Breaking

স্তব্ধ হৈ ৰ’ল এটি সাহসী কণ্ঠ

0 91

বীৰুবালা ৰাভা যাৰ নামেই পৰিচয়। দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰি আছে। অসমত ডাইনী সন্দেহত আতিশয্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে। তেওঁৰ কামৰ বাবে নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটা আগশাৰীৰ সংগঠনে তেওঁৰ নাম ২০০৫ চনত শান্তিৰ ন’বেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল। ভাৰত চৰকাৰে ২০২১ চনত অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰভিলা নামৰ এখন ভিতৰুৱা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত ১৯৫৪ চনত বীৰুবালা ৰাভাৰ জন্ম হৈছিল।শৈশৱৰ ঘৰখনত বহু কষ্টেৰে ডাঙৰ-দীঘল হোৱা ৰাভাই মাত্ৰ পঞ্চম শ্ৰেণীলৈকে পঢ়া-শুনা কৰাৰ পাছতেই বিদ্যালয় এৰিবলগীয়া হৈছিল।

গোৱালপাৰা জিলাৰ ঠাকুৰভিলা গাঁৱৰ এজন কৃষকৰ সৈতে তেওঁৰ বিবাহ পাশত আবদ্ধ হয়।৷সৰুৰে পৰা বিভিন্ন সামাজিক কামত জড়িত থাকি তেওঁ ২০০০ চনৰ পৰাই তেওঁ সমাজত প্ৰচলিত ডাইনী প্ৰথাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল। প্ৰথমতে গোৱালপাৰা জিলাতে ডাইনী হত্যাৰ বিৰুদ্ধে জনসচেতনতা আনিবলৈ চেষ্টা কৰি যোৱা দুটা দশক ধৰি তেওঁ অন্ধবিশ্বাস পৰা মুক্ত কৰিবলৈ সংগ্ৰাম কৰি আহিছিল । ১৯৮৫ চনত তেওঁ ঠাকুৰভিলা মহিলা সমিতিৰ সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰি গাঁৱে গাঁৱে গৈ ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসসমূহৰ বিষয়ে মানুহক সচেতন কৰিবলৈ চেষ্টা কৰি আহিছিল । ২০০৬ চনত তেওঁ অসম মহিলা সমিতিৰ এই সন্দৰ্ভত চেষ্টা চলাই থকা বিভাগত যোগ দিয়ে। বিৰুবালা ৰাভাই প্ৰায় ৩৪ গৰাকী লোকৰ প্ৰাণৰক্ষা কৰিছে। ২০১১ চনত ডাইনী হত্যাৰ বিৰুদ্ধে তেওঁ গোৱালপাৰা জিলাত মিছন বিৰুবালা আৰম্ভ কৰে। ২০১২ চনৰ ৩০ অক্টোবৰত এই মিছনক ৰাজ্যিক অভিযান হিচাপে স্বীকৃতি দিয়া হয়।অন্ধবিশ্বাস আধাৰিত ডাইনী হত্যাৰ দৰে সামাজিক বিকাৰৰ বিৰুদ্ধে জনসচেতনা গঢ়ি সমাজক কু-প্ৰথাসমূহৰ পৰা মুক্ত কৰাৰ মহৎ প্ৰয়াসত নিজকে সমৰ্পন কৰা মহিয়সী নাৰী, পদ্মশ্ৰী বীৰুবালা ৰাভা ডাঙৰীয়ানীৰ আজি বিয়োগৰ বতৰাই অতিকৈ মৰ্মাহত কৰি তুলিছে। তেখেতৰ মৃত্যুত এগৰাকী নিভাঁজ সমাজসংস্কাৰক হেৰুওৱাৰ লগতে অসমৰ সমাজ জীৱনেও হেৰুৱালে এক অমূল্য সম্পদ।

প্ৰতিকুল পৰিস্থিতিৰ লগত মোকামিলা কৰিব পৰাকৈ বীৰুবালা ৰাভা আছিল এগৰাকী অত্যন্ত সাহসী আৰু ব্যৱহাৰিক জ্ঞান-অভিজ্ঞতাৰে পৰিপুষ্ট, প্ৰৱল আত্মবিশ্বাসী মহিলা। গোৱালপাৰা জিলাৰ এখন অতি ভিতৰুৱা গাঁৱৰ বাসিন্দা বীৰুবালা ৰাভা ডাঙৰীয়ানীয়ে সমগ্ৰ অসমতে ডাইনী হত্যাৰ সামাজিক বিকাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে ব্যাপক জনজাগৰণ সৃষ্টিত অত্যন্ত মহত্বপূৰ্ণ অৰিহণা যোগাই থৈ গ’ল। এসময়ত নিজেও এই কুপ্ৰথাৰ বলি হৈ সমাজৰ পৰা নিৰ্যাতন-গঞ্জনা ভোগিবলৈ বাধ্য হোৱা এই গৰাকী অসাধাৰণ মহিলাই পাছলৈ আমাৰ সমাজত অন্ধবিশ্বাস আৰু অজ্ঞানতাৰ বিৰুদ্ধে, ডাইনী প্ৰথাৰ বিৰুদ্ধে অদমনীয় যুঁজৰ নেতৃত্ব বহন কৰি সকলোৰে বাবে এক আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে।তেখেতৰ সাহস, সততা আৰু দৃঢ়তাই উদ্বুদ্ধ কৰা অসমৰ ভিন্ন স্থানৰ বহু যুৱক-যুৱতী, নাগৰিকৰ সহযোগিতা আৰু অংশগ্ৰহণেৰে ২০১১ চনত ‘মিছন বিৰুবালা’ আৰম্ভ কৰি ৰাজ্যৰ ভিতৰুৱা অঞ্চলসমূহত অন্ধবিশ্বাস আৰু ডাইনী প্ৰথাৰ বিৰুদ্ধে জনসাধাৰণক সজাগ কৰাত হিতে-কামে ব্ৰতী হৈছিল আৰু ডাইনী প্ৰথাৰ বলি হোৱা বহুলোকক ৰক্ষা কৰিছিল। বীৰুবালা ৰাভাক সৰ্বেশ্বৰ দত্ত সোঁৱৰণী বঁটা (২০১১)আনন্দৰাম ঢেকিয়াল ফুকন বঁটা (২০১৯),12th Upendra Nath Brahma Soldier of Humanity Award (২০১৫) সন্মান আগবঢ়াইছিল।

Leave A Reply

Your email address will not be published.