সকলো দিৱসে একো একোটা তাৎপৰ্য বহন কৰি আহিছে যদিও মে’ দিৱস বা আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ তাৎপৰ্য আন দিৱসৰ তুলনাত সুকীয়া। কাৰণ এই দিৱসৰ অন্তৰালত সোমাই আছে শ্ৰমিকসকলৰ ত্যাগৰ বিনিময়ত আনন্দ লাভ। পৃথিৱীৰ শ্ৰমিকসকলৰ বুৰঞ্জীয়ে কয়- শিল্প বিপ্লৱৰ পিছৰে পৰাই বৃহৎ কল-কাৰখানা গঢ় লৈ উঠাত বুজন সংখ্যক শ্ৰমিকৰ প্ৰয়োজন হৈছিল। লগে লগে জন্ম পাইছিল পুঁজিপতি শ্ৰেণীটোৱে। পুঁজিপতিসকলে অতি সামান্য মজুৰিৰ বিনিয়মত শ্ৰমিকসকলক দৈনিক ১৮ৰ পৰা ২০ ঘন্টা পৰ্যন্ত কামত খটুৱাইছিল, যিটো কোনোফালৰ পৰা যুপক্তিসংগত নহয় বুলি শ্ৰমিকসকলে আপত্তি দৰ্শাইছিল। কিন্তু দৈহিক শাস্তিৰ ভয়ত বহুসংখ্যক শ্ৰমিকে নিয়াৰিকৈ কামখিনি কৰিবলৈ বাধ্য হৈছিল ইচ্ছাৰ বিপৰীতে। পুঁজিপতিসকলে শ্ৰমিক শ্ৰেণীৰ ওপৰত চলোৱা এনে অন্যায়ৰ বিৰুদ্ধে ঊনবিংশ শতিকাৰ মাজভাগৰ ‘পৰা কাৰ্লমাক্স আৰু ফ্ৰেডৰিক এংগেলছ গৰজি উঠিল আৰু এটা সংগঠন সৃষ্টি কৰি প্ৰতিবাদ আৰম্ভ কৰিলে। প্ৰতিবাদৰ জুই পৃথিৱীৰ বিভিন্ন দেশ-মহাদেশলৈ বিয়পিবলৈ ধৰিলে।
ইয়াৰ প্ৰভাৱতেই সৃষ্টি হ’ল আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ ১৮৬৪ চনত। সিফালে ১৮৮৪ চনত শ্ৰমিক সংস্থাসমূহ একত্ৰিত হৈ এটা ফেডাৰেচন তৈয়াৰ কৰি তেওঁলোকৰ চতুৰ্থ সন্মিলনত এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈছিল যিটো প্ৰস্তাৱত কোৱা হৈছিল এনেদৰে- ১৮৮৬ চনৰ ১ মে’ তাৰিখৰ পৰা সকলো শ্ৰমিকে দৈনিক ১৮ৰ পৰা ২০ ঘন্তাৰ বিপৰীতে মাত্ৰ ৮ ঘন্টাহে কামৰ সময় বুলি গণ্য কৰিব আৰু বাকী ১৬ ঘন্টা তেওঁলোকে বিশ্ৰাম আৰু সাংস্কৃতিক বিনোদনৰ মাজেৰে পাৰ কৰিব লাগিব। কথামতেই কাম। ১৮৮৬ চনৰ মে’ মাহৰ ১ তাৰিখৰ দিনা চিকাগো চহৰত লাখ লাখ শ্ৰমিকে একত্ৰিত হৈ তেওঁলোকৰ দাবী পূৰণৰ বাবে ধৰ্মঘট আৰম্ভ কৰিলে। সেই ধৰ্মঘটৰ কাৰ্যসূচীত ভাগলোৱা শ্ৰমিকৰ সংখ্যা দেখি পুঁজিপতিসকল কেৱল আতংকিত হোৱাই নহয় তেওঁলোকে মৃত্যুৰ ভাবুকিৰো গোন্ধ পাইছিল। সেয়েহে তেওঁলোকে ছলে-বলে-কৌশলে শ্ৰমিকসকলৰ বিক্ষোভ দমনৰ চেষ্টা চলাই অপাৰগ হোৱাত মে’ মাহৰ ৩ তাৰিখৰ দিনা পুঁজিপতিসকলে পুলিচৰ সহায় লৈ ‘মাককটিক ৰিপাৰ’ নামৰ কাৰখানা এটাৰ শ্ৰমিকৰ ওপৰত আক্ৰমণ চলাই ছজন শ্ৰমিকৰ প্ৰাণ লয়।
আকৌ চৰকাৰে কেইজনমান শ্ৰমিক নেতাক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ড বিহে যাতে শ্ৰমিকসকলৰ আন্দোলন অংকুৰতে বিনাশ ঘটে। চৰকাৰৰ এনে অযুক্তিকৰ পদক্ষেপত এফালে শ্ৰমিকসকলৰ দুগালেৰে হৃদয়ৰ পৰা নিগৰি অহা গৰম গৰম চকুৰ লোটক আৰু আনফালে হৃদয়ত ক্ষোভৰ একুৰা জুই। তিনি বছৰমান এই ক্ষোভৰ জুই শ্ৰমিকসকলৰ হৃদয়ত জ্বলি থাকিল। অৱশেষত ১৮৮৯ চনৰ জুলাই মাহৰ ১৭ তাৰিখে পেৰিছত হোৱা শ্ৰমিকৰ আন্তৰ্জাতিক সন্মিলনত এটা ঐতিহাসিক সিদ্ধান্ত লোৱা হ’ল যে চিকাগোৰ সন্মিলনৰ সময়ত ছহিদ হোৱা শ্ৰমিকসকলক শ্ৰদ্ধা আৰু স্মৰণ কৰি তেওঁলোকৰ ত্যাগৰ বিনিময়ত ‘১৮৯০ চনৰ পৰা প্ৰতি বছৰৰ মে’ মাহৰ ১ তাৰিখৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হ’ব’। যি নহওক, মে’ মাহৰ ১ তাৰিখটো আমি মে’ দিৱস হিচাপে পালন কৰি আহিছো ১৮৯০ চনৰ পৰা। প্ৰণিধানযোগ্য যে ইংৰাজী বছৰটোৰ মে’ মাহৰ ১ তাৰিখটো কেৱল এটা দিৱসেই নহয়। এই দিনটো শ্ৰমিকৰ বাবে ত্যাগ আৰু শ্ৰমৰ মৰ্যাদা লাভ কৰা এক ঐতিহাসিক দিৱস য’ত সোমাই আছে শ্ৰমিকৰ ঐতিহাসিক শ্ৰমৰ বেদনা আৰু আনন্দৰ নিৰ্মল চকুলো।