Breaking

নলবাৰী আৰক্ষীৰ বৃহৎ সাফল্য : নলবাৰীত বেংক ডকাইতিৰে জড়িত পাঁচ ডকাইত আটক ; জব্দ বাহন, সামগ্ৰী

0 1,234

নলবাৰী, ১৬ ডিচেম্বৰ: নলবাৰী আৰক্ষীৰ বৃহৎ সফলতা । নলবাৰী আৰক্ষীৰ হাতত আটক হল বেংক ডকাইতৰ লগতে ডকাইতি কাণ্ডৰ লগত জড়িত ১০ জনকৈ ডকাইত  ৷ ডকাইতৰ দলটোৰ লগতে উদ্ধাৰ হ’ল চাৰীচকীয়া বাহন, দুচকীয়া বাহন, পিষ্টল, সজীৱ গুলি, মোবাইল, নগদ ধনকে ধৰি সোন । উল্লেখযোগ্য যে যোৱা ২০ নৱেম্বৰত নলবাৰী জিলাৰ  অময়াপুৰস্থিত পঞ্জাৱ নেচনেল বেংকত ডকাইতি সংঘটিত হোৱাৰ পিছত নলবাৰী আৰক্ষীয়ে এই ডকাইতৰ দলটোৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলাই আছিল ৷ নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদ, নলবাৰী সদৰ আৰক্ষী বিষয়া তপন কলিতা আৰু ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দলে অসমৰ ভিন্ন স্থানৰ পৰা যোৱা কিছুদিনৰ ভিতৰত ১০ জনকৈ ডকাইত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷  ইতিমধ্যেই উক্ত ডকাইত কেইজন অসমৰ বিভিন্ন ডকাইতি কাণ্ডৰ লগত জড়িত হোৱাৰ তথ্যও নলবাৰী আৰক্ষীয়ে লাভ কৰিছে ৷ তদুপৰি যোৱা নিশা আটক কৰিছে চাৰি জনকৈ ডকাইত । ধৃত ডকাইত কেইজনহ হ’ল কামৰূপৰ ফজল হক, নিৰ্মল দাস, চায়েদ আলি, ৰুমি পাটোৱাৰী আৰু আইতুল্লাহ আলী । ইপিনে ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হোৱা ডকাইত কেইটা হল- ওদালগুৰিৰ বাসুদেৱ ব্ৰহ্ম আৰু কিনাৰাম বসুমতাৰী আৰু নলবাৰী মুকালমুৱাৰ কৰন আলী, বাদশ্বাহ আলী, ৰমজান আলী । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা ডকাইত কেইজনৰ পৰা দুটাকৈ পিষ্টল, নগদ ২ লাখ টকা, ৮ জাই সজীব গুলী, ৮  টা মোবাইল ফোনৰ লগতে সোনৰ অলংকাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৰ্তমান নলবাৰী সদৰ আৰক্ষী থানাত  আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখযোগ্য এই দুই ডকাইতৰ দলটোৱে অময়াপুৰৰ পঞ্জাৱ নেচনেল বেংকৰ পৰা ৬০ লাখ টকা ডকাইতি কৰা ঘটনাৰে জড়িত ।

Leave A Reply

Your email address will not be published.