Breaking

নেমুপানীৰ ভাল গুণ বেয়া গুণ জানক…

0 72

নেমু (lemon) বুলিলে গোলনেমু আৰু কাজিনেমুকে বুজা হয় ; যি আমাৰ দৈনিক আহাৰৰ অতি ৰুচীকাৰক তথা নানা ৰোগনাশক পাৰ্শ্বক্ৰিয়াহীন অপৰিহাৰ্য্য ঔষধী ফল। গোলনেমুৰ গুণাগুণ কাজিনেমুতকৈ কিছু অধিক যদিও দুয়োবিধ নেমুতে থকা নিম্নলিখিত পৌষ্টিক উপাদানে ৰোগী বা নিৰোগী সকলো লোকৰে দেহৰ সুৰক্ষা দি অহিছে।

নেমুটেঙাত আছে –

  • প্ৰটিন,
  • কেলচিয়াম,
  • পটেচিয়াম,
  • মেগনেচিয়াম,
  • আইৰন,
  • ফচফৰাচ,
  • কাৰ্বোহাইড্ৰেট,
  • চাইট্ৰিক এচিড,
  • এস্কাৰ্বিক এচিড,
  • পেক্টিন,
  • লিমোনিন,
  • আহজাতীয় পদাৰ্থৰ লগতে
  • ভিটামিন এ,
  • ভিটামিন চি,
  • ভিটামিন বি কম্ প্লেক্স আদি ।

নেমুটেঙাৰ ব্যৱহাৰ –

নেমুটেঙা বিভিন্ন ৰোগৰ বাহ্যিক বা আভ্যন্তৰীন খোৱা দৰৱ হিচাৱে বা ৰুচীবোধৰ বাবে আহাৰৰ লগত, গৰমত চৰৱত হিচাৱে বা কেচা নেমু নিমখ মিলাই খোৱা দেখা যায়।

অন্যান্য সকলো ফলৰ তুলনাত পাৰ্শ্বক্ৰিয়া নিচেই কম যদিও ইয়াৰ ব্যৱহাৰৰ মাত্ৰা,বিধি অনুসৰি গুণাগুণৰ তাৰতম্য হয় ।

স্বাস্থ্যসন্মত মাত্ৰা ও সেৱন বিধি:

এজন লোকৰ বাবে দৈনিক ১ৰ পৰা ৫ চাহ চামুচ নেমুৰস (বয়স অনুসৰি) খোৱা উচিত । প্ৰধান আহাৰৰ লগত বা এগিলাচ কুহুমীয়া গৰম পানীত ২ চামুচ নেমুৰস, ২ চামুচ মৌ নাইবা আন্দাজমতে নিমখ মিহলাই খোৱাতো ভাল । (দিনত ২বাৰৰ অধিক নাখাব)

গুণাগুণ:

ৰাতিপুৱা খালিপেটত কুহুমীয়া গৰম পানীত নেমু মিহলাই ওপৰত কোৱা মাত্ৰাত খালে:

  • পেট পৰিস্কাৰ হয়, শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ হয়, কৌষ্ঠকাঠিন্য আৰু ইয়াৰ পৰা হব পৰা ৰোগ আৰোগ্য হয়।
  • পাচন তন্ত্ৰ সবল হয় , হজম শক্তি বাঢ়ে, যকৃতৰ পৰা হব পৰা ৰোগ, শ্বাস জনীত ৰোগ দুৰ হয়।
  • নিয়মিত সেৱনত হৃদযন্ত্ৰ সবল হয়,তেজ পৰিস্কাৰ হয়, ৰক্তদোষ, বাতদোষ , স্নায়ুদোষ, গাথি বিষ আৰু ইউৰিক এচিডৰ সমস্যা দুৰ হয় বাত, পিত্ত, কফজনীত নানা ৰোগ উপসম হয়।
  • উচ্চ ৰক্তচ্চাপ নিয়ন্ত্ৰন হয়।
  • প্ৰতিদিনে খালিপেটত এগিলাচ নেমু পানী খালে মেদবহুলতা দুৰ কৰে আৰু দেহৰ ওজন স্বাভাৱিক হয় ।

