মানুহ সামাজিক প্ৰাণী হিচাপে প্ৰতি মুহূর্তত সমাজৰ লগত জড়িত হৈ থাকিবলগীয়া হয়। ব্যক্তিৰ পৰা সমাজৰ সৃষ্টি হয় অৰ্থাৎ পুৰণি কালৰে পৰাই মিলিজুলি সমাজ পাতি মানুহ সভ্য কিম্বা জীৱশ্ৰেষ্ঠ হিচাপে জীয়াই আছে। আমি আটায়ে অৱগত যে, মগজুৰ বিকাশেই অন্য প্ৰাণীৰ পৰা মানুহক শ্ৰেষ্ঠত্ব দিছে। পৃথিৱীৰ প্ৰতিজন মানুহে একে বুলি ক’ব নোৱাৰোঁ তাৰ কাৰণো হয়তো মগজুৰ তাৰতম্য বুলি ক’ব পাৰি।
Education is a life long process of development– John Dew অৰ্থাৎ শিক্ষা হ’ল জীৱন ব্যাপি চলা এটি অন্তহীন প্ৰক্ৰিয়া। জন্মৰ পৰা মৃত্যুলৈকে মানুহ শিক্ষাৰ দ্ধাৰা প্ৰভাৱিত। ইজনে সিজনৰ পৰা,নজনাজনে জনাজনৰ পৰা, আনুষ্ঠানিক, অনানুষ্ঠানিক দেখি, শুনি, পঢ়ি, ব্যবহাৰ কৰি ইত্যাদিৰ সহায়ত শিক্ষা সম্ভৱ। বিশেষকৈ পুথি অধ্যয়নৰ দ্ধাৰা জীৱনৰ প্ৰকৃত জ্ঞান অর্জন কৰা সম্ভৱ। মহান মহান ব্যাক্তিসকলৰ পুথি বা গ্ৰন্থ সমুহত সঞ্চিত হৈ আছে জ্ঞানৰ ভাণ্ডাৰ। সেই জ্ঞান অর্জনৰ বাবে জীৱশ্ৰেষ্ঠৰ কিতাপ অধ্যয়নৰ বিকল্প নাই।
আমাৰ প্ৰকৃত বন্ধু গ্ৰন্থ হোৱা উচিত কিয়নো বন্ধু মৃত্যু পর্যন্ত সহযোগিতা হিচাপে থাকিব লাগে। অথবা আমাৰ আপোনজনৰ কথাকে ক’ব পাৰি, তেওঁলোক জানো গোটেই জীৱনৰ বাবে আপোন হৈ থাকিব পাৰে? কিন্তু আমি যদি মহৎ গ্ৰন্থ বোৰক প্ৰকৃত বন্ধু হিচাপে লৈ আগবাঢ়ো হয়তো সেইবোৰে প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব পাৰে। মৰিও অমৰ হোৱা সকলৰ জ্ঞান সমুহ পঢ়ি গৈ থাকিলে লগতে নিজৰ জীৱনতো সাধ্য অনুসাৰে ব্যবহাৰ কৰিলে এদিন হলেও সেই ব্যক্তি সকলৰ পৰা কিছু হ’লেও নীতি আদৰ্শ,দৰ্শন আদিবোৰ অনুকৰণ হ’ব। কিতাপ হ’ল অশিক্ষাৰ বিৰুদ্ধে, অজ্ঞানতাৰ বিৰুদ্ধে, অসহিষ্ণুতাৰ বিৰুদ্ধে, কু-সংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামৰ অস্ত্ৰ। যদিও জীৱন কেৱল কিতাপকেন্দ্ৰিক হ’ব নোৱাৰে, তথাপি জীৱনক জানিবলৈ, জীৱনক বুজিবলৈ, জীৱনৰ অভিজ্ঞতাৰ তাৎপৰ্য উন্মোচন কৰিবলৈ কিতাপৰ বিকল্প নাই, কাৰণ কিতাপে ব্যক্তিৰ মাজেৰে সমষ্টিৰ অভিজ্ঞতাকে প্ৰতিফলিত কৰে। এখন কিতাপ এজন মাত্ৰ লেখকৰ ৰচনা হ’লেও লেখকজনো যিহেতু এখন সমাজৰে এগৰাকী সদস্য, সেয়েহে সামাজিক জীৱনৰ বিভিন্ন পৰিঘটনাৰ সম্ভেদ কিতাপখনে পাঠকক দিয়ে। According to Grabe William and L. Fredrika (2002), the category of purpose for reading includes are: reading to search for simple information, reading to skim quickly, reading to learn from text, reading to integrate information, reading to write, reading to critique texts and reading for general comprehension.