Breaking

গুৱাহাটীত অসম কেশৰী কবি অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৩৫ সংখ্যক জন্মজয়ন্তী উদযাপন; সাংবাদিক গকুল তালুকদাৰক সম্বৰ্ধনা জ্ঞাপন

0 1,360

কামৰূপ মহানগৰ, ১৯ ডিচেম্বৰঃ অনতৰগত কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ উদ্যোগত শুক্ৰবাৰে অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ ১৩৫ সংখ্যক জন্মদিন তথা ” চেতনা দিৱস ” পালন কৰা হয় । অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি তথা কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ সভাপতি কৰোনাকান্ত বৰ্মনৰ সভাপতিত্বত গুৱাহাটীৰ অসম সাহিত্য সভাৰ নেহা আগৰৱালা সভাকক্ষত অনুষ্ঠিত এই অনুস্থানৰ আৰম্ভণিতে অম্বিকাগিৰী ৰায় চৌধুৰী ৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পঞ্জলি প্ৰদান কৰা হয় । এই অনুস্থান মুকলি কৰে কামৰূপ মহানগৰ জিলা কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি হাছমত আলীয়ে । ইয়াৰ পিছতে সভাত বিশিষ্ট কবি- সাহিত্যিক কাপুৰ চান্দ জৈনক “কাব্য বিভূতি”উপাধি প্ৰদান আৰু দৈনিক অসমৰ সাংবাদিক তথা কবি গোকুল তালুকদাৰক বিশেষ সমবৰ্ধনা জ্ঞাপন কৰা হয় । কবি সন্মিলনৰ যুটীয়া সম্পাদক মনোজ দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লয়  বিশিষ্ট কবি দীনেশ দাস আৰু বিপুল শৰ্মাই । শলাগৰ শৰাই আগবঢ়াই সন্মিলনৰ যুটীয়া সম্পাদক ৰুমা ভট্টাচাৰ্য্যই । সভাত অসম কবি সন্মিলনৰ কেইবাগৰাকীও বিষয় ববীয়াই অংশ গ্ৰহণ কৰে ।

Leave A Reply

Your email address will not be published.