Breaking

হাঁহচৰা লাটুম গাঁৱত দ্বিতীয় লাটুম বৰুৱা বংশাৱলী-২০২৪ ৰ লাইখুঁটা স্থাপন…

0 33

তাই আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মহান চাওলুং ছ্যুকাফাৰ অতি বিশ্বাসী সহচৰ লুক্‌-খা-খুনসকলৰ মাজতেই অংকুৰিত লাটুমৰ তেজ। দেশ জাতিৰ দুৰ্দিনত তাই আহোম সাহসী,দেশপ্ৰেমিক যুদ্ধাই লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ নেতৃত্বত বিখ্যাত শৰাইঘাট যুদ্ধত,জীৱন পণ কৰিছিল। পূৰ্বপুৰুষ লাটুম বৰুৱাই ৰাঙলী বুৰুজ আৰু পাৰঘোপৰ মাজত ৩৬০জন চৰবছাৰ সৈতে কামাখ্যা মন্দিৰলৈ যোৱা বাটৰ পশ্চিমৰ পৰা দুৱাৰ গৰিলালৈকে থকা পালি যুদ্ধক্ষেত্ৰৰ সেনাপতিত্ব কৰিছিল।

লাটুম বৰুৱাৰ পুৰণি ঐতিহ্য আৰু কীৰ্তিচিহ্ন বিজৰিত শিৱসাগৰৰ হাঁহচৰা লাটুম গাঁৱত অহা ৩০মাৰ্চ তাৰিখে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে দ্বিতীয় লাটুম বৰুৱা বংশাৱলী। এই দ্বিতীয় লাটুম বৰুৱা বংশাৱলীৰ লাইখুঁটা স্থাপন কৰা হয় শিৱসাগৰৰ হাঁহচৰা লাটুম গাঁঁৱত। দ্বিতীয় লাটুম বৰুৱা বংশাৱলীৰ লাইখুঁটা স্থাপন কাৰ্য্যসূচীত লাটুম বৰুৱা বংশৰ প্ৰতিগৰাকী বংশৰ লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.