Breaking

ডিব্ৰুগড় জিলাত এন পি এছ কৰ্মচাৰী সন্থাৰ ব্যাপক সজাগতা : তেজপুৰত আজি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা, জানুৱাৰীত ৰাজ্যিক অভিবৰ্তন

0 1,261

মদাৰখাত, ১৯ ডিচেম্বৰ :  ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই ডিব্ৰুগড়ত ব্যাপক ৰূপত নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে ব্যাপক হাৰত সজাগতা সৃষ্টা কৰা পৰিলক্ষিত হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিক কৰ্মচাৰীসকলৰ কল্যানাৰ্থে নহয় বুলি সন্থাই অভিহিত কৰি পুনৰ পুৰণি পেঞ্চন নীতিৰ আধাৰত সুবিধা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰি আহিছে। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলাৰ উদ্যোগত ডিব্ৰুগড়ৰ নন্দলাল বৰগোঁহাই চিটি মহাবিদ্যালয়ত এখন সজাগতা সভা সম্পন্ন হয়। ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পল্লৱ শইকীয়াই। জিলা সম্পাদক মনোজ মহনে এন পি এছৰ সন্দৰ্ভত তেখেতৰ অভিজ্ঞতা ব্যক্ত কৰে। ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকনে সাংগঠনিক ভেঁটিৰ লগতে এন পি এছৰ সলনি এক সুৰক্ষিত ব্যৱস্থালৈ অনাৰ বাবেহে সংগঠনে মাত মাতি আহিছে আৰু আহিব বুলি অৱগত কৰে। চৰকাৰে পেঞ্চন ব্যৱস্থাৰ সুবিধা পুনৰ বাহাল ৰাখিবলৈ আহ্বান জনায়। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে সমল ব্যক্তি ৰূপে উপস্থিত থাকি নতুন পেঞ্চন নীতিৰ সমূহ তথ্য বিতংকৈ বিশ্লেষণ কৰি ইয়াৰ ভয়াবহতাৰ সম্পৰ্কত আলোকপাত কৰে। পশ্চিমবংগত আজিও পুৰণি পেঞ্চন নীতি বাহাল থকাৰ কথাটোৱে ই ৰাজ্য চৰকাৰৰ সদিচ্ছাৰ কথাটো নিহিত হৈ আছে। ভৱিষ্যতত নতুন পেঞ্চন নীতিৰে যি হ’ব তাৰে অৱসৰকালীন সময়ত কিন্তু ভীষণ অসুবিধাই দেখা দিয়াৰ কথা উল্লেখ কৰে নতুন পেঞ্চন নীতিত যি পৰিমাণৰ মাহিলী ধন পাব সেয়া নিৰ্দ্ধাৰিত আৰু একেবাৰে কম। পুৰণি পেঞ্চন আৰু নতুন পেঞ্চন নীতিৰ তুলনামূলক আলোচনা আগবঢ়াই গগৈয়ে চৰকাৰক কৰ্মচাৰীৰ ভৱিষ্যত সুনিশ্চিত কৰাত মত পোষণ কৰে। সম্প্ৰতি কিন্তু বিধায়ক, সাংসদ এবাৰ নিৰ্বাচিত হ’লেই পুৰণি পেঞ্চনৰ অধীনত সুবিধা গ্ৰহণ কৰি আহিছে। সেয়েহে সকলো কৰ্মচাৰীকো ইয়াৰ আওতালৈ অনাৰ পোষকতা সকলো কৰ্মচাৰীয়ে কৰিছে। ডিব্ৰুগড় জিলাৰ মুখ্য সংগঠক সুকুমাৰ ঘোষে এজন কৰ্মচাৰীয়ে এন পি এছৰ অধীনত কেনেধৰণৰ সা সুবিধা লাভ কৰিব তাক বিতংকৈ অৱগত কৰায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে জিলা সমিতিয়ে পুৰণি পেঞ্চনৰ লগতে গ্ৰেচুইটি আদিৰে এখন দাবী চনদ প্ৰস্তুত কৰি চৰকাৰ আৰু জনপ্ৰতিনিধিক প্ৰদানৰ পৰামৰ্শ আগবঢ়ায়। উপস্থিত ৰাইজৰ হৈ ৰঞ্জিত কলিতাই বক্তব্য আগবঢ়ায়।নন্দলাল বৰগোঁহাই চিটি মহাবিদ্যালয়ৰ উপাধ্যক্ষা মানসী গগৈ বৰগোঁহাই উপস্থিত থাকে। সভাতেই সীতাৰাম ছেত্ৰীক সভাপতি, ভদ্ৰেশ্বৰ বৰুৱাক উপ সভাপতিক, দীপশিখা শইকীয়াক সম্পাদক, গুঞ্জণ কুমাৰ চাংমাইক সহ সম্পাদক হিচাপে বৰবৰুৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়।

Leave A Reply

Your email address will not be published.