Breaking

আমেঠিলৈ নগ’ল, ৱায়ানাডৰ পৰাই পুনৰ মনোনয়ন দাখিল কৰিলে ৰাহুল গান্ধীয়ে

0 41

আমেঠিলৈ নগ’ল, ৱায়ানাডৰ পৰাই পুনৰ মনোনয়ন দাখিল কৰিলে ৰাহুল গান্ধীয়ে , প্ৰত্যাহ্বান আছে কিন্তু সেই প্ৰত্যাহ্বানক যেন গুৰুত্ব দিয়া নাই ৰাহুল গান্ধীয়ে৷

আজি ভগ্নী প্ৰিয়ংকা আৰু সমৰ্থকৰ সৈতে গৈ কেৰালাৰ বায়ানাডৰ পৰা পুনৰ লোকসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিলে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে৷ এক কথাত এতিয়া ৰাহুল গান্ধীয়ে তেওঁৰ এখন নতুন ‘ঘৰ’ বিচাৰি পাইছে। সেয়া কেৰালাৰ ৱায়ানাড।

ৰাহুল গান্ধীয়ে ২০১৯ চনত এই সমষ্টিৰ পৰাই লোকসভা নিৰ্বাচন জিকিছিল। ২০২৪ চনত তেওঁ পুনৰ সেই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাহুল গান্ধীয়ে বুধবাৰে ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ সৈতে ৱায়ানাড সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে৷ মনোনয়ন দাখিল কৰাৰ পিছত ৰাহুলে কয়, “ৱায়ানাড মোৰ ঘৰ। আৰু ৱায়ানাডৰ সকলো বাসিন্দা মোৰ পৰিয়াল। যোৱা পাঁচ বছৰত ইয়াৰ মানুহে মোক বহুত শিকাইছে। মোক গ্ৰহণ কৰিছে। প্ৰেম দিছে।

এয়া মোৰ বাবে গৌৰৱৰ বিষয় যে মই ২০২৪ চনত পুনৰ এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিছো। ৰাহুলে লগতে কয় “এইবাৰৰ যুঁজ হৈছে সংবিধান ৰক্ষা কৰা। ঘৃণাৰ বিৰুদ্ধে যুঁজ।

” ৰাহুল গান্ধী ২০১৯ চনত আমেঠিৰ পৰা পৰাজিত হৈছিল, কিন্তু ৱায়ানাডৰ পৰা বিজয়ী হৈছিল। তেওঁ তেওঁৰ বাওঁদলৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীগৰাকীক ৪ লাখতকৈও অধিক ভোটত পৰাজিত কৰিছিল। এইবাৰ বিজেপিয়ে আমেঠিৰ দৰেই ৱায়ানাডতো ৰাহুলৰ বাবে যুঁজখন কঠিন কৰি তুলিবলৈ চেষ্টা কৰি আছে।

বিজেপিয়ে কেৰালাৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰনক ৱায়ানাডৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। চিপিআইয়ে দলৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ পত্নী এনি ৰাজাক উক্ত আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৱায়ানাড কংগ্ৰেছৰ বাবে আটাইতকৈ সুৰক্ষিত আসন। সমষ্টিটোত ৩২ শতাংশ বাসিন্দা মুছলমান আৰু ১৩ শতাংশ খ্ৰীষ্টান। কংগ্ৰেছে আশা কৰিছে যে এই ভোট ৰাহুলৰ পক্ষতে যাব।

Leave A Reply

Your email address will not be published.