পৰীক্ষা মানেই যেন এক ভয় লগা পৰিৱেশ। কাৰণ পৰীক্ষা হ’ল জীৱন জোখাৰ মাপকাঠি। এজন ছাত্ৰ প্ৰথম যিদিনা স্কুললৈ যাবলৈ আৰম্ভ কৰে সেইদিনাৰ পৰাই তেওঁৰ জীৱনটো কেৱল পৰীক্ষাৰ সন্মুখীন হৈয়ে আহিবলগীয়া হয়। নিম্ন পৰ্যায়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ আহি আহি যিদিনা ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিকৰ দুৱাৰ-ডলিত ভৰি দিব অৰ্থাৎ উচ্চ শিক্ষাৰ বাবে যোগ্যতা অৰ্জনৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সাজু হয় সেই তেতিয়াৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ মনত নানা আশংকাই জুমুৰি দি ধৰে। ইয়াৰ লগে লগে অভিভাৱকসকলৰ মনতো পুত্ৰৰ উচ্চ শিক্ষাক লৈ উদ্বেগ-উৎকণ্ঠা, ভয়-শংকাই বাহ লয়। কেৱল এটাই চিন্তা তেওঁলোকৰ মনত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে যে তেওঁৰ ল’ৰাটোৱে বা ছোৱালীজনীয়ে কেনে ধৰণৰ ৰিজাল্ট কৰে মেট্ৰিকত আৰু এয়া হোৱাটোৱেই স্বাভাৱিক।
সেয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সমানে সমানে চিন্তা- উৎকণ্ঠা আৰু ভয় সঞ্চাৰ হোৱাটো একেবাৰে স্বাভাৱিক। ইয়াৰ মূল কথাটোৱেই হ’ল- শিক্ষাৰ্থীৰ ক্ষেত্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষাই হ’ল ছাত্ৰ-ছাত্ৰীৰ উচ্চ শিক্ষাৰ প্ৰথমটো ঢাপ। গতিকে জীৱন জীনাৰ এই প্ৰথম ঢাপ পাৰ হ’বলৈ যাওঁতে সকলোৰে উৎকণ্ঠা, ভয়-শংকাৰ ভাব মনলৈ অহাটো মানি ল’বলগীয়া বিষয়। সেইদৰে জীৱনত উচ্চ শিক্ষা গ্ৰহণ কৰি আগবাঢ়িবলৈ শিক্ষাৰ্থীসকলৰ বাবে দ্বিতীয়খন দেওনা পাৰ হ’বই লাগিব। এই দেওনাখনেই হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা। উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত এগৰাকী শিক্ষাৰ্থীয়ে নিৰ্ধাৰণ কৰিব পাৰে তেওঁ কেনেদৰে আগবাঢ়ি যাব জীৱনৰ তৃতীয় ইনিংছত বা কেনেদৰে আগবাঢ়ি যাব ভৱিষ্যতৰ দিনত। আৰু সেয়ে এইটো পৰীক্ষাৰ ফলাফলে অৰ্থাৎ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণৰ ফলাফলে এগৰাকী শিক্ষাৰ্থীৰ পছন্দৰ উচ্চ শিক্ষাৰ বাট মুকলি কৰে। তাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট কষ্ট কৰে এই পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি এখন ভাল শিক্ষা প্ৰতিষ্ঠানলৈ গৈ নামভৰ্তি কৰি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ। সেয়ে হয়তো বৰ্তমান সময়ত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ মনত এক অঘোষিত প্ৰতিযোগিতাৰ মনোভাব গঢ়ি উঠিছে। এয়া ভৱিষৎ দিনৰ বাবে শিক্ষাৰ ক্ষেত্ৰত এক শুভ লক্ষণ বা যোগাত্মক দি যি কি নহওক, সেই উদ্দেশ্য