বিভিন্ন ফুলৰ ঔষধি গুণসমূহৰ বিষয়ে জানক…
তগৰ ফুল
- পুৰণি ঘাঁ অথবা বিষ ফোহাত তগৰ ফুল বটি লেপ দিব লাগে।
- ভয় ভয় ভাৱ হৈ থাকিলে বা মানসিক অশান্তিত তগৰ ফুলৰ চূৰ্ণ এচিকূট পুৱা গধুলি মৌৰে খাব লাগে।
- মৃগী ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে মিলাই এমাহ খাব লাগে।
- হিষ্টিৰিয়া ৰোগত তগৰ ফুল পিহি ঠাণ্ডা পানীৰে এমাহ খাব লাগে। অথবা তগৰ ফুলৰ চূৰ্ণ মৌৰে খাবও পাৰি।
চম্পা ফুল
- ভৰিত খৰ হ’লে চম্পা ফুল বটি লগাই দিব লাগে।
- ফোঁহা ওলালে শিপাৰ ছাল বটি দৈৰে মিলাই লগাই দিব লাগে।
- গাঁঠি বিষত চম্পা ফুলৰ তেলেৰে মালিচ কৰিব লাগে।
- পেট বিষত পাতৰ ৰস মৌৰে খালে বিষ ভাল হয়। চাৰি চামুচকৈ দুবাৰ খাব লাগে।
- শৌচ কচা হ’লে শিপা থেটেলিয়াই পানীত উতলাই সেই পানী খালে শৌচ খোলোচা হয়।
গোলাপ ফুল
- নাকশিৰা ৰোগত নাকেৰে তেজ ওলালে গোলাপ জলত ২০ টা কিচমিচ মিলাই খালে তেজ পৰা বন্ধ হয়।
- ওঁঠ ফটা বা ক’লা পৰিলে গোলাপৰ পাহি পিহি তাত গ্লিচাৰিন মিলাই ৩/৪ বাৰকৈ ওঁঠত লগাব লাগে।
- মুখৰ ভিতৰত ছাল ছিগা ৰোগত গোলাপ ফুলৰ ক্বাথেৰে মুখ কুলকুলিয়াব লাগে।
- কানৰ বিষ হ’লে গোলাপ ফুলৰ ৰস ছেকি কানত দিলে ভাল হয়।
- চকুৰ অসুখ হ’লে বা চকুৰ জ্যোতি বঢ়াবলৈ গোলাপ ফুলৰ ৰস ২ টোপ পুৱা সন্ধ্যা চকুৰ কোণত দিব লাগে।
- শৰীৰৰ দুৰ্গন্ধ বা দুৰ্গন্ধযুক্ত ঘাম ওলালে ১ বাল্টি পানীত ১০ গ্ৰাম গোলাপ ফুল আৰু এটা নেমু চেপি সেই পানীৰে গা ধুব লাগে।
- ৰাতি টোপনী নহা অনিদ্ৰা ৰোগত পানীত গোলাপ জল মিলাই গা ধুব লাগে আৰু গাৰুত গোলাপৰ সুগন্ধি(পাৰফিউম) ছটিয়াই শুব লাগে।
- গৰমৰ বাবে হাত ভৰিৰ তলুৱা জ্বলা পোৰা কৰিলে গোলাপ ফুলৰ চৰবৎ বনাই খাব লাগে আৰু গোলাপ জলত চন্দন গুৰি মিহলাই হাত ভৰিৰ তলুৱাত লেপ দিব লাগে।
- দাঁতেৰে তেজ পূঁজ ওলোৱা, মুখেৰে দুৰ্গন্ধ ওলোৱা ৰোগত গুলপীয়া ৰঙৰ গোলাপৰ পাহি মুখেৰে চোবাই থাকিব লাগে।
- যকৃৎ/লিভাৰৰ দোষত বিষ হ’লে বুকুৰ ওপৰত গোলাপ ফুল বটি ভৰণ দিব লাগে।
- শৌচ কঠিন হ’লে গোলাপ ফুলৰ ৰস খালে খোলা হয়।
- বমি হ’লে গোলাপৰ কলিৰ চৰবৎ বনাই খাব লাগে।
পদুম ফুল
- মূৰত গৰম উঠিলে পদুমৰ শিপা নাৰিকল তেলত উতলাই ঠাণ্ডা হ’লে মূৰত সানিব লাগে।
