Breaking

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোটদান প্ৰক্ৰিয়া…

0 34

মাৰ্ঘেৰিটাত ভোট গ্ৰহণ আৰম্ভ।

আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ।

এই ৫ টা লোকসভা সমষ্টিৰ অন্যতম ১৩ নং ডিব্ৰুগড় লোকসভা সমষ্টি ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত ৮৩ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া।

বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ সমূহত পুৱাৰে পৰা ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্তৰ কৰিব বাবে দীঘলীয়া শাৰী পাতি থকা পৰিলক্ষিত হৈছে।

ডিব্ৰুগড় লোক সভা সমষ্টিত এইবাৰ তিনি গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে, ইয়াৰে বিজেপি মিত্ৰজোঁটৰ হৈ সৰ্ব্বানন্দ সোণোৱালে কংগ্ৰেছ মিত্ৰজোঁটৰ হৈ লুৰিনজ্যোতি গগৈ আৰু আম আদমী পাৰ্টীৰ হৈ মনোজ ধানোৱাৰে।

উল্লেখ্যে যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত মাৰ্ঘেৰিটা বিধান সভা সমষ্টিত মুঠ ভোটাৰ সংখ্যা ১, ৬৯, ৯৩ গৰাকী।

ইয়াৰে পুৰুষ ভোটাৰ ৮৪, ০৪৬ জন আৰু মহিলা ভোটাৰ ৮৫৮৮৬ গৰাকী আনহাতে মুঠ ভোটদান কেন্দ্ৰ সংখ্যা ১৯৪ টা।

Leave A Reply

Your email address will not be published.