“খনিকৰ পুথি”ৰ বিষয়ে জানক…

গোলাঘাট জিলাৰ এটি ঐতিহ্যপূৰ্ণ অঞ্চল হৈছে মিছামৰা মৌজা । সেই মিছামৰাৰে অন্তৰ্গত এখন গাঁও হৈছে খনিকৰ গাঁও ।সেই খনিকৰ গাঁৱৰ নামেৰেই মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ “কীৰ্তন” আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ” নামঘোষা”–এই দুভাগ পুথিৰ নাম “খনিকৰ পুথি” হয় ।

“খনিকৰ পুথি”ৰ লগত এটা কিংবদন্তি জৰিত হৈ আছে । মানৰ আক্ৰমণৰ সময়ৰ কথা । মানৰ বৰ্বৰ অত্যাচাৰৰ পৰা হাত সাৰিবৰ বাবে অসমৰ মানুহবিলাক দিহিঙে-দিপাঙে, হাবিয়ে-বননিয়ে ঘূৰি ফুৰিছিল । সেই সময়ত মিছামৰা অঞ্চলৰ ৰাইজেও মান সেনাৰ ভয়ত হাবিয়ে-বননিয়ে লুকাই থাকি প্ৰাণ ৰক্ষাৰ চেষ্টা কৰিছিল । তেতিয়া খনিকৰ গাঁৱতে মণি বৰুৱা ( স্বৰ্গীয় ৰামেশ্বৰ বৰুৱাৰ আজোককাক) নামৰ এজন আঢ্যৱন্ত, অথচ বৃদ্ধ ব্যক্তি আছিল । নিজৰ বৃদ্ধ অৱস্থাৰ বাবেই তেখেতে প্ৰাণ ৰক্ষাৰ হেতু পলাই যাবলৈ একেবাৰে অসমৰ্থ আছিল ।মান সেনাই মণি বৰুৱাৰ ঘৰৰ সকলো ধন-সোণ লুট কৰি নিলে যদিও তেখেতৰ একো অপকাৰ নকৰিলে । বৰঞ্চ মান সেনাই বৃদ্ধ বৰুৱাৰ হাতত এটা টোপোলা দি গ’ল ।

মণি বৰুৱাই টোপোলা খুলি চাই তাৰ ভিতৰত চাৰিখন সাঁচিপতীয়া পুথি পালে । সেইকেইভাগ আছিল–কীৰ্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী । পৰিস্থিতি স্বাভাৱিক হোৱাত মণি বৰুৱাই “কীৰ্তন” আৰু ” নাম ঘোষা” পুথি দুভাগ নিজৰ ঘৰৰ গোঁসাই ঘৰত ৰাখি বাকী “দশম” পুথি ভাগ খনিকৰ গাঁৱৰ নামঘৰলৈ আৰু ” ভক্তি ৰত্নাৱলী” পুথিভাগ ওচৰৰে হালোৱা গাঁৱৰ নামঘৰলৈ সংৰক্ষণ তথা পাঠৰ বাবে ভক্তিভাৱে আগবঢ়াই দিয়ে । কালক্ৰমত এই দুভাগ পুথিয়েই “খনিকৰ পুথি” নামেৰে প্ৰখ্যাত হয় ।

এই দুভাগ পুথিৰ বিষয়ে খনিকৰ গাঁৱৰে শ্ৰীযুত তীৰ্থনাথ বৰুৱা(স্বৰ্গীয় ৰামেশ্বৰ বৰুৱাৰ ভায়েক কুশেশ্বৰ বৰুৱাৰ পুত্ৰ)ই এনেদৰে লিখিছে–

” কীৰ্তন পুথিখনিতমুঠ পাতৰ সংখ্যা হ’ল ১০৫ খিলা ।ইয়াৰে দুখিলা বকলা ।পাতসমূহ দীঘলে ৪৫ ছে: মি: আৰু বহলে ১৬ ছে: মি: । পদৰ শেষ সংখ্যা ২২০৯ । কীৰ্তন পুথিখনিৰ শেষফালে লিখা আছে ” ১৬৯০ শকৰ ৫ মাস, ৪ বাৰ, ১ তিথি সমাপ্ত ।” ইয়াৰ পৰা জনা যায় এই কীৰ্তন পুথিভাগ লিখি সমাপ্ত কৰাহৈছিল ১৭৬৮ চনৰ আগষ্ট মাহত । “

আনহাতে “নাম ঘোষা” পুথিভাগৰ প্ৰসংগত তীৰ্থনাথ বৰুৱাদেৱে লিখিছে:–

” ‘নামঘোষা’ পুথিভাগৰ মুঠ পৃষ্ঠা সংখ্যা হ’ল ৫৩ । ইয়াৰে এখিলা বকলা ।পৃষ্ঠাৰ দীঘে ৩৫ ছে: মি: আৰু প্ৰস্থই ১০ ছে: মি : । পদৰ সংখ্যা ১০০০ ।বান্ধি ৰাখিবৰ বাবে পুথিখনৰ মাজত এটি সৰু ফুটাত খৰিহা ভৰোৱা আছে । ‘ ১৬৯০ শকৰ মাস ২ বাৰ বুধ ।ঘোষা পুস্তকং সম্পূৰ্ণ সমাপত ।’ ইয়াৰ পৰা জনা যায় এই নামঘোষা পুথিভাগ লিখি বা নকল কৰি শেষ কৰা হৈছিল ১৭৬৮ চনৰ মে’ মাহত ।”

