Breaking

ৱম বেলতলা বেডমিণ্টন ছেম্পিয়নশ্বীপ , ৰঞ্জন-কিষাণু-অভিজিত শ্ৰেষ্ঠ খেলুৱৈ

0 25



দৈনন্দিনবাৰ্তাৰপ্ৰতিবেদক, ১ এপ্ৰিল: বেলতলা পুবেৰুণ সংঘৰ উদ্যোগত আৰু নৰ্থ-ইষ্ট মটৰ্চৰ সহযোগত আয়োজিত নৱম বেলতলা বেডমিণ্টন ছেম্পিয়নশ্বীপ ২৯, ৩০ আৰু ৩১ মাৰ্চত পুবেৰুণ সংঘৰ ইনড’ৰ হলত অনুষ্ঠিত হৈ যায়। পুৰুষৰ তিনিটা শাখাত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ অপেন কেটেগৰীত বিজয়ীৰ খিতাপ দখল কৰে অঞ্জন বুঢ়াগোহাঁই আৰু ৰঞ্জন বুঢ়াগোহাঁইয়ে। বুঢ়াগোহাঁই ভাতৃদ্বয়ে বিশিষ্ট ব্যৱসায়ী তথা ক্ৰীড়া সংগঠক সঞ্জয় গোস্বামীয়ে আগবঢ়োৱা প্ৰয়াত চিন্ময় গোস্বামী সোঁৱৰণী ট্ৰফী লাভ কৰে। এই ট্ৰফীত আছে নগদ ২৫ হেজাৰ টকা। অপেন কেটেগৰীৰ প্ৰথম ৰাণাৰ্চ আপ খিতাপ দখল কৰে জুলিয়াং আৰু টিছিঙে। দ্বিতীয় ৰাণাৰ্চ আপ খিতাপ সংগ্ৰাম চুতীয়া আৰু দিক্ষিত গগৈয়ে তথা তৃতীয় ৰাণাৰ্চ আপ খিতাপ হাৰবামন আৰু অমৃতে দখল কৰে। এই শাখাৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰে ৰঞ্জন বুঢ়াগোহাঁইয়ে। নন ৰেংকিং মেনছ ডাবলছ শাখাত বিজয়ী হয় অমৃত ৰংপি আৰু খেলন। ক্ৰীড়া সংগঠক প্ৰদীপ দাসে আগবঢ়োৱা প্ৰয়াত দিলীপ দাস সোঁৱৰণী ট্ৰফী আৰু নগদ ২৫ হেজাৰ টকা দুয়োকে প্ৰদান কৰা হয়। নন ৰেংকিং শাখাৰ প্ৰথম ৰাণাৰ্চ আপ খিতাপ ৰিতু ৰাজকুমাৰ আৰু কিষাণুৱে, দ্বিতীয় ৰাণাৰ্চ আপ খিতাপ বিজয় বসুমতাৰী আৰু ৰাহুল ৰয়ে তথা তৃতীয় ৰাণাৰ্চ আপ খিতাপ বাবলু চৌধুৰী আৰু ৰিংকুৱে লাভ কৰে। শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে কিষাণুৱে। ভেটাৰ্ণছ মেনছ ডাবলছ শাখাত বিজয়ী হয় অজয় দত্ত আৰু ৰূপম মালিক। দুয়োৱে ক্ৰীড়া সংগঠক শান্তনু দেউৰীয়ে আগবঢ়োৱা প্ৰয়াত চক্ৰধৰ দেউৰী সোঁৱৰণী ট্ৰফী আৰু নগদ ১৮ হেজাৰ টকা লাভ কৰে। এই শাখাত প্ৰথম ৰাণাৰ্চ আপ হয় বিজন দত্ত আৰু মহছিন, দ্বিতীয় ৰাণাৰ্চ আপ হয় জ্ঞান ৰঞ্জন বৰা আৰু মেহবুব হুছেইন তথা তৃতীয় ৰাণাৰ্চ আপ হয় চৈয়দ আকিল আৰু চুপং। শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ দখল কৰে অভিজিত দত্তই। প্ৰতিযোগিতাৰ বটা বিতৰণী অনুষ্ঠানত বিশিষ্ট ব্যৱসায়ী-ক্ৰীড়া সংগঠক সঞ্জয় গোস্বামী, জয়ন্ত গগৈ, প্ৰদীপ দাস, উদয়াদিত্য গোস্বামী, বিজয় বড়ো, বিচিত্ৰ বড়ো, বিশ্বজিৎ মেধিকে ধৰি পুবেৰুণ সংঘৰ বিষয়ববীয়া তথা ক্ৰীড়া প্ৰেমী উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.