লৈয়ে হয়তো শিক্ষা সংসদ, চৰকাৰ আৰু বিশেষজ্ঞসকলে শিক্ষাৰ আমূল পৰিৱৰ্তৰ ন ন চিন্তা-চৰ্চা কৰি আছে আৰু সেইবোৰ প্ৰয়োগ কৰি ভৱিষ্যৎ দিনত উন্নত শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। এনেবোৰ কথা চিন্তা কৰিয়েই হয়তো এইবাৰ বিলম্ব নকৰাকৈ বা ৰিজাল্ট কেতিয়া দিব কেতিয়া দিব বুলি ৰৈ থাকিবলগীয়া নোহোৱাকৈয়ে আৰু অসমৰ ছাত্ৰ-ছাত্ৰীয়ে যাতে বাহিৰত গৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে কোনো বিসংগতি নোহোৱাকৈ তেনে চিন্তা কৰিয়েই উচ্চ মাধ্যমিক শিক্ষা সংসদে পৰীক্ষা হৈ যোৱাৰ দুমাহৰ ভিতৰতে পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। এয়া উচ্চ শিক্ষাৰ বাবে বাহিৰত পঢ়িব যাম বুলি ভাবি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক ডাঙৰ সকাহ। নহ’লে পূৰ্বতে পৰীক্ষাৰ খবৰ ওলাব ওলাব কৰি থাকোতেই ইতিমধ্যে বাহিৰৰ শিক্ষা প্ৰতিষ্ঠানবোৰত নামভৰ্তিৰ সময় উকলি যায়। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ এটা বহুমূলীয়া বছৰ এনেয়ে যায়। যিটো হয়তো এইবাৰ নঘটিব উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যাব বিচৰা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত। অৱশ্যে এতিয়ালৈ চি বি এছ ই অৰ্থাৎ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ওলোৱা নাছিল যদিও আজি ঘোষণা কৰিছে ফলাফল। পশ্চিমবংগ, কেৰালা, কৰ্ণাটক আদি কেইখনমান ৰাজ্যৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে। অসমেও এইক্ষেত্ৰত এই ৰাজ্যসমূহৰ সৈতে খোজত খোজ মিলাই আগবাঢ়ি যাব পৰাটো আমাৰ বাবে আশাৰ বতৰা। এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত আমি দেখা পোৱা উল্লেখযোগ্য কথা হ’ল যে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে পূৰ্বৰ দৰে পৰীক্ষাৰ ফলাফলৰ সৈতে ঘোষণা নকৰিলে পৰীক্ষাত স্থানপ্ৰাপকৰ তালিকা। বিগত বৰ্ষসমূহত এনে স্থানপ্ৰাপকৰ তালিকা ঘোষণাৰ লগে লগেই কেউফালে সৃষ্টি হৈছিল এক অভাৱনীয় আনন্দৰ বন্যাৰ। বিদ্যালয়ে বিদ্যালয়ে আনন্দৰ জোৱাৰ উঠিছিল, ফটকা-আতছবাজীৰে ৰজনজনাই গৈছিল অসমৰ শিক্ষাৰ ক্ষেত্ৰখন। কিন্তু এইবাৰ সেই পৰিৱেশ নাই। কিন্তু এইবাৰৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰৰ তালিকাখনে সকলোকে সন্তুষ্ট কৰিবলৈ সক্ষম হৈছে। ডিষ্টিংচন, ষ্টাৰ মাৰ্কপ্ৰাপকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, বৃদ্ধি পাইছে ১০০ শতাংশ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা। ইয়ে আমাৰ শৈক্ষিক জগতখনৰ ক্ষেত্ৰত নিশ্চয় সহায়ক হ’ব। আৰু সেই লৈয়ো বিদ্যালয়ে