- হৃদয় আৰু মস্তিষ্ক শক্তিশালী কৰিবলৈ হ’লে শিপাৰ চূৰ্ণ এচামুচকৈ মিচিৰি মিলাই খাব লাগে।
- মুখৰ সৌন্দৰ্য বৃদ্ধি কৰবলৈ সদায় ৰাতি শুৱাৰ আগত পদুমৰ পাহি মিহিকৈ পিহি মুখমণ্ডলত মলমৰ দৰে সানি থ’ব লাগে।
- বমি হ’লে পদুমৰ গুটিৰ ৰস খালে বন্ধ হয়।
- হিক্কাত পদুমৰ গুটিৰ ৰস গৰম কৰি খাব লাগে।
- পদুমৰ পাতৰ চাহ খালে বহুত বেমাৰৰ পৰা হাত সাৰিব পাৰি। যেনে:- নিম্ন ৰক্তচাপ, গেচ, এচিডিটি, লিভাৰৰ সমস্যা আদি। লিভাৰ শক্তিশালী আৰু সুৰক্ষিত কৰে।
অপৰাজিতাৰ গুণ
- নীলা অপৰাজিতাৰ শিপাৰ চূৰ্ণ শুঙিলে সূৰুয কপালী ৰোগ আৰোগ্য হয়।
- পেছাবত তেজ ওলালে বগা অপৰাজিতাৰ শিপা মিহিকৈ বটি দুচামোচ আধাকাপ পানীত গুলি খাব লাগে।
- পেছাব অতি কমকৈ হ’লে বা বন্ধ হৈ গ’লে বগা অপৰাজিতাৰ শিপাৰ ৰস তিনি চামোচ দুবাৰকৈ খাব লাগে।
- কটা ছিঙাত পাত মিহিকৈ বটি লেপ দিব লাগে।
- কুকুৰে কামোৰিলে বগা অপৰাজিতাৰ শিপা ডেৰ ইঞ্চিমান পকা কলৰ ভিতৰত সুমুৱাই খালে খুউব পেছাব হয়। পেছাৱত বিষবোৰ ওলায়। পিছত গাখীৰত মিচিৰি গুলি খালে পেছাব নিয়মিয়া হয়।
- গলৰ ভিতৰত ঘাঁ হ’লে বগা অপৰাজিতা গৰু গাখীৰৰ ঘিঁত ভাজি খাব লাগে। লগতে শিপাৰ ৰস আধা চামোচকৈ খাব লাগে।
- চুলি পকিলে নীলা অপৰাজিতাৰ ৰস এড়ী তেলত মিলাই চুলিত সানিলে পকা ভাল হয়।
- ধৱল কুষ্ঠ ৰোগত গাঢ় নীলা অপৰাজিতাৰ ফুল আৰু আঁহতৰ শিপা মিহিকৈ বটি লেপ দিব লাগে।।
- গৰমত খুউব ঘাম ওলালে আৰু বহুত বেয়া দুৰ্গোন্ধ ওলালে অপৰাজিতাৰ পাতৰ ৰস আৰু আদাৰ ৰস দুচামোচকৈ মিলাই কিছুদিন খাব লাগে।
- পেটত পানী জমা হৈ পেট ঢোলপেটীয়া হ’লে অপৰাজিতাৰ শিপাৰ ছাল বটি এচামোচকৈ খালে পেছাবেৰে পানী বাহিৰ হৈ যায়।
- অপৰাজিতাৰ শিপাৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়।
নাৰ্জী ফুল
- কাণ বিষালে নাৰ্জী ফুলৰ পাতৰ ৰস তিনি টোপাল কাণত দিলে বিষ কমে।
- চকু বিষালে পাত বটি চকুৰ পতাৰ ওপৰত ভৰণ দিব লাগে।
- দাঁত বিষালে পাত পানীত উতলাই সেই পানীৰে মুখ কুলকুলিয়াব লাগে।
- পেছাব বন্ধ হ’লে পাতৰ ৰসত মিচিৰি মিলাই দিনত তিনিবাৰ খালে পেছাব খোলে।
- হাত ভৰি ফাটিলে পাতৰ ৰস অলপ ভেচলিনৰ লগত দিনে তিনিবাৰকৈ সানিব লাগে।
- খৰ হ’লে ফুলৰ ৰস সানিব লাগে।
- মোচোকা খালে আৰু ফুলি উঠিলে পাত ফুল শিপা বটি লেপ দিব লাগে।