Breaking

আন্তৰ্জাতিক প্ৰতিযোগিতাত পদক জয়ী ভাৰতীয় শ্বাটলাৰক ফেডাৰেছনৰ আৰ্থিক পুৰস্কাৰ

0 32

অসমৰ অস্মিতা-বৰ্ণিলেও লাভ কৰিলে সন্মান

নতুন দিল্লী, 7 মাৰ্চ ঃ ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনে এছিয়ান গেমছ, বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপ আৰু বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপকে ধৰি বৃহৎ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ বাবে খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীসকলক ১.১২ কোটি টকা আৰ্থিক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে৷ সেই অনুসৰি যোৱা মাহত ঐতিহাসিক বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপৰ চেম্পিয়নৰ মুকুট লাভ কৰা মহিলা দলটোৱে লাভ কৰিব ৩৫ লাখ টকা৷ এই দলত আছিল অসম কন্যা অস্মিতা চহিলাও৷ ইফালে, ২০২২ এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী পুৰুষৰ ডাবলছ যুটি সাতৱিকছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীক ১২ লাখ টকা, ২০২২ এছিয়ান গেমছৰ পুৰুষৰ একক শাখাৰ ব্ৰঞ্জৰ পদক বিজয়ী এইচ এছ প্ৰনয়ক পাঁচ লাখ টকা দিয়াৰ বিপৰীতে ২০২২ চনৰ এছিয়ান গেমছত প্ৰথমবাৰৰ বাবে ৰূপৰ পদক লাভ কৰা পুৰুষ দলটোৱে ৪০ লাখ টকাৰ পুৰস্কাৰ লাভ কৰিব৷

ইফালে, ২০২৩ চনৰ বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী আয়ুষ শেট্টীক এক লাখ টকা, বেডমিণ্টন এছিয়া জুনিয়ৰৰ ল’ৰাৰ একক চেম্পিয়ন অসম সন্তান বৰ্ণিল আকাশ চাংমাইক দুই লাখ টকা, ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ এককৰ ৰূপৰ পদক বিজয়ী তনৱী শৰ্মাক এক লাখ টকা আৰু ১৫ বছৰ অনুৰ্ধ ল’ৰাৰ এককত ব্ৰঞ্জৰ পদক বিজয়ী জগশ্বেৰ সিং খাংগুৰাক ৫০ হাজাৰ টকা দিয়া হ’ব৷ ইফালে, ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনে ১৬ মাৰ্চৰ পৰা হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত হ’বলগীয়া যোনেক্স-ছানৰাইজ ইণ্ডিয়ান মাষ্টাৰ্ছ ৰাষ্ট্ৰীয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ বাবেও ১৮ লাখ টকা প্ৰাইজমনি দিয়াৰ সিদ্ধান্ত লৈছে৷ ইফালে, বিএটিচিত মহিলা দল আৰু এছিয়ান গেমছৰ পুৰুষ দলৰ সৈতে যোৱা সহায়ক কৰ্মচাৰীসকলেও আঠ লাখ টকাকৈ লাভ কৰিব৷

Leave A Reply

Your email address will not be published.