Breaking

পাহি-পৰী প্ৰকাশৰ গ্ৰন্থ উন্মোচনী সভা

0 1,330

উজনি মাজুলী, ১৪ ডিচেম্বৰঃ মাজুলীৰ ‘পাহি-পৰী প্ৰকাশন গোষ্ঠীৰ  দ্বাৰা দেওবাৰে সাতখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় | ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা এই উন্মোচনী সভাখনিৰ  বিশিষ্ট শিক্ষাবিদ, সাহিত্যক ডিম্বেশ্বৰ ভূঞাই সঞ্চালনা কৰে | সভাখনি  বন্তি প্ৰজ্বলনেৰে  শুভাৰম্ভ কৰে ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বিজেন শইকীয়াই | নিমন্ত্ৰণিত বিশিষ্ট ব্যক্তিসকলক আদৰণি বৰণ কৰি আসনত উপবিষ্ট কৰাই প্ৰকাশনৰ কাৰ্যবাহী প্ৰকাশক কৃষ্ণা মেধিয়ে | ক্ণ্ঠশিল্পী পুৱালী শইকীয়াৰ পৰিবেশিত এটি সু-মধুৰ বৰগীতেৰে শুভ উদ্বোধন কৰা সভাখনিৰ আদৰণি ভাষণ আগবঢ়াই প্ৰকাশনটিৰ স্বত্বাধিকাৰী, কবি জয়ন্ত হাজৰিকাই কয় যে  সৃষ্টিশীল লোকসকলক বিশেষকৈ মাজুলীৰ উদ্যোগী লেখক-লেখিকাৰ সুবিধা হোৱাকৈ মানবিশিষ্ট ছপাকৰ্মৰ দ্বাৰা উপকৃত কৰাৰ মানসেৰে এই প্ৰকাশনৰ পৰা গ্ৰন্থ প্ৰকাশৰ সেৱা আগবঢ়াই অহা হৈছে | গ্ৰন্থ প্ৰকাশৰ বেলিকা ইয়াৰ ভিতৰুৱা কাৰিকৰী ছপাকাৰ্যত আপোচবিহীনভাৱে সেৱা আৰু উচিত মূল্যৰ মানবিশিষ্ট মুদ্ৰণৰ ব্যৱস্থা কৰি একোখন গ্ৰন্থ দীৰ্ঘ আয়ুস প্ৰদান কৰাও অন্যতম লক্ষ্য |’ মাজুলীত একেলগে সাতখন গ্ৰন্থ উন্মোচনৰ দিহা কৰা এয়া প্ৰথমবাৰৰ বাবে  হৈছে | কবি-সংগঠক -সাহিত্যিক জয়ন্ত হাজৰিকাৰ চাৰিখন গ্ৰন্থ একেলগে উন্মোচন কৰি ইয়ো এক সুখৰ সংবাদ হ’ল- যে এজন লেখকৰ চাৰিখনকৈ গ্ৰন্থ একেলগে প্ৰকাশ বা উন্মোচন কৰাও প্ৰথমবাৰৰ বাবে হৈছে | জয়ন্ত হাজৰিকাৰ মুঠ চাৰিখন গ্ৰন্থৰ উন্মোচক সকল আছিল ক্ৰমে বিশিষ্ট সাংবাদিক-শিক্ষাবিদ বিপিন শইকীয়া, বিশিষ্ট সাহিত্যিক-কবি তথা মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিত শইকীয়া, বিশিষ্ট সাহিত্যিক-কবি, গড়মূৰ পীতাম্বৰ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুণমণি নাথ, বিশিষ্ট কবি গড়মূৰ পীতাম্বৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ৰেণুমালা দত্ত | একেদৰে কবি-শিক্ষয়িত্ৰী জুনু তামুলীৰ দুখন গ্ৰন্থ উন্মোচন কৰে ক্ৰমে অসমৰ বিশিষ্ট কবি ঢকুৱাখনাৰ ৰাজীৱ তামুলী আৰু শিক্ষয়িত্ৰী-নেত্ৰী অনিমা শইকীয়াই | বিশিষ্ট নাট্যকাৰ -সংগীত সাধক তথা মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিত কুমাৰ ভূঞাই লাহৰী মেধি বিহুগীতৰ সংকলন গ্ৰন্থ এখনি উন্মোচন কৰে | উন্মোচন হোৱা গ্ৰন্থ কেইখনি ক্ৰমে জয়ন্ত হাজৰিকাৰ ওপঙা মাটি ( The Floating Land), মহাৰথী সময়, ত্ৰিভাষিক বৰ্ণমালা আৰু ত্ৰিভাষিক  সংখ্যা পৰিচয় | জুনু তামুলী জীৱন এষণা আৰু আইৰ মুখৰ ৰসাল বাণী ( সাধুপুথি) আৰু লাহৰী মেধি লাহৰী বিহুগীত | বিশ্ব সাহিত্যৰ আওতাৰে আমাৰ অসমীয়া সাহিত্য-সম্ভাৰ অতি চহকী হোৱাৰ বিশ্লেষণ দাঙি ধৰি পৃথিৱীৰ বিভিন্ন ভাষাত প্ৰকাশিত গ্ৰন্থসমূহৰ অনুবাদ বা মৌলিক ভাষান্তৰ হোৱাৰ সপক্ষে বক্তব্য ৰাখে বিশিষ্ট শিক্ষাবিদ তথা শ্ৰী শ্ৰী চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজীৰ বিষয় শিক্ষক সৰ্বানন্দ নাথে | লোকশিল্পী দিলীপ কুমাৰ বৰাই এটি লোকগীত পৰিবেশনেৰে সভাসদসকলক আমোদ প্ৰদান কৰা অনুষ্ঠানটিৰ বিশিষ্ট অতিথি ৰূপে বক্তব্য ৰাখে ক্ৰমে পূৱ মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ অৰূপ কুমাৰ বৰা, বিশিষ্ট সমাজ-কৰ্মী-নেতা যুগল হাজৰিকা, জ্ঞানজ্যোতি গ্ৰন্থাগাৰৰ মুখ্য পৃষ্ঠপোষক ভাস্কৰজ্যোতি বৰুৱা, কবি পাৰুল বৰা মিলি, সাংস্কৃতিক কৰ্মী ভৰত পেগু, বিশিষ্ট সমাজ-কৰ্মী ৰোহিত কলিতাই | সভাখনিত ৰঙাচাহী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা লখিমী বৰুৱা, সদৌ মাজুলী ছাত্ৰ সন্থাৰ সম্পাদক বিতোপন শৰ্মা, কবি ৰজনী কান্ত বৰদলৈ, প্ৰৱন্ধকাৰ ভৱানন্দ হাজৰিকা, নিবন্ধ লেখক কুশদ্বীপ হাতীমতা, শঙ্কৰচাপৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত বৰুৱা, হৰেন শৰ্মা, ইন্দিৰাম নাথ, শিক্ষয়িত্ৰী কৰুণা বৰা শইকীয়া, বিষয় শিক্ষয়িত্ৰী লক্ষ্যহীৰা দত্ত, শিক্ষয়িত্ৰী-কবি কল্পনা দেৱী, কবি-প্ৰৱন্ধকাৰ মীনা নাথ, বিশিষ্ট সাহিত্যিক-কবি অমিয়া দেবী বৰঠাকুৰ, সাহিত্যিক সুৰ শইকীয়া হাজৰিকা, কৌশল্যা বৰা বায়ন, সংগঠক-কবি শোভ্ৰা পেগু দলে, বিশিষ্ট শিক্ষক যাদৱ বৰা, সংগীত পৰিচালক- গীতিকাৰ-সুৰকাৰ ৰুণমণি শইকীয়া,হৰিধন ডেকা, চন্দ্ৰমা বেজ, সাংবাদিক গৌতম শইকীয়া, পৱন শইকীয়া, ৰাজীৱ পেগু, সঞ্চিত শইকীয়া, কল্পজ্যোতি, পাপু ভট্ট, মনোজ বৰা আৰু  ৰাইজিং দলে, দেৱ মেধি, সংগীত শিল্পী পিংকুমণি বৰা, বিশ্বনাথ মেধি, লোহিত নাথ, দীপালী গায়ন, ৰঞ্জু শইকীয়া, জিনা বৰা, নৱজিতা ৰাজখোৱা বৰা, অঞ্জনা (সৰুমাই) বৰা, পাৰুল দেৱী, বিজয়া ভূঞা, ৰিজু শইকীয়া, ৰাজেন হাজৰিকা, জুৰী বেজ , পুতলা ওজা, কল্পনা নাথ, পুতুল বৈৰাগী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল |

Leave A Reply

Your email address will not be published.