Breaking

অসম আৰক্ষীত ব্যাপক ৰদবদল ! বহু শীৰ্ষ বিষয়াক বদলি…

0 136

অসম আৰক্ষীত ব্যাপক ৰদবদল, বহু শীৰ্ষ বিষয়াক বদলি

অসম আৰক্ষীত ব্যাপক ৰদবদল কৰা হৈছে৷ অসম আৰক্ষীৰ দ্বিতীয় আৰু তৃতীয় বৰ্গৰ বিষয়াক বদলি কৰাৰ নিৰ্দেশ দিয়া হৈছে৷ ১৮ গৰাকীকৈ পৰিদৰ্শক পৰ্যায়ৰ বিষয়াক ৰদবদল কৰা হৈছে৷ একেদৰে ১০২ গৰাকীকৈ উপ-পৰিদৰ্শককো বদলি কৰা হৈছে৷ ৰাজ্যৰ প্ৰায় বহু কেইখন থানাৰ বিষয়াক বদলি কৰাৰ নিৰ্দেশ দিয়া হৈছে ৷১৮ গৰাকীকৈ সশস্ত্ৰ শাখাৰ পৰিদৰ্শককো বদলি কৰা হৈছে৷ সশস্ত্ৰ শাখাৰ ৪৪ গৰাকী উপ-পৰিদৰ্শককো বদলিৰ নিৰ্দেশ দিয়া হৈছে৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সদৰি কৰিছে এই নিৰ্দেশনাৰ কথা৷ উল্লেখ্য দুদিন পূৰ্বে দেশৰ নিৰ্বাচন আয়োগে প্ৰেৰণ কৰিছিল চৰকাৰী বিষয়াৰ বদলিৰ এক নিৰ্দেশনা ৷

তাৰেই ভিত্তিত এই ৰদবদল কৰা হৈছে বুলি ধাৰণা কৰা হৈছে৷ প্ৰশাসনিক দক্ষতা উন্নত কৰা আৰু ৰাজহুৱা সেৱা বৃদ্ধি কৰাৰ লক্ষ্যৰে অসম আৰক্ষী বিভাগৰ ভিতৰত এক গুৰুত্বপূৰ্ণ পুনৰ্গঠন কৰা হৈছে বুলি ধৰাণা কৰা হৈছে। ৰাজহুৱা সেৱাৰ স্বাৰ্থত, এপিএছ নিৰ্মস ঘোষ, দ্বিতীয়-ইন-কমাণ্ড, ১১ এপিবিএন, দেৰগাঁও, গোলাঘাটক বদলি কৰা হৈছে আৰু বৰ্তমানৰ খালী পদৰ বিপৰীতে তেওঁক দায়িত্ব গ্ৰহণ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাজহুৱা সেৱাৰ স্বাৰ্থত, জেমছ এ. চংগেট, এ.পি.এছ. , সহকাৰী কমাণ্ডেণ্ট, প্ৰথম এ.পি.বি.এন.ক চৰাইদেউৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) হিচাবে নিযুক্তি দিয়া হৈছে৷ এপিএছ পাৰ্থ প্ৰতীম দুৱৰাক , মহকুমা আৰক্ষী বিষয়া, পৰ্বতঝোৰা, কোকৰাঝাৰক বদলি কৰা হৈছে আৰু লক্ষীপুৰ, কাচাৰৰ মহকুমা আৰক্ষী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। এপিএছ ডিপুল কুমাৰ বড়োক গুৱাহাটীৰ চান্দমাৰীৰ সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। মৃণাল কুমাৰ দাসক, এ.পি.এছ., উপ আৰক্ষী অধীক্ষক, চৰাইদেউৰ উপ আৰক্ষী অধীক্ষক (নিৰাপত্তা) হিচাপে নিযুক্তি দিয়া হৈছে৷

Leave A Reply

Your email address will not be published.