জামুগুৰিহাট, ৬ ডিচেম্বৰ : ধৰ্মৰ স্বীকৃতি বিচাৰি ৰাজপথলৈ ওলাই আহি আজি জামুগুৰিহাটৰ টুপীয়াত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে আদিবাসী চেংগেল অভিযান শোণিতপুৰ জিলা কমিটিৰ সদস্য সকলে। দিনৰ ১১বজাত আদিবাসী চেংগেল অভিযানৰ শোণিতপুৰ জিলা সমিতিৰ আহ্বানত ওলাই অহা শতাধিক আদিবাসী লোকে টুপিয়াত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি আদিবাসী সকলৰ চৰণা ধৰ্মটোক মান্যতা প্ৰদান কৰি ধৰ্মটোক এটা কড দিব লাগে বুলি দাবী উত্থাপন কৰে। আদিবাসী চেংগেল অভিযানৰ শোণিতপুৰ জিলা সমিতি নেতৃবৃন্দয় কয় আদিবাসী সকল কেতিয়াও হিন্দু নহয়। তেওঁলোকৰ নিজস্ব ধৰ্ম আছে। তেওঁলোকে প্ৰকৃতিকহে পূজা কৰে । কিন্তু লোক পিয়লৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে আদিবাসী সকলক হিন্দুত্বকৰণ কৰিবলৈ চেষ্টা চলাই আহিছে। সেয়েহে তেওঁলোক ইয়াৰ বিৰোধীতা কৰিছে আৰু শীঘ্ৰেই আদিবাসী সকলৰ চৰণা ধৰ্মটোক চৰকাৰে মান্যতা প্ৰদান কৰি হিন্দু আৰু মুছলমান ধৰ্মৰ লেখিয়াকৈ চাৰণা ধৰ্মটোক এটা কড দিবলৈ দাবী জনাই। ইয়াৰোপৰি আদিবাসী সকলক চৰকাৰে শীঘ্ৰেই জনজাতি কৰণৰো দাবী জনাই আদিবাসী চেংগেল সমিতিৰ শোণিতপুৰ জিলা সমিতিৰ সদস্য সকলে নদুৱাৰ ৰাজহ চক্ৰ বিষয়া (সংলগ্ন) মন্টুছ চক্ৰৱৰ্তীৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰি শোণিতপুৰ জিলা উপাযুক্তৰ জৰিয়তে এই স্মাৰকপত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