অসম অলিম্পিক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অসম অলিম্পিক সন্থাৰ এখন বিশেষ কাৰ্যনিৰ্বাহক সভা শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাকক্ষত অনুষ্ঠিত হয়।সভাখনত সভাপতিত্ব কৰে অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

সভাত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰে সন্থাৰ সাধাৰণ সভা আৰু নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়টো সভাত দাঙি ধৰে। সভাই আসন্ন লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম অলিম্পিক সন্থাৰ বৰ্তমানৰ কমিটিখনৰ কাৰ্যকাল তিনিমাহৰ বাবে বৃদ্ধি কৰে।

আনহাতে, ১৮-২৩ মাৰ্চত নাগালেণ্ডত অনুষ্ঠিত হ’বলগীয়া তৃতীয় নৰ্থ- ইষ্ট অলিম্পিকৰ বাবে শক্তিশালী অসম দল প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে।

তদুপৰি অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক অমল নাৰায়ণ পাটোৱৰীক নৰ্থ- ইষ্ট অলিম্পিকৰ চেফ ডে মিছন তথা কাৰ্যনিৰ্বাহক সদস্য পংকজ তেৰণ আৰু উজ্জ্বল বৰুৱাক ডেপুটি চেফ ডে মিছনৰ দায়িত্ব প্ৰদান কৰে৷

Related Articles