Breaking

৩০ বছৰ বয়সত মাতৃ নোহোৱা, নিজৰ ওপৰতে খং; ক’লে ৩০ বছৰ বয়সত মাতৃ হ’ব নোৱাৰাৰ বহু কথা ডিয়া মিৰ্জাই…

0 27

বলীউডৰ অভিনেত্ৰী ডিয়া মিৰ্জাই ৩৯ বছৰ বয়সত জন্ম দিলে পুত্ৰ সন্তান অব্যাণক। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে যেতিয়া ডিয়া মিৰ্জাৰ বয়স ৩০ বছৰ আছিল যেতিয়া তেওঁ মাতৃ হ’ব বিচাৰিছিল, কিন্তু ভাগ্যত লিখা আছিল আন কিবা। মাতৃ দিৱস উপলক্ষে ডিয়া মিৰ্জাই ৩০ বছৰ বয়সত মাতৃ হোৱাৰ যাত্ৰা আৰু মাতৃ হ’ব নোৱাৰাৰ বহু কথা কয়।


এক সাক্ষাৎকাৰত ডিয়া মিৰ্জাই কয় যে তেওঁ ৩০ বছৰ বয়সতে মাতৃ হ’ব বিচাৰিছিল। তেওঁ ক’লে, মোৰ বয়স যেতিয়া ২৬ বছৰ আছিল তেতিয়া মই ৩০ বছৰ সম্পূৰ্ণ হোৱাৰ আগতেই বিয়া হ’ব বিচাৰিছিলো আৰু এটা সন্তান জন্ম দিব বিচাৰিছিলো। কিন্তু জীৱনটো যিদৰে চলিব লাগে তেনেকৈয়ে চলি থাকিল।


তেওঁ আৰু কয়, “মই বিশ্বাস কৰোঁ যে মোৰ জীৱনটো যিদৰে চলি আছিল তাৰ লগত মানসিক চাপ, উত্তেজনা, আঘাত আৰু অন্যান্য সমস্যাৰ সৃষ্টি হয়। আৰু সঁচাকৈয়ে সুখ বিচাৰি পোৱাৰ একমাত্ৰ উপায় আছিল যেনেকে আছোঁ নিজকে তেনেকৈ গ্ৰহণ কৰা। মই মাত্ৰ এগৰাকী মাতৃ হ’ব বিচাৰিছিলোঁ।

অৱশ্যে ডিয়া মিৰ্জাইও স্বীকাৰ কৰে যে তেওঁৰ পৰিকল্পনা অনুসৰি জীৱনটো নহ’ল বুলি খং কৰিছিল নিজকে। তেওঁ কয় যে ইয়াৰ বাবেই তেওঁৰ সম্পৰ্কবোৰো সেই সময়ত প্ৰভাৱিত হৈছিল। খং উঠিল, হতাশ হ’ল, সকলো আচিল ডিয়াৰ জীৱনত। তাৰ বাবে তেওঁৰ সম্পৰ্কতো প্ৰভাৱ পৰিছিল। অৱশেষত ৩৯ বছৰ বয়সত এটি পুত্ৰ সন্তান জন্ম দিয়ে ডিয়া মিৰ্জাই।

Leave A Reply

Your email address will not be published.