ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ আঁচনি। ৫০ হাজাৰকৈ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব নিবনুৱা যুৱক-যুৱতীক । ST(P) আৰু OBC শ্ৰেণীৰ যুৱক–যুৱতীসকলৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই সাহায্যৰ বাবে আবেদন কৰিবলৈ আপোনাৰ হাতত মাত্ৰ চাৰিদিন সময় আছে । কিয়নো এই আঁচনি খনৰ বাবে আবেদনৰ অন্তিম তাৰিখ ১০ ডিচেম্বৰ। এই আৰ্থিক অনুদানৰ বাবে অনলাইন বা অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব নিবনুৱা যুৱক–যুৱতীসকলে ।
আবেদনকাৰী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে বয়স হ’ব লাগিব ২৫ৰ পৰা ৪৫ বছৰ। পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম হ’ব লাগিব। www.directorwptbc.assam.gov.in বেৱছাইটত গৈ ইয়াৰ সবিশেষ জানিব পাৰিব।
কি কি লাগিব আবেদনৰ বাবে :
- ভোটাৰ কাৰ্ড বা পান কাৰ্ড বা আধাৰ কাৰ্ড
- ধনৰ সঠিক ব্যৱহাৰৰ বিস্তীৰ্ণ প্ৰস্তাৱ
- জাতিগত প্ৰমাণপত্ৰ
- নিয়োগ বিভাগৰ প্ৰমাণ পত্ৰ
- পৰিয়ালৰ ইনকাম চাৰ্টিফিকেট
- উচ্চতৰ মাধ্যমিক আৰু স্নাতক উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ
- বেংকৰ পাছবুক
- একপি পাছপ’ৰ্ট ফটো
আবেদন পত্ৰ জমা দিয়াৰ ঠিকনা :
ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়
ৰুক্মিণী নগৰ, গুৱাহাটী–৬, অসম
আবেদনৰ ফৰ্ম ডাউনলোড কৰাৰ বাবে ক্লিক কৰক https://tinyurl.com/y6s7wakh লিংকত অথবা তলৰ Download অপচনটোত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব ।