Breaking

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত ব্যতিক্ৰমী কাৰ্যসূচী; গভীৰ নষ্টালজিত বুৰ গ’ল প্ৰাক্তন সাধাৰণ সম্পাদকসকল

0 1,489

জামুগুৰিহাট,১৪ ডিচেম্বৰ: শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ জন্মলগ্নৰে পৰা বৰ্তমানলৈকে কাৰ্যভাৰ গ্ৰহণ কৰা সাধাৰণ সম্পাদক সকল একগোট হৈ পুৰণি দিনক সোঁৱৰি গভীৰ নষ্টালজিত বুৰ গ’ল। উল্লেখযোগ্য যে যোৱা ১১ ডিচেম্বৰত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক সকলৰ এখনি  ব্যতিক্ৰমী সন্মিলন অনুষ্ঠিত হৈ যায়৷মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক তথা ড: দীনেশ চন্দ্ৰ দাসৰ সভাপতিত্বত মহাবিদ্যালয়ৰ সন্মিলন কক্ষত অনুষ্ঠিত এই সভাখনত ১৯৬৭-৬৮ চনৰ সাধাৰণ সম্পাদক জগত শইকীয়াই বিগত সময়বোৰত পৰলোকপ্রাপ্তি ঘটা মহাবিদ্যালয়খনৰ প্ৰাক্তন সাধাৰণ সম্পাদক সকলক উদ্দেশ্য কৰি স্মৃতিতৰ্পণ কাৰ্যসূচীৰ জৰিয়তে সভাৰ শুভ আৰম্ভণি কৰে। উচ্চতৰ মাধ্যমিক ২ য় বৰ্ষৰ ছাত্ৰী অকুণ্ঠিতা গাৰ্গৰ এটা বৰগীতেৰে আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদক ৰাজেশ হেমৰমে। সাধাৰণ সম্পাদক মানসজ্যোতি শৰ্মাই আদৰণি ভাষণ দিয়া বিশেষ সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° অজিত হাজৰিকাই উপস্থিত সমূহ প্ৰাক্তন সাধাৰণ সম্পাদকলৈ শ্ৰদ্ধা জনাই মহাবিদ্যালয়ৰ উন্নয়নৰ দিশত তেখেতসকলৰ দিহা-পৰামৰ্শৰ আহ্বান জনায়। মহাবিদ্যালয়খনৰ ছাত্ৰ বিতোপন বৰাৰ সুমধুৰ বাঁহী বাদনেৰে সকলোকে আপ্লুত কৰা  সভাখনত জগত শইকীয়া, তুলসী বৰা, আনন্দ ভূঞা,  অশ্বিনী কুমাৰ ডেকা, জ্যোতি ভট্টকে আদি কৰি প্ৰাক্তন সাধাৰণ সম্পাদকসকলে মহাবিদ্যালয়খনত সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা অতীতৰ অভিজ্ঞতাবোৰ পুনৰস্মৰণ কৰি আৰু মহাবিদ্যালয়ৰ উত্তৰোত্তৰ উন্নয়ন কামনা কৰে । সভাত মহাবিদ্যালয়খনৰ শিক্ষকসকলৰ হৈ ড° খঞ্জন কুমাৰ দাসে এটি চমু ভাষণ প্ৰদান কৰে। সভাত মহাবিদ্যালয়ৰ জন্ম (১৯৬৩-৬৪) চনৰ পৰা বিগত বৰ্ষ (২০১৯) লৈকে ছাত্ৰ একতা একতা সভাৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যগ্ৰহণ কৰা সম্পাদক সকলৰ এখনি নামফলক উন্মোচন কৰে ১৯৭১-৭২ বৰ্ষৰ সাধাৰণ সম্পাদক তুলসী বৰাই । সভাখনত বিগত সময়বোৰত ছাত্ৰ একতা সভাৰ কাৰ্যভাৰ গ্ৰহণ কৰা সম্পাদ সকলৰ লিখনি সন্নিৱিষ্ট এটি সংকলন প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.