Breaking

মহিলা প্ৰিমিয়াৰ লীগ ২০২৪ৰ মুকলি অনুষ্ঠানত নতুন ৰূপত শ্বাহৰুখ, শ্বাহিদ…

0 37

মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউ পি এল) ছিজন ২ৰ মুকলি অনুষ্ঠানত উপস্থিত শ্বাহৰুখ খান, সিদ্ধাৰ্থ মালহোত্ৰা, শ্বাহিদ কাপুৰ, কাৰ্তিক আৰিয়ান আৰু বৰুণ ধাৱন। সকলোৱে নিজৰ নতুন ৰূপ আৰু ষ্টাইলেৰে লাইমলাইট দখল কৰে। ছ’চিয়েল মিডিয়াত শ্বাহৰুখ খানৰ মেনেজাৰ পূজা দাদলানীয়ে অভিনেতাগৰাকীৰ নতুন ফটো পোষ্ট কৰিছে। ফটোখনত শ্বাহৰুখ খানক নতুন ষ্টাইলত কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা গৈছে।

শ্বাহৰুখ খানৰ লগতে ডব্লিউ পি এল ২০২৪ৰ মুকলি সভাত কাৰ্তিক আৰিয়ানে ‘ভূল ভুলীয়ায়া’ গীতত, সিদ্ধাৰ্থ মালহোত্ৰাই ‘শ্বেৰশ্বাহ’ গীতত ইমানেই আচৰিত অভিনয় দেখুৱাইছিল যে ষ্টেডিয়ামত উপস্থিত থকা ৰাইজে বহু আনন্দ-ফূৰ্তি কৰিছিল। টাইগাৰ শ্ৰফেও নিজৰ উজ্জ্বল প্ৰদৰ্শন কৰিছিল। আনহাতে শ্বাহিদ কাপুৰে ছুপাৰবাইকত বহি মহিলা প্ৰিমিয়াৰ লীগৰ মঞ্চত প্ৰৱেশ কৰে অভিনেতাগৰাকীয়ে। মহিলা প্ৰিমিয়াৰ লীগৰ দ্বিতীয় ছিজন মুকলি অনুষ্ঠানতো বৰুণ ধাৱনে অতি মনোমোহা প্ৰদৰ্শন আগবঢ়ায়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সকলো চেলিব্ৰিটিৰ আচৰিত ধৰণৰ অভিনয়ৰ ভিডিঅ’ আৰু ছবি।


Leave A Reply

Your email address will not be published.