অসমৰ ছয় সংগঠনৰ ‘মাজুলী প্ৰণাম’ অনুষ্ঠান সম্পন্ন, মাজুলীৰ মুঠ নজন বিশেষ ব্যক্তিলৈ বিশেষ সন্মান প্ৰদান

গুৱাহাটী বিশ্ববিদ্যালয় প্ৰাক্তন ছাত্ৰ সমাজ, চিফুং দ্য আৰ্ট, সেউজী-সেউজী, টীম পাগ্লাদিয়া, দ্য হাৰ্ট, পূৱ নলবাৰী যুৱ সমাজ, ড্ৰীম ৱেভ ষ্টুডিঅ’ৰ উদ্যোগত আজি বিয়লি ৪ বজাৰপৰা মাজুলীৰ গড়মূৰ প্ৰেছ ক্লাৱত মাজুলী প্ৰণাম শীৰ্ষক এখনি অনুষ্ঠান সম্পন্ন হৈ যায়। ডঃ ঋতুপৰ্ণ মহন্তৰ মঙ্গলাচৰণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আঁত ধৰে প্ৰণৱ কুমাৰ বৰ্মনে।

অনুষ্ঠানত ওপৰত উল্লেখ কৰা সামাজিক আৰু সাহিত্য অনুষ্ঠানসমূহে কবি, সমাজ সংগঠক ভূপেন দত্তক মাজুলী প্ৰাণ সন্মান-২০২৪, লোকশিল্পী বিদ্যাসাগৰ দেউৰীক লোক-সংগীত প্ৰাণ সন্মান ২০২৪, শিল্পী-সমাজ সংগঠক প্ৰদীপ পেগুক মাজুলী জীৱন শিল্পী ২০২৪, কবি শ্যামন্ত পায়েঙক মাজুলী কাব্য সাধনা সন্মান ২০২৪, ৰজনীকান্ত বৰদলৈক মাজুলী কাব্য সাধনা সন্মান ২০২৪, পাপু বৰাক মাজুলী কাব্য সাধনা সন্মান ২০২৪, বিশিষ্ট কৃষক, কবি লক্ষিমী শ‌ইকীয়া বৰাক মাজুলী কৃষি প্ৰাণ সন্মান ২০২৪, আপেল নবৌক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।

এযোৰাকৈ তামোল পানেৰে সেৱা জনাই প্ৰত্যেকজন সন্মানপ্ৰাপকক ক্ৰমে একোখনকৈ ফুলাম গামোচা, একোখনকৈ চেলেং, একোখনকৈ আৰনাই, একোখনকৈ হালোৱা জাপি, এটোপোলাকৈ বৰা চাউল, কিতাপৰ টোপোলা, দুটাকৈ স্মাৰক আৰু একোখনকৈ সম্বৰ্ধনা পত্ৰ আদি প্ৰদান কৰে। প্ৰণৱ কুমাৰ বৰ্মন, সত্যেন শৰ্মা, ডঃ উৎপল চৌধুৰী, দ্বীপজ্যোতি লহকৰ, ডঃ ঋতুপৰ্ণ মহন্ত, লক্ষ্মণ শৰ্মা, ভৱেশ কলিতা, উৎপল হালৈ আদিয়ে উপস্থিত থাকি এই সন্মান প্ৰদান কৰে। ইয়াৰ পিছতে গীত কবিতাৰ এখনি অনুষ্ঠান অনুষ্ঠিত হয়। অমিয় কুমাৰ চিৰাঙে সঞ্চালনা কৰা অনুষ্ঠানটিত ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱ কুমাৰ গাম, মাজুলী জিলা কবি সন্মিলনৰ সভাপতি যুগল হাজৰিকা, কবি-সমালোচক ডিম্বেশ্বৰ ভূঞা, বিশিষ্ট সংবাদদাতা যদু কলিতা, মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মনোজ্যোতি ৰেগন, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, মাজুলী জিলা সম্পাদক যতীন্দ্ৰ নাথ মুদৈ, নয়ন লিগাং, ত্ৰিপুৰাজ দলে, বৰ্ণালী ভূঞা, পাৰুল বৰা মিলি, শংকুসিদ্ধ নাথ, জয়ন্ত শ‌ইকীয়া, অনুপ্ৰভা নাথ, কবিতা বৰা মুদৈ, ধ্ৰুৱজ্যোতি নাথ, ইন্দুলেখা হাজৰিকা, পূৰ্ণিমা হাজৰিকা, সাগৰ দেউৰী, সঞ্জিৎ অসম বৰা, লক্ষীনাৰায়ন শৰ্মা, দীপাঞ্জলি পায়েং আদি অৰ্ধশতাধিক কবি-সাহিত্যিক তথা শিল্পীয়ে অংশগ্ৰহণ কৰে। ইয়াৰে পৃথকে পৃথকে কবিতা পাঠ আৰু গীত পৰিৱেশন কৰাৰ লগতে বক্তব্য আগবঢ়াই

Related Articles