শ্ৰীযুত বৰুৱাদেৱে দুয়োভাগ পুথিৰ সন্দৰ্ভত এনেদৰে মন্তব্য আগবঢ়াইছে:—

” দুয়োভাগ পুথিৰে কোনো পাতনি আৰু সূচীপাত নাই ।লিখোতাৰ নাম-ঠিকনাও নাই । মাথোঁ আছে – ‘ যথা দৃষ্টং তথা লিখিতং ।’ পুথি দুভাগৰ আখৰ, আখৰ লিখাৰ ধৰণ, শক, তিথি, বাৰ আদিৰ হিচাপ আৰু শেষৰ সংস্কৃত শ্লোক ফাঁকিৰ পৰা অনুমান হয় যে ঐতিহ্যপূৰ্ণ খনিকৰ পুথি লিখোতাজন আত্মপ্ৰকাশত অনিচ্ছুক , মহাপুৰুষ গুৰুদুজনাৰ একান্ত অনুগামী নিশ্চয় কোনোবা এজন অগাধ বৈষ্ণৱ পণ্ডিত আছিল ।”

যি নহওঁক, “খনিকৰ পুথি” প্ৰতি ভকত-বৈষ্ণৱসকলৰ শ্ৰদ্ধা-ভক্তি অত্যন্ত বেছি । বিভিন্ন অঞ্চলৰ ৰাইজে নামঘৰত শ্ৰদ্ধা-ভক্তিৰে ‘খনিকৰ পুথি’ৰ পাঠৰ আয়োজন কৰে । ৰাতি ‘ খনিকৰ পুথি’ পাঠৰ আয়োজন কৰা হয় আৰু পিছ দিনা নাম-প্ৰসংগৰ ব্যৱস্থা কৰা হয় ।সামৰ্থ্য থকা ভক্তসকলে ঘৰতো ” খনিকৰ পুথি” পাঠৰ আয়োজন কৰে । তেনেক্ষেত্ৰত ৰাতি “খনিকৰ পুথি”ৰ পাঠ হয় আৰু পিছ দিনা সাধাৰণতে নাম-চাউলৰ ব্যৱস্থা কৰে । নামঘৰতেই হওঁক বা গৃহস্থীৰ ঘৰতেই হওঁক, ৰাইজে গায়ন-ববায়নেৰে “খনিকৰ পুথি”ক ভব্য আদৰণি জনায় ।স্থানীয় সকলো শ্ৰেণীৰ লোকে “খনিকৰ পুথি”ৰ সন্মুখত ধূপ-বন্তি জ্বলাই আৰু তামোল-পান আগবঢ়াই সেৱা এটি ধৰি ভক্তি নিবেদন কৰে ।

তাৎপৰ্যপূৰ্ণ কথা হৈছে, “খনিকৰ পুথি” এঠাইৰ পৰা অন্য এঠাইলৈ পদব্ৰজেহে কঢ়িয়াই নিব লাগে ।গাড়ী-মটৰত “খনিকৰ পুথি” নিলে অমঙ্গল হয় বুলি বিশ্বাস কৰা হয় । কেইবছৰমানৰ পূৰ্বে এবাৰ গুৱাহাটীৰ কোনো এঠাইত “খনিকৰ পুথি” পাঠৰ ব্যৱস্থা কৰিছিল ।তেতিয়াও পদব্ৰজেহে গুৱাহাটীলৈ “খনিকৰ পুথি” নিয়াৰ সম্বাদ বাতৰি কাকত নে কোনো নিউজ চেনেলত পঢ়া/দেখা মনত আছে ।

এইদৰে পদব্ৰজে(তাকো খালী ভৰিৰে) এঠাইৰ পৰা অন্য ঠাইলৈ “খনিকৰ পুথি” কঢ়িয়াই নিওঁতে শ্ৰদ্ধাশীল ভক্ত-বৈষ্ণৱসকলে পথতে সেৱা ধৰি যৎসামান্য অৰিহণা আগবঢ়োৱা দেখা যায় ।

বৰ্তমান খনিকৰ পুথিৰ পৰিচালনা দায়িত্বত আছে শ্ৰীযুত ভৱেশ বৰুৱা আৰু অৰুণ বিকাশ বৰুৱা ডাঙৰীয়া । ভৱেশ বৰুৱা হৈছে মণি বৰুৱাৰ পৰিনাতি স্বৰ্গীয় ৰামেশ্বৰ বৰুৱাদেৱৰ পুত্ৰ । আনহাতে অৰুণ বিকাশ বৰুৱা হৈছে ৰামেশ্বৰ বৰুৱাৰ ভাতৃ স্বৰ্গীয় কুশেশ্বৰ বৰুৱাদেৱৰ পুত্ৰ ।

Related Articles