Breaking

বাপতিসাহোন বিহুটিলৈ মাজত কেইটামান দিন ! নকল গামখাৰু, জোনবিৰি, গলপতাৰে ভৰিছে বজাৰ…

0 19

অসমীয়াৰ প্ৰাণৰো প্ৰাণ ব’হাগ বিহুটি পদুলিমুখত। তাঁতশালৰ খিট্ খিটনি , ঢোলৰ গুমগুমনিয়ে কঁপাই তুলিছে আকাশ বতাহ। ব’হাগ বিহুৰ আপুৰুগীয়া সামগ্ৰীক লৈ চুবুৰীয়া ৰাজ্য পশ্চিমবংগ, এক অসাধু চক্ৰই ৰাজ্যৰ বজাৰত মেলি দিছে নকল গামখাৰু, গলপতা, জোনবিৰিকে ধৰি কপৌফুল আদি সামগ্ৰী। পূৰ্বৰ তুলনাত ৪০-৫০ শতাংশ দাম বৃদ্ধিৰে এইচাম অসাধু ব্যৱসায়ীয়ে লক্ষ্য কৰি লৈছে বিহু প্ৰতিযোগিতাত অবতীৰ্ণ হব বিচৰা নাচনীক।

ব্যৱসায়ীক প্ৰাণকেন্দ্ৰ স্বৰূপ গুৱাহাটীৰ ফাঁচীবজাৰৰ এক সূত্ৰই জানিবলৈ দিয়ামতে ইতিমধ্যে পশ্চিমবংগৰ পৰা আমদানিকৃত বিহুৰ নাচনীৰ প্ৰয়োজনীয় সামগ্ৰীৰ মজুত কৰি প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ বিভিন্ন বজাৰলৈ। এইবেলি পূৰ্বৰ তুলনাত ৩০ৰ পৰা ৪০ শতাংশ দাম বৃদ্ধি হৈছে এনে সামগ্ৰীত। সেইমৰ্মে গামখাৰু যোৰাত ৫০ টকাৰ পৰা ৫০০ টকা, জোনবিৰি ২০০ টকাৰ পৰা ৭০০ টকা, কাগজ কপৌ ফুল ৩০ টকাৰ ৫০ টকা, প্লাষ্টিকৰ কপৌ ফুল ১০০ টকা , কানফুল ৭০ টকাৰ পৰা ১৫০ টকাকৈ, গগনা ১৫০ টকাৰ পৰা ২০০ টকাকৈ বিক্ৰি কৰি আছে ব্যৱসায়ী সকলে।

উল্লেখ্য যে বিহুৰ ঢোলক কেন্দ্ৰই জি আই টেগ প্ৰদান কৰাৰ বিপৰীতে কলকাতাৰ একাংশ ব্যৱসায়ীয়ে নিম্ন মানৰ লগতে কম দামৰ কাঠৰ ঢোল ৰপ্তানি কৰিছে ৰাজ্যখনলৈ। ৮ হাজাৰ টকাৰ পৰা আৰম্ভ হোৱা এনে ঢোল নিম্ন মানৰ কাঠেৰে তৈয়াৰ কৰা হয়। প্ৰকৃত ঢোল কঠাল গছৰ পৰা তৈয়াৰ কৰা হয় আৰু এনে ঢোল দীৰ্ঘদিন ধৰি নষ্ট নোহোৱাকৈ থকাৰ লগতে দামো বেছি। প্ৰশ্ন হৈছে জি আই টেগ প্ৰদান কৰাৰ পিছতো কেনেদৰে কলকাতাৰ কাঠৰে নিৰ্মিত ঢোল ৰাজ্যখনত মুকলিকৈ বিক্ৰি হৈ আছে সেয়া লক্ষনীয় ।

Leave A Reply

Your email address will not be published.