Breaking

তিনিচুকীয়া, মাৰ্ঘেৰিটাত কয়লা ব্যৱসায় চলাই চলাই প্ৰদ্যুৎ বৰদলৈৰ মনটোও ক’লা হৈ গ’ল : পীয়ুষ হাজৰিকা

0 1,247

নগাঁও, ১৭ডিচেম্বৰ : “তিনিচুকীয়া, মাৰ্ঘেৰিটাত কয়লা ব্যৱসায় চলাই চলাই প্ৰদ্যুৎ বৰদলৈৰ মনটোও ক’লা হৈ গ’ল। সেয়ে তেঁও নগাঁৱৰ মানুহৰ ভোট  মদ-মাংসৰে কিনিব পাৰি বুলি ভাবিছে। প্ৰদ্যুৎ বৰদলৈ খিলঞ্জীয়া অসমীয়া মানুহৰ ভোটৰে সাংসদ হোৱা নাই। তেঁওক তিৱা মানুহে ভোট দিয়া নাছিল। সেয়ে তেঁও নগাঁৱৰ মানুহক অপমান কৰিছে।” আহতগুৰিত তিৱা স্বায়ত্বশাসিত পৰিষদৰ বাবে ভোটপ্ৰদান কৰিবলৈ আহি  আজি সংবাদমাধ্যমৰ আগত এনেদৰে মন্তব্য  কৰিলে ৰাজ্যিক মন্ত্ৰী পিযুষ হাজৰিকাই। তিৱা নিৰ্বাচনত বিজেপিয়ে গুণ্ডাৰাজ চলোৱাৰ বিষয়ে নগাঁৱৰ সাংসদ তথা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰী পিযুষ হাজৰিকাই এই মন্তব্য কৰে। আনহাতে ৰিপুণ বৰাই পিযুষ হাজৰিকাক কৰা সমালোচনাৰ সন্দৰ্ভত পিযুষ হাজৰিকাই কয়,”ৰিপুণ বৰাই অৰ্কেষ্ট্ৰা পাৰ্টি চলাইছে। পিছে ৰিপুণ বৰাই লগত লৈ ফুৰাজন সুৰকাৰ নহয় তেঁওক গুৱাহাটীত চুৰকাৰ বুলিহে কয়।” পিযুষ হাজৰিকাই কয় ,” আমি কংগ্ৰেছ কৰোতে কংগ্ৰেছ দল আছিল, কিন্তু ৰিপুণ বৰাই কংগ্ৰেছক অৰ্কেষ্ট্ৰা পাৰ্টি কৰি দিলে।”এইবাৰ তিৱা নিৰ্বাচনত বিজেপিৰ আসন পূৰ্বৰ ৩খনৰ পৰা ৩০খন হ’ব বুলি মন্তব্য কৰি পিযুষ হাজৰিকাই কয়, “বিজেপিয়ে প্ৰতিদন্দিতা কৰা ৩৪খন আসনৰ ভিতৰত ৩০খনত আমাৰ জয় নিশ্চিত।”উল্লেখযোগ্য যে আজি মন্ত্ৰী পীয়ুষ হাজৰিকাই  আহতগুৰিত সপত্নীক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাৱ্যস্ত কৰে।

Leave A Reply

Your email address will not be published.