Breaking

আছুৰ লৰাই ক’লা পতাকা দেখালে যুৱ মৰ্চাৰ লৰাইয়ো আছুৰ লৰাক ক’লা পতাকা দেখুৱাব !

0 2,209

‘কা’ বিৰোধী আন্দোলনৰ সময়চোৱাত বিজেপিৰ বহুকেইজনো মন্ত্ৰী-বিধায়ক সন্মুখীন হব লগা হৈছিল ক’লা পতাকাৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেইবাবাৰো আছুৰ লৰাই ক’লা পতাকাৰ দেখুৱা দেখিবলৈ পোৱা গৈছিল । কিন্ত এতিয়াৰে পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আছুৱে দেখুৱাব নোৱাৰিব ক’লা পতাকা । ক’লা পতাকা দেখুৱা সম্পৰ্কত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, “এতিয়াৰে পৰা আছুৱে বিজেপিৰ নেতা-মন্ত্ৰীত দেখুৱাব নোৱাৰিব ক’লা পতাকা। যদিহে দেখুৱাই তেতিয়া বিজেপিৰ যুৱ মৰ্চাইও আছুৰ সদস্যসকলক ক’লা পতাকা দেখুৱাব। লগতে অসমত অ-ৰাজনৈতিক নতুন সংগঠনৰ জন্ম হ’ব।”

মন্ত্ৰী শৰ্মাই শনিবাৰে কয়, ”এতিয়া সদৌ অসম ছাত্ৰ সন্থাই লৰাই যেতিয়া ক’লা পতাকাৰ সন্মুখীন হ’ব তেতিয়া আমাৰো যুৱ মৰ্চাৰ লৰাই তেওঁলোকক ক’লা পতাকা দেখুওৱাৰ অধিকাৰ থাকিব। কাৰণ এইটো ৰাজনৈতিক দল আৰু ৰাজনৈতিক দল। আছুক ৰাজনীতিকৰণ কৰাটো মই ভাবো অসমৰ জাতীয় জীৱনৰ বাবে এটা ডাঙৰ অন্যায় হ’ল। আৰু আছুৰ গাত এইটো যিটো দাগ পৰিলে ইয়াৰ পৰা আছু ওলাই আহিবলৈ বহুত সময় লাগিব। আৰু হয়তো মই ভাবো অসমত আন কোনো অৰাজনৈতিক ছাত্ৰ সংগঠনৰো জন্ম হ’ব। কাৰণ এতিয়া আছুক মানুহে কোনোবা এটা ৰাজনৈতিক সংগঠনৰ ছাত্ৰ সংগঠৰূপেই ব্যৱহাৰ কৰিব।” ইফালে দলটো গঠন হোৱাৰ সময়তে কোন সভাপতি হ’ব সেয়াও ঠিক হৈ থকা বুলি কয় মন্ত্ৰী শৰ্মাই।

Leave A Reply

Your email address will not be published.