Breaking

বি পি এফৰে মিত্ৰতা ভংগ বিজেপিৰ; বিজেপিৰ নতুন মিত্ৰ দল ইউপিপিএল : ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলিপ শইকীয়া মন্তব্য

0 1,298

নলবাৰী, ১৪ ডিচেম্বৰ : নলবাৰী চহৰৰ সমীপৱৰ্তী জাপাৰকুছিত আজি নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধীনত চহৰাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ শুভাৰম্ভণী অনুষ্ঠানৰ আয়োজন কৰা হয় । নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধীনত নলবাৰী চহৰৰ সীমামূৰীয়া গাওঁ সমূহ সামৰি ৰূপায়ণ কৰিবলগা এই অভিলাষী আচনিখনৰ শুভাৰম্ভ কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই । গাওঁখনৰ তিনিটি দৰিদ্ৰ পৰিয়ালৰ ঘৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ শিলান্যাস কৰে বিজেপি নেতা গৰাকীয়ে । শিলান্যাস কৰি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে ইউপিপিএলৰে হোৱা মিত্ৰতা সন্দৰ্ভত কয় যে আগন্তুক ২০২১ ৰ বিধানসভা নিৰ্বাচনত বিপিএফৰে বিজেপিৰ মিত্ৰতা নাথাকে । নিৰ্বাচনৰ সময়লৈকে মিত্ৰতা অব্যাহত থাকিব বুলি মন্তব্য কৰি কেন্দ্ৰীয় নেতৃত্বই বিচাৰিলে আকৌ মিত্ৰতা হ’ব পাৰে বুলি কয় লগতে ইউপিপিএল বিজেপিৰ নতুন মিত্ৰ দল বুলিও সাংসদ গৰাকীয়ে ব্যক্ত কৰে । যিহেতু বিপিএফ পুৰণা মিত্ৰ দল সেইবাবে বিধানসভা নিৰ্বাচনলৈ বি পি এফ দলক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে বিজেপিৰে মিত্ৰতা ভালদৰে চলাই নিবলৈ আহ্বান জনায় । উল্লেখ্য যে নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধীনত নলবাৰী চহৰৰ সমীপৱৰ্তী ২২ খন গাওঁ সামৰি ৰূপায়ণ কৰা হ’ব প্ৰধানমন্ত্ৰী আৱাস যোজনা(চহৰাঞ্চল)আচনি । ইতিমধ্যে আচনিখনৰ অধীনত ৭৩৮ টা দৰিদ্ৰ পৰিয়ালৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন কৰিছে নলবাৰী উন্নয়ন প্ৰাধিকৰণ কৰ্তৃপক্ষই । আজিৰ এই অনুষ্ঠানত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা,নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ  অধ্যক্ষ বনদ্বীপ ডেকা, ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.