“গোপন কাৰ বাবে” শীৰ্ষক নাটৰ সফল মঞ্চস্থ

জাতীয় শ্বহীদ নাট্যশিল্পী বন্ধুৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ বিগত ২৩বছৰে ধাৰাবাহিক ভাৱে একক প্ৰচেষ্টাৰে নিজে নাটক ৰচনা আৰু পৰিচালনা কৰি দৃষ্টান্ত দেখুওৱা তেজপুৰৰ কৰুণা শইকীয়াই কালি নিশা জাতীয় শ্বহীদ ভূপেন ডেকাৰ সোঁৱৰণত নিজে ৰচনা আৰু পৰিচালনা কৰা “গোপন কাৰ বাবে” শীৰ্ষক সামাজিক নাটকেৰে ২৪ সংখ্যক নাট সফলতাৰে মঞ্চস্থ কৰে। উল্লেখ্য যে, অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামীডাঠ যোদ্ধা ভূপেন ডেকাক স্মৰণ কৰি কৰুণা শইকীয়া সভাপতি হিচাপে থকা তেজপুৰৰ “নাট্যশ্ৰী” ৰ দ্বাৰা কালিও সহস্ৰাধিক দৰ্শকৰ উপস্থিতিত নিবেদন হয় নাটকখন।


তেতিয়া অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ভৰপক সময়। জুয়ে পোৰা ৮৩ ৰ ২০ মাৰ্চৰ দিনটোত দুস্কৃতিকাৰীৰ হাতত জীৱন নিৰ্বাপিত হৈছিল অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ তেজপুৰৰ খামীডাঠ যোদ্ধা তথা প্ৰতিভাশালী মঞ্চাভিনেতা ভূপেন ডেকাৰ ।সেইগৰাকী জাতীয় শ্বহীদ ভূপেন ডেকাৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ জাতীয় শ্বহীদ গৰাকীৰ অন্যতম বন্ধু, নাট্যকাৰ – পৰিচালক কৰুণা শইকীয়াই অতি দৃষ্টান্তমূলক ভাৱে প্ৰকৃত বন্ধুত্বৰ চানেকি ৰাখি ৰাখি শ্বহীদ হোৱাৰ পিছৰ বৰ্ষৰ পৰাই ২০ ডিচেম্বৰৰ দিনটোত একপ্ৰকাৰ সম্পূৰ্ণ একক প্ৰচেষ্টাৰে নিজৰ কষ্টোপাৰ্জিত ধনেৰে ধাৰাবাহিক ভাৱে একোখনকৈ নাটক নিজে ৰচনা আৰু পৰিচালনাৰে নিজে জড়িত থকা “নাট্যশ্ৰী” শীৰ্ষক নাট্যানুষ্ঠানটিৰ জৰিয়তে মঞ্চস্থ কৰি স্মৃতিচাৰণ কৰি আহিছে। কালি নিশা জাতীয় শ্বহীদ ভূপেন ডেকাৰ ৪২ সংখ্যক স্মৃতিদিৱস আৰু নাট মঞ্চস্থৰ লগতে “নাট্যশ্ৰী” য়ে ৮৮ সংখ্যক নাট নিবেদন কৰে।


