Breaking

বগৰী খেতিৰে স্বাৱলম্বী উপৰতোলাৰ অকণ ৰায়

0 56

গোৱালপাৰা জিলাৰ দুধনৈৰ সমীপৱৰ্তী উপৰতোলা-বিজনী গাঁৱৰ এগৰাকী খেতিয়কে বগৰী খেতিৰে স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে। অকণ ৰায় নামৰ খেতিয়ক গৰাকীয়ে ভাৰত সুন্দৰী আৰু আপেল বগৰীৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোত এক কৃষি বিপ্লৱৰ সূচনা কৰিছে।

খেতিয়ক গৰাকীয়ে জানিবলৈ দিয়া মতে, তেওঁ প্ৰায় ১৫ বছৰ ধৰি বিভিন্ন খেতিৰ সৈতে জড়িত। তেওঁ কাষৰে আন এগৰাকী কৃষকৰ সৈতে দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰত বিভিন্ন খেতিৰ লগতে বগৰী খেতিৰো প্ৰশিক্ষণ গ্ৰহণ কৰে। তাৰ পাছতে তেওঁ ২০২২ চনৰ এপ্ৰিল মাহত ভাৰত সুন্দৰী আৰু আপেল বগৰীৰ পুলি ৰোপণ কৰে।

উপৰতোলাৰ দুধনৈ নদীৰ পাৰত নিজা মাটিত প্ৰায় ডেৰশ জোপা বগৰীৰ পুলি ৰোপণ কৰে। ডেৰশ বগৰীৰ পুলি ৰোপণ কৰি পৰিচৰ্যা কৰোতে তেওঁৰ প্ৰায় বাৰ হাজাৰ টকা খৰচ হয়। গছপুলি ৰোপণ কৰাৰ ৭ মাহৰ পাছতে তেওঁ এই উন্নত জাতৰ বগৰী উৎপাদন কৰিব লৈ সক্ষম হয়।

উৎপাদিত বগৰী তেওঁ প্ৰতি কিলোগ্ৰামত আশী টকাকৈ বিক্ৰী কৰি ত্ৰিশৰ পৰা চল্লিশ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। এইবেলি উৎপাদন প্ৰায় দুগুণ বৃদ্ধি পোৱা বুলি কৃষক গৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে যোৱা প্ৰায় ২০ দিন ধৰি অকণ ৰায়ে দুধনৈ দৈনিক বজাৰত বিক্ৰী কৰি আছে সুস্বাদু বগৰী। প্ৰতিদিনে ৩০-৪০ কিলোগ্ৰাম বগৰী বজাৰত বিক্ৰী কৰি খেতিয়ক গৰাকীৰ মুখত হাঁহি বিৰিঙিছে।

আৰম্ভণিতে প্ৰতি কিলোগ্ৰাম বগৰী ৮০ টকা দৰত বিক্ৰী কৰিছিল যদিও বৰ্তমান ৫০-৬০ টকা মূল্যত বিক্ৰী কৰি আছে বুলি জানিবলৈ। তেওঁ আৰু অধিক ভূমিত বগৰী খেতি কৰাৰ পৰিকল্পনা কৰিছে। লগতে নিবনুৱা যুৱকসকলক এই লাভ জনক বগৰী খেতি কৰি নিজকে স্বাৱলম্বী কৰি তুলিবৰ বাবে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.