ধাৰাবাহিক সাফল্যৰে উজলিল নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়…

মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ আশাআব্যঞ্জক সাফল্যৰে ঘোষিত হ’ল চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত কলা, বিজ্ঞান দুয়োটা শাখাতে নাৰায়ণপুৰৰ চৰকাৰী শিক্ষানুষ্ঠানৰ সন্তোষজনক ফলাফল, চৰকাৰী বিদ্যালয় নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে উন্নত ফলাফলে কতৃত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱাৰ উপৰিও কলা শাখাত ৯৮.৬০ শতাংশ বিজ্ঞান শাখাত ১০০ শতাংশ ফলেৰে কতিত্বৰ পৰিচয় দিবলৈ সক্ষম হৈছে।কলা শাখাত অৱত্তীৰ্ণ হোৱা ১৪৩ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে ১২ গৰাকীয়ে ষ্টাৰ, ৫৩ গৰাকীয়ে প্ৰথম বিভাগ, ৬৪ গৰাকীয়ে দ্বিতীয় বিভাগ তৃতীয় বিভাগত ২৪ গৰাকীয়ে উত্তীৰ্ণ হোৱাৰ বিপৰীতে বিজ্ঞান শাখাত অৱতীৰ্ণ হোৱা ৯ গৰাকীৰ ভিতৰত ২ গৰাকী প্ৰথম বিভাগ, ৭ গৰাকীয়ে দ্বিতীয় বিভাগৰে ১০০ শতাংশ উত্তীৰ্ণ হয়।

বিদ্যালয়ৰ অধ্যক্ষা অলকা বৰদলৈয়ে কয় যে -বিদ্যালয়খনৰ সামগ্ৰিক ফলাফলক লৈ আমি সুখী অনাগত দিনবোৰত সকলোৰে প্ৰচেষ্টাত এশ শতাংশ উত্তীৰ্ণৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হম। বিদ্যালয় ইংৰাজী বিষয়ৰ বিষয় শিক্ষক দীপক বৰা, অসমীয়া বিভাগৰ বিষয় শিক্ষক অনন্ত গগৈয়ে বিদ্যালয়ৰ শ্ৰেষ্ঠ ১২ গৰাকী উত্তীৰ্ণ শিক্ষাৰ্থীৰ নাম সদৰী কৰে-নিহাৰীকা শইকীয়া ৮৮.৮ %,পুনম নেওগ ৮৮%মাদ্ৰী বৰা ৮৬.৬%,ভদ্ৰ সিং পেগু ৮৬.৪%,লিপিকা বৰা ৮৪%,প্ৰণামিকা বৰা ৮৪%ৰশ্চি দেউৰী৮৩.৪%,পূজা বৰুৱা৮১.৮%,দেৱনীল কৌশিক শৰ্মা ৭৯.২%,মধুস্মিতা দাস৭৬.৪,নিবেদিতা বৰা৭৭.২%প্ৰাৰ্থনা বৰুৱা ৭৫.৬ % শতাংশ লাভ কৰিবলৈ সক্ষম হয়।এনেধৰণৰ সফলতাৰ ধাৰাবাহিকতাই বিদ্যালয়,অভিভাৱকৰ লগতে বৰ নাৰায়ণপুৰ বাসী ৰাইজ উৎফুল্লিত হৈছে।সকলোৱে এনেধৰণৰ ফলাফলত আনন্দিত হৈ মাতৃভাষা মাধ্যমৰ বিদ্যালয় জয়জয়কাৰ বিচাৰিছে।

Related Articles