তেজপুৰৰ মাজগাঁও শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠানৰ প্ৰেক্ষাগৃহত দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা নাটকখনৰ মুখ্য চৰিত্ৰ ডা০ বিনয় বৰুৱাৰ চৰিত্ৰত কৰুণা শইকীয়াই নিজে অভিনয় কৰাৰ লগতে আন এটি অন্যতম মুখ্য চৰিত্ৰ ব্যৱসায়ী দেৱ দত্ত চৌধুৰীৰ চৰিত্ৰত ভূপেন ডেকাৰ আন এগৰাকী সতীৰ্থ, প্ৰাক্তন ছাত্ৰ নেতা তথা বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰাই মনপৰশা অভিনয় কৰাৰ লগতে বাপধনৰ চৰিত্ৰত তেজপুৰৰ দক্ষ অভিনেতা অচ্যুত শৰ্মা, ভদ্ৰেশ্বৰৰ চৰিত্ৰত বাপুকণ বৈশ্য, বাপুটিৰ চৰিত্ৰত দীপক শৰ্মা, সৰু ৰিকুৰ চৰিত্ৰত শিশু কুনাল শইকীয়া আৰু ডাঙৰ ৰিকুৰ চৰিত্ৰত তেজপুৰৰ উদীয়মান বিপ্লৱ শৰ্মাই সাৱলীল অভিনয় কৰি দৰ্শকক আপ্লুত কৰাৰ উপৰি নাটকখনৰ আন আন চৰিত্ৰসমূহতো তেজপুৰৰ নিয়মীয়া শিল্পী অজিৎ চক্ৰৱৰ্তী, ৰঞ্জু শইকীয়া, ৰত্নেশ্বৰ বৰা, ড০ ধৰ্মেন্দ্ৰ কুমাৰ শৰ্মা আৰু পিনাক প্ৰিয়ম বৰুৱাই ক্ৰুটিহীন অভিনয় কৰে ।আনহাতে কৰুণা শইকীয়াৰ মঞ্চসজ্জা, মৃদুল কুমাৰ দাসৰ সংগীত, চন্দ্ৰিকা শইকীয়াৰ নৃত্য পৰিচালনা, কুলেন বৰাৰ ৰূপসজ্জা, কুৰংগ নয়ন শইকীয়াৰ আলোক নিৰ্দেশনা, বলেন বৰাৰ শব্দৰে সামগ্ৰীক সফলতা লাভ কৰা নাটকখনৰ মহিলা চৰিত্ৰ সমূহত তেজপুৰৰ বিশিষ্ট সমাজকৰ্মী মণিমালা শইকীয়া, ৰেখা বৰুৱা আৰু নৱাগতা ডিম্পী শইকীয়াই প্ৰাণস্পৰ্শী অভিনয় কৰে ।

উল্লেখ্য যে, নাট মঞ্চস্থৰ পূৰ্বে বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা আৰু বিশিষ্ট অভিনেতা তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই জাতীয় শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়া, জাতীয় শ্বহীদ গৰাকীৰ সতীৰ্থ যশস্কৰ বৰুৱা, যোগেন পটংগীয়া, দীপক বৰুৱা, শংকৰ মন্দিৰ অনুষ্ঠানৰ সভাপতি তোলন ভূঞা, বিশিষ্ট বুৰঞ্জী লেখক ভূৱন চন্দ্র গগৈ, সমাজকৰ্মী জগন্নাথ বৰা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিধায়ক পৃথ্বিৰাজ ৰাভাই অসম আন্দোলনৰ সেই অভিশপ্ত দিনটোৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে প্ৰচণ্ড জাতীয়তাবাদী, সাহসী যোদ্ধা ভূপেন ডেকাৰ দেশপ্ৰেম আৰু জাতিপ্ৰেমৰ লগতে এগৰাকী বলিষ্ঠ মঞ্চাভিনেতা হিচাপে থকা প্ৰতিভাক স্মৰণ কৰি একপ্ৰকাৰ স্মৃতিকাতৰ হৈ পৰে। ইয়াৰ মাজতেই বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত “নাট্যশ্ৰী” ৰ তৰফৰ পৰা ২০২২ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা সুদৰ্শনা শইকীয়াৰ লগতে ২০২৩ বৰ্ষৰ অসম চৰকাৰৰ সাহিত্য বঁটা লাভ কৰা তেজপুৰৰ বিশিষ্ট শিশু সাহিত্যিক দিলীপ কুমাৰ বৰুৱাক বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই গামোচা, স্মাৰক আৰু প্ৰশস্তি পত্ৰেৰে “নাট্যশ্ৰী” ৰ হৈ অভিনন্দন জ্ঞাপন কৰে।

Related Articles