Breaking

পৰ্যটকৰ বাবে ভাল খবৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ’ল “ওৰাং ইকো কেম্প”…

0 66

নাহৰৰ পদুলী অতিক্ৰম কৰাৰ লগে লগেই বনৰীয়া জীৱ-জন্তু আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান। উদ্যান খনৰ প্ৰতি টো গছ-গছনী বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকতিয়ে যেন হাত বাওল দি মাতিছে পৰ্যটক সকলক। তেনে ক্ষেত্ৰত পৰ্যটক সকলকৰ বহু দিনৰ এক সমস্যা সমাধান হ’ল। ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মুকলি হ’ল ওৰাং ইকো কেম্প।মংগলদৈ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱা আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনাঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰীৰ উপস্থিতিত ৰঙা ফিটা কাটি দ্বাৰ মুকলি আৰু শুভ উদ্বোধন কৰা হ’ল ওৰাং ইকো কেম্পৰ।পৰ্যটকৰ মন আকৰ্ষণ কৰিব পৰাকৈ বৰ আটকধুনীয়াকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সভাগৃহৰ কাহত বনোৱা হৈছে ওৰাং ইকো কেম্প ।যত আছে নৈশ যাপন,খোৱা-লোৱাৰ পৰা আৰম্ভ কৰি আছে বিভিন্ন প্ৰকাৰৰ সুবিধা। ওৰাং ইকো কেম্পত আছে অত্যাধুনিক ছয় খন তাম্বো টৈণ্ড।প্ৰতিখন টেণ্ডত আছে অত্যাধুনিক আচবাব,দুখন বিছনা,শৌচাগাৰ, আৰু স্নানাগাৰ।ওৰাং ইকো কেম্পৰ দায়িত্বত থকা কমল সৈন্যসী পৰা জানিব পৰা গৈছে যে পৰ্যটক সকলে ওৰাং ইকো কেম্পত নৈশ যাপনৰ বাবে মাচুল হিচাপে দিব লাগিব ১৫০০/টকা যত
ৰাতিপুৱাৰ আহাৰ সংলগ্ন থাকিব। ইয়াৰ বাহিৰে পৰ্যটক সকলে নিজৰ ইচ্ছা অনুসৰি আহাৰৰ যোগান ধৰা হ’ব মাত্ৰ দিব লাগিব মাচুল।

শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বহু বনকৰ্মী,স্থানীয় মান্য গন্য ব্যক্তি,শিলবৰীৰ বহু উদীয়মান যুৱক। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মংগলদৈ বন্যপ্ৰাণী সংমণ্ডল প্ৰাধিকাৰী বিষয়া প্ৰদীপ্ত বৰুৱাই মন্তব্য কৰে যে ওৰাং ইকো কেম্পে পৰ্যটক সকলৰ বহু দিনৰ সমস্যা এটা সমাধান কৰিছে যাৰ ফলস্বৰুপে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব।

Leave A Reply

Your email address will not be published.