Breaking

মাহে ৩৫ লাখ টকা উপাৰ্জন কৰা টিভিৰ উদ্যোগ কিয় ত্যাগ কৰিছিল বিক্ৰান্ত মেছিয়ে! প্লাষ্টিকৰ চকী, পাকঘৰৰ অৱস্থাৰ বাবেই বন্ধু-বান্ধৱীৰ ঠাট্টা বিক্ৰান্তক…

0 42

‘টুৱেলভ ফেইল’ৰ পিছৰে পৰা অনুৰাগীৰ প্ৰিয় হৈ পৰিছে বিক্ৰান্ত মেছি। বৰ্তমান সকলোৱে চিনি পায় বিক্ৰান্ত মেছিক।শেহতীয়াকৈ অভিনেতাগৰাকীয়ে এক সাক্ষাৎকাৰৰ সময়ত নিজৰ ব্যক্তিগত জীৱন আৰু কেৰিয়াৰৰ বিষয়ে মুকলিকৈ কয়। তেওঁ কয় যে টিভি উদ্যোগত তেওঁ প্ৰতিমাহে ৩৫ লাখ টকা উপাৰ্জন কৰিছিল। কিন্তু তেওঁ আন কিবা এটা কৰাৰ সিদ্ধান্ত ল’ব বিচাৰিলে। অভিনেতাৰগৰাকীৰ জীৱন কাহিনীৰ বিষয়ে জানক-

বিক্ৰান্ত মেছেই টিভিৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। অভিনেতাজনে কয় যে তেওঁ ২৪ বছৰ বয়সত নিজাকৈ ঘৰ কিনিছিল। কিন্তু টিভিৰ বিষয়বস্তু দেখি তেওঁ উদ্যোগটো এৰি যোৱাৰ সিদ্ধান্ত ল’লে। তেওঁ কয়, “মই বহুত টকা উপাৰ্জন কৰি আছিলো। ২৪ বছৰ বয়সত মই প্ৰতিমাহে ৩৫ লাখ টকা উপাৰ্জন কৰি আছিলো। এইটো এটা ডাঙৰ কথা, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ পৰা অহা কোনোবা এজনৰ বাবে। মই সেই সময়ত টিভি এৰিলোঁ।” যেতিয়া মোৰ হাতত প্ৰতিমাহে ৩৫ লাখ টকা উপাৰ্জনৰ চুক্তি আছিল, তেতিয়া মই ভাল কাম কৰি শান্তি বিচাৰিবলৈ সিদ্ধান্ত লৈছিলো।” বিক্ৰান্তই লগতে শ্বেয়াৰ কৰিছিল যে তেওঁৰ সঞ্চিত ধন এবছৰত শেষ হৈ গৈছিল আৰু সেই সময়ত তেওঁৰ পত্নী শীতলে অডিচনৰ বাবে ধন দিছিল।

কোৱা হয় যে সময়ৰ লগে লগে মানুহ সলনি হয়। উদ্যোগতো একেই কথা হয়। বন্ধু-বান্ধৱীৰ আচৰণৰ পৰিৱৰ্তনক স্মৰণ কৰি বিক্ৰান্তই কয়, “এটা কাণ্ড ঘটিছিল, য’ত মই মানুহক মোৰ ঘৰলৈ মাতিছিলো। মোৰ বন্ধু-বান্ধৱী আৰু অতি ঘনিষ্ঠ বন্ধুক। মোৰ কোনো লাজ নাই। কাৰণ মোৰ মায়ে বৰ ভালকৈ ৰান্ধে, গতিকে মই ক’লোঁ, ঘৰলৈ আহা বন্ধু, মই সকলোকে পাৰ্টি দিম।” তেওঁ আৰু কয়, “ঘৰৰ দিশটো চাওঁতে মোৰ লগৰবোৰে দেখিলে যে প্লাষ্টিকৰ চকী আছে, ঘৰৰ ৰং বেয়া, চিলিঙত ছীল আছে, পাকঘৰ ধুনীয়া নহয়।” বিক্ৰান্তৰ ঘৰখনৰ বিষয়ে আড্ডা বহা বন্ধু-বান্ধৱীয়ে আলোচনা কৰিছিল। তেওঁলোকে কৈছিল “এনে ঘৰত বিক্ৰম কেনেকৈ থাকে সেইটো কল্পনা কৰাটো কঠিন।” অৱশ্যে আজি বিক্ৰান্তই নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে সকলো অৰ্জন কৰিছে।


Leave A Reply

Your email address will not be published.