Breaking

ইটাখোলাৰ দুই যুৱকৰ কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন

0 45

আজিৰ যুৱ প্ৰজন্মই যি দৰে এটা চৰকাৰী চাকৰি যোগাৰৰ বাবে হাবাথুৰি খাই ফুৰিছে ঠিক একে সময়তে এইখন ৰাজ্যতে শিক্ষিত নিবনুৱা হিচাপে চৰকাৰী কিম্বা কোম্পানী চাকৰিলৈ ধাপলি নেমেলি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে ইটাখোলা অঞ্চলত দুগৰাকী শিক্ষিত যুৱকে।

বিশ্বনাথৰ ইটাখোলাৰ সমীপৰ চেঙামাৰীত ১০০ বিঘা কৃষি ভুমিত কৃষি কৰ্মৰ জৰিয়তে একোজন আদৰ্শ কৃষক ৰূপে প্ৰতিষ্ঠা হোৱাৰ লগতে আন দহ গৰাকী নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে চতিয়া খনাগুৰিৰ নিৱাসী শিক্ষিত যুৱক সিদ্ধাৰ্থ শংকৰ কলিতা আৰু ভাতৃ অন্নদা শংকৰ কলিতা।

চাকৰি মনোবৃতি এৰি কৃষি কৰ্মকে জীৱিকাৰ পথ হিচাপে বাচি লৈ দুই যুৱক সিদ্ধাৰ্থ আৰু অন্নদাই ‘বাজিকৰ’ নামৰ কৃষি পাম খুলি বতৰ অনুযায়ী কৰি আহিছে ভিন ভিন শস্যৰ খেতি। বিশেষকৈ তামোল-পান, ধান, আলু, মটৰ, সৰিয়হ আৰু ৰঙালাও খেতিক প্ৰাধান্য দিয়া এই দুই যুৱ কৃষকে এইবাৰ প্ৰায় ৪০ বিঘা কৃষি ভূমিত উন্নত প্ৰাজাতিৰ আলু খেতি কৰি ১৩০ টনৰো অধিক আলু উৎপাদন কৰিবলৈ লক্ষ্য কৰি লৈছে।

অৱশ্যে ইতিমধ্যে ইয়াৰে উৎপাদিত ৩৫ টন আলু ৰাজ্যৰ সুপ্ৰতিষ্ঠিত কোম্পানী আৰু বিভিন্ন স্থানলৈ ৰপ্তানি কৰিছে।আজিৰ পৰা ২০ বছৰ পূৰ্বে তেওঁলোকে ২২ বিঘা কৃষি ভূমিত কৃষি কৰ্ম আৰম্ভ কৰা কৃষি পামখন বৰ্তমান প্ৰায় ১০০ বিঘা মাটিলৈ সম্প্ৰসাৰিত হৈছে। ইয়াৰ লগতে যুৱ কৃষকদ্বয়ে এই কৃষি ভূমিত বতৰ অনুযায়ী বিভিন্ন শাক-পাচলিৰ খেতি কৰাৰ উপৰি প্ৰায় ২০ বিঘা ভুমিত এখন আছে তামোল পানৰ বাৰি কৰিছে।

এই বেলি প্ৰায় ১২ বিঘা মাটিত মটৰ মাহৰ খেতি কৰাৰ উপৰি উন্নতমানৰ গাহৰি আৰু লোকেল মূৰ্গী পালন কৰিও লাভান্বিত হৈছে বুলি জনায়। মনকৰিবলগীয়া যে যুৱ কৃষক সিদ্ধাৰ্থ শংকৰ কলিতাই কৃষি কৰ্মৰ সমান্তৰালকৈ কাব্য চৰ্চাৰ জৰিয়তে সাহিত্যক্ষেত্ৰখনৰ দ্বাৰাও বঁ‌টা লাভ কৰিবলৈ সক্ষম হৈছে।

Leave A Reply

Your email address will not be published.