্বৰ : কোনো এখন চৰকাৰে অবৈধ বিদেশী নাগৰিক বহিষ্কাৰ নকৰে । কিন্তু হাতেৰে নহয় কেৱল ভাতেৰে হে ৰাইজে খেদিব লাগিব অবৈধ বিদেশী সকলক— এই আহ্বান হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ । আজি নলবাৰী জিলা প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত অসমৰ জনসাধাৰণক এই আহ্বান জনাই পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে প্ৰকাশ কৰে যে লাখ লাখ অবৈধ বিদেশীৰ নামেৰে প্ৰস্তুত হোৱা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খনৰ পৰা বিদেশীৰ নাম সমূহ বাদ দিয়াৰ বাবে বা পুনৰীক্ষণ কৰাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ক অসম চৰকাৰে যি শপতনামা দাখিল কৰিব লাগিছিল সেয়া আজি পৰ্যন্ত দাখিল কৰিবলৈ সময় নোপোৱা বৰ্তমান সময়ৰ অসম চৰকাৰৰ অবৈধ বিদেশীৰ সমস্যাৰ ক্ষেত্ৰত থকা সদিচ্ছাৰ উমান পোৱা গৈছে বুলিও পৰিষদৰ সভাপতি আৰু সম্পাদক গৰাকীয়ে কটাক্ষ কৰে । তদুপৰি ১৯৫১ চনক ভিত্তিবৰ্ষ হিচাপে লৈ নতুন নাগৰিক পঞ্জী কাম শীঘ্ৰে হাতত লবৰ বাবে দাবী উত্থাপন কৰি হিন্দু যুৱ ছাত্ৰ পৰিষদে আগন্তুক ২০২১ বৰ্ষৰ নিৰ্বাচনত লাখ লাখ অবৈধ বিদেশীয়ে ভোটাধিকাৰ সাবাস্ত কৰাটো অসমৰ ৰাজনীতিৰ বাবে এক বিপদজনক বুলি মন্তব্য প্ৰকাশ কৰে । সমান্তৰালভাৱে চলিত বৰ্ষৰ ২০ অক্টোবৰ তাৰিখেই দিল্লীত প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে হোৱা আলোচনা মৰ্মে অসম চৰকাৰে অতি শীঘ্ৰে মহামান্য উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰাৰ কথা আছিল যদিও আজি পৰ্যন্ত অসম চৰকাৰে কিয় শপত নামা দাখিল নকৰিলে তাক ৰাজহুৱা কৰাৰ দাবী জনাই হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে । যাৰে পৰিষদে কোনো এখন এখন চৰকাৰে অবৈধ বিদেশী বহিস্কাৰৰ সদিচ্ছা নাই বুলি উল্লেখ কৰি অসমত থকা লাখ লাখ অবৈধ বিদেশীক ৰাইজে নিজেই খেদাৰ ব্যৱস্থা কৰিব লাগিব বুলি সভাপতি বলেন বৈশ্যই আৰু সাধাৰণ সম্পাদক মাধৱ দাসে অবৈধ বিদেশীয়ে দখল কৰি লোৱা প্ৰায় দুশটা জীৱিকাৰ পথত অসমৰ খিলঞ্জীয়া যুৱকক আত্মনিয়োগ কৰাৰ আহ্বান জনোৱাৰ লগতে অসমৰ জনসাধাৰণকো ৰাজ্য খনৰ আৰু বৃহত্তৰ জাতিটোৰ স্বাৰ্থতে সস্তা দৰত পালেও অবৈধ বিদেশী বনুৱাক কামত নলগাই খিলঞ্জীয়া ভূমিপুত্ৰক কামত ব্যৱহাৰ কৰাৰ বাবে ও সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাই ।  আজিৰ এই সংবাদমেলত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ উপ সভাপতি দিবাকৰ দাস , সাংগঠনিক সম্পাদক বিটুমনি গগৈ, নলবাৰী জিলা সমিতিৰ সভাপতি দিলিপ মজুমদাৰ,সম্পাদক ডিম্বেশ্বৰ কলিতা সহ প্ৰমুখ্যে বহু কেইজন পৰিষদৰ কৰ্মী উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.