নগাঁও, ১১ডিচেম্বৰঃ নগাঁও আৰক্ষীক অস্তিত্বহীন কৰি তুলি চহৰ খনত চোৰৰ দলে ইটোৰ পাছত সিটোকৈ চুৰি কাৰ্য সংঘটিত কৰি গৈছে । ফলত চোৰৰ উপদ্ৰপৰ আশংকাতেই বিভিন্ন লোকে বিনীদ্ৰ ৰজনী কটাব লগীয়া হৈছে । কিছুদিন পূৰ্বে চহৰ খনৰ খুটিকটীয়াত চোৰৰ দলে এঘৰত লুটপাত চলাই ঘৰটোৰ ওপৰ মহলাত অগ্নিসংযোগ কৰা ঘটণাৰ চাঞ্চল্য মাৰ নৌযাওতেই এইবাৰ চোৰে গৃহস্থৰ বুকুত চিপৰাং বহুৱাই ভয়ংকৰ আক্ৰমণ কৰা আন এক ঘটণা সংঘটিত হৈছে। চোৰ কৰিবলৈ আহোঁতে গৃহস্থ সাৰ পোৱাৰ বাবেই এগৰাকী মহিলাৰ বুকুত চোৰে চিপৰাং বহুৱাই দিয়া এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে নগাঁও চহৰৰ এলফিনষ্টন চাৰিআলিত । জানিব পৰা মতে, এলফিনষ্টন চাৰিআলিৰ ৰফিকুল ইছলাম নামৰ ব্যৱসায়ী গৰাকীৰ ঘৰত আজি পুৱতি নিশা এটা দুৰ্বৃত্তই চুৰি কাৰ্য সংঘটিত কৰিবলৈ দুৱাৰ ভঙাৰ চেষ্টা চলাই থাকোতেই গৃহস্থ সাৰ পাই । ইয়াৰ পাছত ৰফিকুল ইছলামৰ পত্নী আখতাৰা বেগমে(২৫) বাহিৰত কি শব্দ হৈছে তাকে বুজ ল’বলৈ বুলি দুৱাৰ মুখলৈ যোৱাত চোৰে আখতাৰা বেগমৰ বুকুত চিপৰাং বহুৱাই আক্ৰমণ কৰে । ইয়াৰ পিছতে মহিলা গৰাকীৰ স্বামী ৰফিকুল ইছলামে অতি সাহসেৰে চোৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ধৃত চোৰটো শিয়ালমাৰীৰ ইব্ৰাহিম আলি বুলি চিনাক্ত কৰা হৈছে । পিছত স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই ধৃত চোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে । ইফালে, চোৰটোৰ এই ভয়ংকৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়