Breaking

চুলাই মদৰ বিৰুদ্ধে অভিযান অব্যাহত চৰাইদেউ জিলা আবকাৰীৰ

0 90

চৰাইদেউ জিলাৰ বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে জিলা আৱকাৰী বিভাগে নিতৌ অভিযান অব্যাহত ৰাখিছে। সোমবাৰে সোণাৰি আবকাৰীৰ উদ‍্যোগত মথুৰাপুৰ, টেঙাপুখুৰী আৰক্ষীৰ সহযোগত যুতীয়াভাৱে চুলাই মদৰ অভিযান চলায় এঙেৰা অঞ্চলত।

অভিযানকাৰী দলেটোৱে মাইবেলা, টেঙাপুখুৰী, এঙেৰা, দুৱৰা গাঁও অঞ্চলত অবৈধ চুলাই মদৰ অভিযান চলাই ভাটি সমূহ ধংস কৰে। এই অভিযানৰ সময়ত দলটোৱে চুলাই তৈয়াৰ কৰাৰ বাবে ৰখা প্ৰায় ২৫০লিটাৰ চুলাই পাছ, বিক্ৰী কৰিবলৈ ৰখা ১৫ লিটাৰ চুলাই মদ ০২ টা চুলাই তৈয়াৰত ব্যৱহৃত হোৱা যন্ত্ৰ, ২৫কেজি লাওপানী জব্দ কৰি ঠাইতে নষ্ট কৰি পেলায়।

আবকাৰী বিষয়াৰ দল যোৱাৰ উমান পায় অবৈধ সুৰা তৈয়াৰ কৰা ব‍্যৱসায়ীয়ে পলাই যাবলৈ সক্ষম হয় যদিও অবৈধ সুৰাৰ বেপাৰীৰ বিৰুদ্ধে ৩টা গোচৰ ৰুজু কৰে বুলি জানিব পৰা গৈছে।

-ৰূপামণি গগৈ , চৰাইদেউ

Leave A Reply

Your email address will not be published.