নেমুৱে অধিক ভোজনপ্ৰিয় লোকৰ ভোক কমায়।

  • সঠিক মাত্ৰা আৰু নিয়মিত সেৱনত এচিডিতিৰ সমস্যা দুৰ হয়। (বুকু জলাপোৰা বা গেষ্ট্ৰিক আলচাৰ ৰোগীয়ে অধিক মাত্ৰাত সেৱন নকৰিব)।
  • চালৰ সৌন্দৰ্য আৰু সুৰক্ষাৰ বাবে নেমু উত্তম পানীয়। চাল মসৃন হয়, বাৰ্ধক্যৰ চাপ নপৰে, কটা ঘা, ফোহা আদি সোনকালে শুকায়। সংক্ৰমনজনীত ৰোগ আৰোগ্য হয়।
  • ৰাতিপুৱা মৌ আৰু নেমুপানী খোৱাৰ লগতে কুলুকুলু কৰিলে মুখৰ গোন্ধ দুৰ হয়। মুত্ৰকৃচ্ছ ,মুত্ৰ জলাপোৰা আদি প্ৰস্ৰাৱৰ বিকাৰ দুৰ হয়।
  • ৰাতিপুৱা এগিলাচ নেমুপানী খালে দিনটোৰ বাবে শৰীৰত ক্লান্তি-অবসাদ দুৰ হৈ গা পাতল লাগে। গৰমত দেহৰ শীতলতা আনে।
  • প্ৰধান আহাৰৰ লগত নেমু খালেপাচন যন্ত্ৰ বা হজম ক্ৰিয়া অতি সৱল হয়। খোৱাৰ ৰুচী বৃদ্ধি হয়।
  • ৰাতিপুৱা যোগাসন বা ব্যায়াম কৰাৰ আগতে নেমু পানী খোৱা উত্তম ফলপ্ৰদ বিধি।
  • সামগ্ৰীক ফালৰ পৰা নেমু পানী সুস্থ্য অসুস্থ্য সকলো ব্যক্তিৰ বাবে ৰোগ প্ৰতিৰোধক, জীৱানু নাশক আৰু দেহ প্ৰতিৰক্ষা প্ৰনালী(Immune system) মজবুত কৰে। দেহৰ ৰোগ উপসম হোৱাত সহায় কৰে।

পিছে নেমুৰ বেয়া গুণখিনিও জানি থওক:

আচলতে নেমুৱে আমাৰ শৰীৰত অপকাৰ নকৰে যদিও অধিক মাত্ৰাত কেতিয়াও নাখাব।

  • অধিক সেৱনত আপোনাৰ শৰীৰত অম্লৰ মাত্ৰা (এচিডিতি) বাঢ়িব পাৰে।
  • অধিক মাত্ৰাত খোলা শৌচ/প্ৰস্ৰাৱ হৈ দেহৰ হানি কৰিব পাৰে।
  • খালি পেটত নেমু চোবাই নাখাব ।যথোচিত কু: গৰমপানী মিহলাইহে খাব। কাৰণ ঠাণ্ডা পানী পেটত জীন যাবলৈ বহুত সময় লাগে।
  • দাঁত সিৰসিৰালে নেমুপানী খাই মুখ ধুব বা ষ্ট্ৰ পাইপেৰে খাব।
  • নেমু পানী খাই কোনো ৰোগীয়ে পাৰ্শ্বক্ৰিয়া অনুভৱ কৰিলে নাখাব বা চিকিৎসাধীন ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লৈহে নেমুপানী খাব।

কিডনী বা পিত্ত থলিত হোৱা পাথৰ ৰোগীয়ে অধিক মাত্ৰাত নেমু নাখাব।
ঠান্ডা পানীতকৈ কুহুমীয়া গৰম পানীত নেমু ৰস মিহলাই (চৰৱত)খোৱা বেচি গুনকাৰী।

বন্ধুসকল ওপৰত কোৱামতে নেমু পানী ব্যৱহাৰ কৰি উপকৃত হলে নিশ্চয় জনাব। পিছে ঠান্ডা পানীৰ পৰিৱৰ্তে কুহুমীয়া গৰম পানীহে খাব। মনত ৰাখিব কোলড ড্ৰিঙ্ক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

লেখক: শ্ৰী যতীন দাস

Leave A Reply

Your email address will not be published.