Breaking

গায়িকাৰ ৰূপত বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

0 1,240

নগাঁও, ১১ ডিচেম্বৰ: সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত  প্ৰচাৰ কাৰ্য চলোৱাৰ অন্তত এতিয়া পুনৰ আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰত নামি পৰিছে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। আজি তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত  ব্যস্ত  হৈ পৰে বটদ্ৰবা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা। তিৱা জনজাতীয় সাজ পাৰ পৰিধান কৰি নৃত্য গীতেৰে ভোটাৰক মোহিত কৰি নিৰ্বাচনী প্ৰচাৰত নামিল আঙুৰলতা। এইবাৰ নৃত্যৰ লগতে গায়িকা ৰূপত বিধায়িকা আঙুৰলতা ডেকাই  নাচ গানেৰে চলালে নিৰ্বাচনী প্ৰচাৰ।উল্লেখ্য  তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচোটাকৈ দিন থকাত  প্ৰতিটো দলে চলাইছে নিৰ্বাচনী প্ৰচাৰ। মৰিগাঁও সমষ্টিৰ বিধায়ক ৰামকান্ত দেউৰীৰ পুত্ৰ ১৮ নং চাৰিপুনিয়া চাবুকধৰা সমষ্টিৰ প্ৰাৰ্থী মদন দেউৰীৰ হৈ আজি প্ৰচাৰ চলাই বিধায়িকা আঙুৰলতা ডেকাই।বিধায়িকা গৰাকীয়ে ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ গাড়ীৰ পৰা নামিয়ে আৰম্ভ কৰে জনপ্ৰিয় তিৱা গীত নৃত্য। লগতে বিধায়িকা আঙুৰলতাই পৰিবেশন কৰে তিৱা গীতো।নিৰ্বাচনী সভাত  কংগ্ৰেছক তীব্ৰ সমালোচনা কৰাৰ লগতে বিজেপি জয় নিশ্চিত আৰু তিৱা স্বায়ত্ব পৰিষদ বিজেপিয়ে গঠন কৰি বুলি বিধায়িকাগৰাকীয়ে মন্তব্য কৰে।লগতে বিধায়িকা গৰাকীয়ে কয় যে এতিয়া সকলোতে পদুমেই পদুম ফুলি আছে  আৰু পৰৰ্বতী সময়তো ফুলিব।গতিকে ভোটাৰ ৰাইজে পদুম ফুলক বাদ দি বেলেগ চিন্তা কৰিব নালাগে।বিটিচিতো আমাৰ বিজেপি দলে ভাল ফলাফল লাভ কৰিব।

Leave A Reply

Your email address will not be published.