অৰ্থাৎ গ্ৰেব উইলিয়াম আৰু এল ফ্ৰেড্ৰিকা (2002)ৰ মতে, পঢ়াৰ উদ্দেশ্যৰ শ্ৰেণীটোত অন্তৰ্ভুক্ত আছে: সৰল তথ্য বিচাৰিবলৈ পঢ়া, সোনকালে স্কিম কৰিবলৈ পঢ়া, পাঠৰ পৰা শিকিবলৈ পঢ়া, তথ্য একত্ৰিত কৰিবলৈ পঢ়া, লিখিবলৈ পঢ়া, সমালোচনা মূলক পাঠ পঢ়া আৰু সাধাৰণ বুজাবুজিৰ বাবে পঢ়া।
প্ৰথিতযশা সাহিত্যিক সত্যনাথ বৰাদেৱে উল্লেখ কৰা বচনবোৰে পুথি অধ্যয়নৰ প্ৰয়োজনীয়তা সাৱলীল ৰূপে তাৎপর্য বহন কৰে —
পুথি অধ্যয়নৰ জৰিয়তে দূৰৰ মানিক হাততে পোৱা যায় | আমাৰ পৰা চুৰ কৰিব নোৱাৰা কথা খিনিয়েই হৈছে জ্ঞান | পুথি অধ্যয়ন বিদ্যা উপাৰ্জ্জনৰ ঘাই উপায়। পুথি নপঢ়াকৈ কোনেও কতো বিদ্যা লাভ কৰিব নোৱাৰে। পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। আনে থুপাই থোৱা ধন হাতত পৰিলে আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল। লিখকে বহুত যত্ন পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়, আমি কেৱল পুথিখন পঢ়িলেই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ।সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোতা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ বিকল্প নাই।
কিতাপ পঢ়িলে মানুহৰ মন-মগজুৰ বিকাশ ঘটে ,বৌদ্ধিক ক্ষমতা বৃদ্ধি হয়, । পুথি অধ্যয়ন অবিহনে মানুহ মহান হ’ব নোৱাৰে, নোৱাৰে প্ৰকৃত মানুহ হৈ জীয়াই থাকিব। ঘহি থাকিলে শিলো ক্ষয় হয় সেইদৰে পঢ়ি থাকিলে আৰু ইয়াৰ অভ্যাস গঢ়ি তুলিলে ভাল ফল পোৱা যায়। এখন ভাল কিতাপ আমাৰ পৰম বন্ধু হ’ব পাৰে । শব্দৰ ভাণ্ডাৰ বঢ়াবলৈ,যতি চিন্হ,সঠিক উচ্চাৰণ,বিশেষ ভাষাৰ জ্ঞান বৃদ্ধি,অৱসৰ সময়ৰ উচিত ব্যবহাৰ,বাক্যৰ গাঁঠনি ইত্যাদি শিকিবলৈ কিতাপ পঢ়াৰ বিকল্প নাই। অৱশ্যে সৎ আৰু অসৎ বন্ধুৰ দৰে কিতাপ এখন সৎ আৰু অসৎ থাকিব পাৰে। এই ক্ষেত্ৰত সাৱধান হোৱা উচিত। ভাল কিতাপ এখনে মনলৈ প্ৰশান্তিৰ লগতে বিমল আনন্দ কঢ়িয়াই আনে । মনৰ পৰা বদ অভ্যাসবোৰ আঁতৰাই জীৱন গঢ়াত সহায় কৰে। ব্যক্তিগত জীৱনৰ পৰিৱৰ্তনৰ ওপৰিও সমাজৰ পৰিৱৰ্তনত যথেষ্ট প্ৰভাৱিত কৰে। এখন ভাল কিতাপে জীৱনক সুন্দৰকৈ সজাবলৈ প্ৰেৰণা দিয়ে । কিতাপ এখনৰ সুদূৰ প্ৰসাৰী প্ৰভাৱে সাহস, মনৰ দৃঢ়তা বৃদ্ধি কৰাৰ লগতে জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি কৰে। আদৰ্শ পুথি এখনে উপলব্ধি কৰায় জীৱনৰ প্ৰকৃত মাদকতা।
শিশুসকলক উপযোগী সাধু কিতাপ পঢ়িবলৈ দিলে সিহঁতে ভাবিবলৈ শিকে । প্ৰখৰ হয় চিন্তাশক্তি,বৃদ্ধি হয় বুদ্ধি, গঢ়ি উঠে এটি সু-অভ্যাস। পঢ়াৰ প্ৰতি ধাউতি বাঢ়ি যায়। অৱসৰ সময়ৰ সঠিক ব্যবহাৰ হয়। মানুহে মানুহ হিচাপে আৰু জীৱশ্ৰেষ্ঠ হিচাপে উন্নতিৰ শিখৰত থিয় হ’বলৈ গ্ৰন্থ অধ্যয়নৰ বিকল্প নাই । কিছু উপকাৰ তলত দিয়া হ’ল—
১) জ্ঞান শক্তিশালী কৰে।
২)কথিত আৰু লিখিত শব্দৰ মাজত সংযোগ গঢ়ি তোলে।
৩) শক্তিশালী শব্দভাণ্ডাৰ বিকশিত কৰে।
৪) মনোযোগৰ ম্যাদ বৃদ্ধি কৰে।
৫) অৱসৰ সময়ৰ সৎ ব্যবহাৰ হয়।
৬) শক্তিশালী আৱেগ অন্বেষণ কৰাৰ এক সুৰক্ষিত উপায় প্ৰদান কৰে।
৭) উপভোগ প্ৰদান কৰে।
৮) পঢ়নে মগজুৰ ব্যায়াম কৰাত সহায় কৰে।
৯) পঢ়া হৈছে এক প্ৰকাৰ বিনামূলীয়া মনোৰঞ্জন ।
১০)পঢ়াৰ ফলত মনোযোগ আৰু মনোযোগ দিয়াৰ সামৰ্থ্য উন্নত হয়।
১১)সাধাৰণ জ্ঞান বৃদ্ধি কৰে। …
১২) ই এটা অনুপ্ৰেৰণামূলক। …
১৩)পঢ়াৰ ফলত মানসিক চাপ হ্ৰাস হয়।
১৪) কু-অভ্যাস ত্যাগ আৰু সু-অভ্যাস গঢ়ি উঠে।
১৫) অতি সহজতে নজনা কথা জানিব পাৰি।
১৬) ই আমাক অধিক ইতিবাচক অনুভৱ কৰায়। ইত্যাদি।
গন্থ অধ্যয়ন আধুনিক যুগত চিন্তনীয় বিষয় হৈ পৰিছে বিশেষকৈ ম’বাইল, ইন্টাৰনেটৰ বহুল ব্যবহাৰ ফলত। অৱশ্যে সামাজিক মাধ্যম সমূহে গ্ৰন্থ অধ্যয়ন সহজসাধ্য কৰিছে যদিও অন্যান্য আমোদজনক আৰু অশ্লীলতাৰ ব্যাপক উপস্থাপনে কিছু হলেও মানৱ সমাজক আঘাত হানিছে। গোটেই বিশ্বক এখনি যেন গাঁৱত পৰিণত কৰা ইন্টাৰনেটৰ অত্যাধিক ব্যবহাৰৰ ফলত গ্ৰন্থ অধ্যয়নৰ পৰিমাণ হ্রাস হ’বলৈ ধৰিছে যিটো সভ্যতা বিকাশেৰ কিছু হলেও অন্তৰায়ৰ সৃষ্টি কৰিছে।
এইটোও ঠিক যে, যদিহে আমি শ্ৰেষ্ঠ জীৱ হিচাপে ইন্টাৰনেটৰ সঠিক ব্যবহাৰ কৰোঁ, উপকৃত দুগুণে বৃদ্ধি হ’ব। আমি অৱসৰ সময় মহৎ গ্ৰন্থ অধ্যয়ন কৰিব লাগে আৰু নৱপ্ৰজন্মকো অনুপ্রাণিত কৰিব লাগে। According to APJ Abdul kalam,”Books become permanent companions. Sometimes, they are born before us; they guide us during our life journey and continue for many generations.” অৰ্থাৎ কিতাপবোৰ স্থায়ী সংগী হৈ পৰে। কেতিয়াবা, তেওঁলোক আমাৰ আগত জন্ম হয়; তেওঁলোকে আমাৰ জীৱন যাত্ৰাৰ সময়ত আমাক পথ প্ৰদৰ্শন কৰে আৰু বহু প্ৰজন্মধৰি অব্যাহত ৰাখে।
লেখকঃ বাহাৰুল ইছলাম (শিক্ষক)