Breaking

বিশ্বৰ আটাইতকৈ বৃহত্তম সাপ উদ্ধাৰ এমাজনত, সাপ ডালৰ দৈৰ্ঘ্য ২৬ ফুট…

0 101

বিশ্বৰ আটাইতকৈ বৃহত্তম সাপ এমাজনত উদ্ধাৰ, সাপ ডালৰ দৈৰ্ঘ্য ২৬ ফুট। এজন বিজ্ঞানী অধ্যাপক ড. ফ্ৰিক ভংকে ২৬ ফুট দীঘল সেউজীয়া এনাকণ্ডাৰ ভিডিঅ’ ৰেকৰ্ডিঙো কৰিছে। আমাজন বৰ্ষাৰণ্যত বিজ্ঞানীৰ এটা দলে আৱিষ্কাৰ কৰিছে এটি নতুন প্ৰজাতিৰ সেউজীয়া এনাকণ্ডা। ইয়াৰে অন্যতম বিজ্ঞানী অধ্যাপক (ডাঃ) ফ্ৰিক ভংকে ২৬ ফুট দীঘল সেউজীয়া এনাকণ্ডাৰ ভিডিঅ’ ৰেকৰ্ড কৰিছে, যিটো বিশ্বৰ আটাইতকৈ ডাঙৰ সাপ বুলি ধাৰণা কৰা হৈছে।

ইনষ্টাগ্ৰামত এনাকণ্ডাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি ভংকে লিখিছে, “মই দেখা আটাইতকৈ ডাঙৰ এনাকণ্ডা ভিডিঅ’টোত দেখা গৈছে, গাড়ীৰ টায়াৰৰ দৰে ডাঠ, আঠ মিটাৰ দীঘল আৰু ২০০ কিলোগ্ৰামতকৈও অধিক গধুৰ – মূৰটো ইমান ডাঙৰ।”


Leave A Reply

Your email address will not be published.