যোৱা ৬ মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছো, লোকসভা নিৰ্বাচনত মই একো কৰিব নোৱাৰিমঃ বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোদীৰ দেহাৱসান…

বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল মোদীৰ ৭২ বছৰ বয়সত দেহাৱসান।


এসময়ত বিহাৰত বিজেপিৰ পৰিচিত মুখ সুশীল মোদীয়েও স্বাস্থ্যৰ বাবে চলি থকা লোকসভা নিৰ্বাচনৰ পৰা আঁতৰি আহিছিল।

তেওঁ ৩ এপ্ৰিলত টুইটাৰ এক্সত এটা পোষ্টৰ জৰিয়তে ছ’চিয়েল মিডিয়াত এই কথা ঘোষণা কৰিছিল।

দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত সোমবাৰে সন্ধিয়া বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যু হয়।

কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।


টুইটাৰ এক্সত এটা পোষ্টৰ জৰিয়তে ছ’চিয়েল মিডিয়াত কৈছিলঃ “মই যোৱা ৬ মাহ ধৰি কেন্সাৰৰ সৈতে যুঁজি আছো। এতিয়া অনুভৱ কৰিছো যে মানুহক কোৱাৰ সময় আহি পৰিছে। লোকসভা নিৰ্বাচনত মই একো কৰিব নোৱাৰিম। প্ৰধানমন্ত্ৰীক সকলো কথা কৈছো। সদায় কৃতজ্ঞ আৰু সদায়।” দেশ, বিহাৰ আৰু দলৰ প্ৰতি উৎসৰ্গিত।’

Related Articles