Breaking

বিজেপিয়ে কংগ্ৰেছৰ দৰে ফাঁকি দি ভোট নিবিচাৰে – সুৰেশ বৰা…

0 27

বিজেপিয়ে যি কৰিম বুলি কয় তাকে কৰে । কংগ্ৰেছৰ দৰে ফাঁকি দি কাম নকৰে । নিৰ্বাচনৰ প্ৰচাৰতো যি কথা কয় তাকে কৰে । কথা দি কথা ৰখাটো বিজেপিৰ বিশেষ চৰিত্ৰ। মই সদায় ৰাইজৰ লগত আছো। কিন্তু
প্ৰদ্যুৎ বৰদলৈয়ে ভাৰাঘড়ত থাকি নিৰ্বাচন চলোৱা, বিপদৰ সময়ত ৰাইজৰ কাষত নথকা কথাবোৰ ৰাইজে লক্ষ্য কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত ৰাইজে যি উন্নয়ন লাভ কৰিছে এই সকলো মিলাই ৰাইজ যিদৰে সভা সমিতিলৈ আহিছে এইবাৰ নগাঁও লোকসভাত বিজেপিৰ জয় নিশ্চিত।
সুৰেশ বৰাই হিন্দী ইংৰাজী ভালকৈ ক’ব নোৱাৰে তেন্তে সাংসদৰ এটা সংখ্যা হে হৈ থাকিব বুলি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত সুৰেশ বৰাই কয় যে মাজতে ভূপেন বৰাৰ হে হিন্দী কোৱাক লৈ বিতৰ্ক হৈছিল।

তেওঁ এনে কথা ক’লে ভাল নালাগে। এনেই ভূপেন দাক মই ব্যক্তিগতভাৱে ভাল পাওঁ কিন্তু তেওঁ নিজৰ ঘাঁ নিজে খুচৰি আছে। যদি ভূপেন বৰাই কৈছে আগন্তুক তিনি‌টা বৰ্ষলৈ প্ৰদ্যুৎ বৰদলৈক নগাঁৱৰ পৰা কোনেও আঁতৰাব নোৱাৰে তেন্তে সেই কথাত মই শুভেচ্ছা জনাইছোঁ। তেওঁৰ কথাবোৰ সঁচা প্ৰমাণিত হ’লে ৰাইজে তেওঁৰ কথা শুনিবলৈ ল’ব আৰু মিচা প্ৰমাণিত হ’লে ৰাইজে তেওঁক গুৰুত্ব নিদিব। মূল্য বৃদ্ধিয়ে আগন্তুক নিৰ্বাচনত কোনো ধৰণৰ প্ৰভাৱ নেপেলাই বুলি মন্তব্য কৰি ৰাইজে এতিয়া তৃতীয় বাৰৰ বাবে কেনেকৈ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাব পাৰি সেইটো হে চিন্তা কৰি আছে। নিৰ্বাচনী প্ৰচাৰ সভালৈ অহা সুৰেশ বৰাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিজেপিয়ে

বলিৰ পথা সজাইজে বুলি ভুপেন বৰাই কৰা মন্তব্যত কয় যে ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈক মানুহে শিক্ষিত মানুহ বুলি ভাৱে কিন্তু তেওঁলোকৰ এনে পাতল কথাই তেওঁলোকৰে ব্যক্তিত্বৰ অৱক্ষয় হৈছে। মই বলিৰ পথাই হও যিয়ে হও ৰাইজৰ সেৱা কৰিব আহিছোঁ কৰি যাম। আজি ৰহা বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা ডাকৰঘাট, ৰণথলি, জলাহ , দেউৰী গাওঁ,বৰকলা , দক্ষিণপাট ঘাঁহীত নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই নিৰ্বাচনী প্ৰচাৰ চলাই । কেইখন মান সভাত ৰাইজৰ উপস্থিত উৎসাহজনক আছিল যদিও কেইখনমান সভাত ৰাইজৰ উপস্থিতি আছিল অতি সেৰেঙা । দীঘলীয়া গাড়ীৰ কনভয় লৈ নিৰ্বাচনী প্ৰচাৰ সভালৈ অহাত একাংশই কৈছে ” কনভয় দীঘলীয়া হলে কি হ’ব মানুহ সেৰেঙা ” ।

Leave A Reply

Your email address will not be published.