ঠিকাদাৰৰ বিৰূদ্ধে ধেমাজিৰ গাই নদীৰ নামনি অংশত ১১ কোটি টকা পুঁজিৰে নিৰ্মাণৰত মথাউৰি সম্প্ৰসাৰণৰ নামত ব্যাপক বিসংগতি-অনিয়মৰ অভিযোগ উত্থাপন কৰিছে এজেৱাইচিপি-ৰাইজে
বৃহত্তৰ চিচিবৰগাঁও বাসীৰ ৰক্ষা কৱচস্বৰূপ গাইনদীৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম আৰু বিসংগতিপূৰ্ণ ভাৱে মথাউৰি নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ৰাইজে।ঠিকাদাৰে পূৰ্বৰে পৰা থকা জাবৰ জোঁথৰৰ ওপৰত গধূৰ যন্ত্ৰৰে জধে মধে মাটি পেলাই তেলেই পালমৰা কামেৰে ৰাজকোষৰ ধন লুণ্ঠনৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপিত হৈছে।তদুপৰি মথাউৰি নিৰ্মাণত ব্যৱহাৰ কৰিছে গাইনদীৰ বালি। কেৱল গাই নদীৰ বালিৰে নিৰ্মিত মথাউৰিৰ দ্বাৰা সুৰক্ষিত নহ’ব নৈপৰীয়া ৰাইজৰ জীৱন সম্পত্তি।
উল্লেখ্য যে ধেমাজিৰ গাই নদীৰ নামনি অংশত মথাউৰি নথকা বাবে বিগত চাৰিটা দশক ধৰি প্ৰতি বাৰিষাত গাই নদীয়ে সৃষ্টি কৰি অহা ধাৰাবাহিক বানত অঞ্চলটোৰ ৰাইজে দিক বিদিক হেৰুৱাব লগীয়া হৈছে। গাই নদীৰ নামনি অংশত মথাউৰি নথকা বাবে প্ৰতি বাৰিষাত গাই নদীৰ বাঢ়নী পানীয়ে যেনি-তেনি গতি কৰাৰ ফলত নামনি অংশত প্ৰতি বছৰে বিস্তৰ ক্ষতি কৰি আহিছে। ৰাইজৰ আবেদন-নিবেদন, দাবী, সংগঠনৰ আন্দোলনৰ ফলত শেহতীয়াকৈ চৰকাৰে ৰাজকোষৰ প্ৰায় ১১ কোটি টকা ব্যয়ৰে গাই নদীৰ নামনি অংশৰ বাওঁ দিশৰ মথাউৰিটো নিৰ্মাণ কৰিবলৈ প্ৰস্তুতি চলাইছে যদিও মথাউৰিটো সম্পূৰ্ণ বেঁকা কৰি নিৰ্মাণ কৰিবলৈ লোৱাৰ ফলত কিছু বিসংগতিপূৰ্ণ দেখা গৈছে।
ঠিকাদাৰ গংগা পেগুৱে নিৰ্মাণ কৰা আঁচনিখন কোনোপধ্য সঠিকভাৱে ৰূপায়ণ হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। তেনেই নিম্নমানৰ কামেৰে কোটি কোটি টকা লুণ্ঠনৰ লক্ষ্য কৰিছে ঠিকাদাৰে। ৰাইজৰ জীৱন সম্পত্তিৰ সুৰক্ষা জড়িত নিৰ্মাণকাৰ্য্যত গাফিলতি যুৱ ছাত্ৰই সহ্য নকৰে আৰু ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰকেন্দ্ৰীয় যুটীয়া সম্পাদক বিষ্ণু শৰ্মাই সকীয়াই দিয়ে।