৩১ মে’ লৈকে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ ইচ্ছা কৰা দেশ-বিদেশৰ পৰ্যটকৰ বাবে সুখবৰ। পৰ্যটকৰ উদ্যান ভ্ৰমণৰ সুবিধার্থে অর্থাৎ জীপ ছাফাৰীৰ বাবে উদ্যান মুকলি থাকিব ৩১ মে লৈকে। উল্লেখ্য বাৰিষা নামি অহাৰ লগে লগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ বাট-পথবোৰ যান-বাহন চলাচল কৰাত সমস্যাৰ সৃষ্টি হয়। পর্যটকে জীপ ছাফাৰী কৰা পথসমূহ বোকাময় হৈ পৰাৰ বাবে কাজিৰঙা বাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ যোৱা পর্যটকৰ জীপছী গাড়ী বোকাত লাগি কেতিয়াবা আবদ্ধ হৈ পৰে। গতিকে এনেবোৰ সমস্যাৰ প্রতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই এক নির্দেশনা যোগে ১৬ মে’ৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী বন্ধ ঘোষণা কৰিছিল। কিন্তু আন বছৰৰ তুলনাত এইবাৰ বৰষুণৰ পৰিমাণ বিশেষকৈ কাজিৰঙা এলেকাত হ্রাস পোৱাত বর্তমান উদ্যানৰ ভিতৰত পর্যটকে জীপ ছাফাৰী কৰা বাট-পথ আন বছৰৰ তুলনাত যথেষ্ট ভাল হৈ আছে ।

আনফালে বর্তমানলৈকে কাজিৰঙাত দেশ-বিদেশব পর্যটকৰ আগমনো অব্যাহত আছে। ইফালে এদিন পূর্বে ৰাজ্যখনৰ পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱা কাজিৰঙাত উপস্থিত হোৱাত কাজিৰঙাৰ সমূহ পর্যটন ব্যৱসায়ীৰ হৈ কাজিৰঙা পর্যটন ব্যবসায়ী কল্যাণ ছ’চাইটীৰ সভাপতি তুলসী বৰদলৈ আৰু সম্পাদক ত্রৈলোক্য গগৈয়ে মন্ত্রীজনক লগ ধৰি পর্যটকৰ সুবিধার্থে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰীৰ ব্যৱস্থা কিছু দিন বৃদ্ধি কৰিবলৈ এখন স্মাৰকপত্র প্রদান কৰে। স্মাৰকপত্ৰত উল্লেখ কৰা মতে এইবাৰ অর্থাৎ ২০২৩-২৪ পর্যটন বর্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ অভিলেখ সংখ্যক পর্যটকৰ আগমন ঘটিছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই সর্বাধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰি পর্যটকক আহ্বান জনোৱাত বিশ্ব ঐতিহ্য ক্ষেত্ৰখনলৈ দেশ-বিদেশৰ পৰ্যটকৰ সোঁত বৈছে বুলি উল্লেখ কৰিছে।

গতিকে কাজিৰঙালৈ পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান ৩১ মে’ পর্যন্ত খোলা ৰাখিবলৈ পর্যটন মন্ত্রীক আহ্বান জনোৱাত পর্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই কথাটো ৰাজ্যখনৰ বন মন্ত্রীক অৱগত কৰে। ৰাজ্যখনৰ ভিতৰতে সর্বাধিক পর্যটকৰ আগমন ঘটা স্থান হিচাপে পৰিগণিত হোৱা কাজিৰঙা ৰাষ্ট্রীয় উদ্যানব গুৰুত্ব দিনক দিনে বৃদ্ধি হোৱাত তথা পর্যটকৰ সুবিধার্থে বন মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কথাটো গুৰুত্বসহকাৰে লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক ৩১ মে’লৈকে উদ্যানখন মুকলি ৰাখিবলৈ নির্দেশ দিয়ে। বন মন্ত্রীৰ নির্দেশ মর্মে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়াই বতৰৰ ওপৰত নিৰ্ভৰ কৰি ২০২৩- ২৪ পর্যটন বর্ষৰ বাবে আগন্তুক ৩১ মে’ পর্যন্ত পর্যটকৰ বাবে মুকলি ৰখা হ’ব বুলি এক নির্দেশনা যোগে সকলোকে অৱগত কৰে। উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ ইচ্ছা প্রকাশ কৰি ইতিমধ্যে চলিত মাহ তথা জুন মাহতো দেশ-বিদেশৰ পর্যটকে কাজিৰঙাত থকা পর্যটন নিৱাসৰ কোঠা সংৰক্ষণ কৰি থৈছে বুলি কেইবাজনো পর্যটন ব্যবসায়ীয়ে জানিবলৈ দিয়ে।

Related Articles