বিদ্যালয়ে উদ্ভৱ হৈছে উৎসৱমুখৰ পৰিস্থিতি। স্থানপ্ৰাপকৰ তালিকা এইবাৰ নাই যদিও ইয়াৰ বিশেষ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা নাই। বৰং মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত পৰা অনৰ্থক মানসিক চাপৰ পৰা মুক্ত হ’ব পাৰিব আৰু এয়া আদৰণীয়। আনহাতে, প্ৰতি বছৰে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এটা কথাই সকলোৰে মনত এক অজান সন্দেহৰ ভাব সুমুৱাই দিয়ে। সেয়া হ’ল নিজৰ শিক্ষানুষ্ঠানৰ গৰিমা বৃদ্ধিৰ বাবে একাংশ শিক্ষানুষ্ঠানে স্থানপ্ৰাপকৰ তালিকাত নিজৰ নাম সুমুৱাবলৈ অশুভ পন্থা গ্ৰহণ কৰা বুলি কৰা অভিযোগৰ খবৰ। কিন্তু এইবাৰ সেই সুবিধা নাই আৰু তেনে বদনামৰ পৰাও শিক্ষা প্ৰতিষ্ঠানসমূহ মুক্ত হ’ব পাৰিছে। ইতিমধ্যে শিক্ষা সংসদে চি বি এছ ইৰ আৰ্হিত ফলাফল কৰাৰ লগতে উত্তৰ বহী মূল্যায়ন আদি অন্যান্য দিশতো নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণ কৰি শিক্ষাৰ ক্ষেত্ৰখনত পৰিৱৰ্তন আনিবলৈ আগবাঢ়িছে। এই নীতিৰ আধাৰতে নম্বৰভিত্তিক শিক্ষাতকৈ জ্ঞানভিত্তিক শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে।
এইবাৰ অন্যান্য বছৰতকৈ উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণৰ হাৰ অধিক। আনন্দৰ কথা এয়ে যে সততে পিছপৰা বুলি কৈ থকা বাক্সা জিলাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল অতি উন্নত। কলা শাখাত এইবাৰ বাক্সা জিলাই শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। আনহাতে, বিজ্ঞান আৰু বাণিজ্য শাখাতো জিলাখনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। আকৌ, বিজ্ঞান শাখাত ৯৭.৯৮ শতাংশ উত্তীৰ্ণৰে প্ৰথম স্থান লাভ কৰিছে তামুলপুৰ জিলাই। এয়া আমাৰ ৰাজ্যখনৰ বাবে সু-খবৰ। এতিয়া চৰকাৰৰ দায়িত্ব এই মানৱ সম্পদসমূহ সঠিক পথত সংস্থাপন দি সুস্থ নাগৰিক গঢ়ি তোলা।
এতিয়া কথা হ’ল আমি পৰীক্ষাৰ ফলাফলাৰ ওপৰতকৈ নম্বৰৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰো। সেয়ে হয়তো বৰ্তমান সময়ত ছাত্ৰ-ছাত্ৰীসকলেও নম্বৰৰ ওপৰতহে সৰ্বাধিক গুৰুত্ব দিয়া দেখা যায়। অধিক নম্বৰ পোৱাজনেই এতিয়া মেধাৰ শাৰীত পৰে। নম্বৰ কম পালেই তেওঁ আনৰ দৃষ্টিৰ পৰা ফালৰি কটা দেখা যায়। ফলত একাংশ ছাত্ৰ-ছাত্ৰী যেনেদৰে উৎসাহী হৈছে ঠিক তেনেদৰে আন একাংশ ছাত্ৰ-ছাত্ৰী হীনমন্যতাত ভুগিছে। আনকি অশুভ ঘটনা সংঘটিত কৰিবলৈ উদ্যত হৈছে। আমি পৰীক্ষাৰ খবৰ ওলোৱাৰ পিছতেই ব্যস্ত হৈ পৰো কীৰ্তিমানসকলক লৈহে। কিন্তু যিসকল ছাত্ৰ-ছাত্ৰীয়ে কম নম্বৰ পাইছে অথবা অনুত্তীৰ্ণ হৈছে সেইসকলৰ মনোবেদনা, তেওঁলোকৰ অভাৱ-অভিযোগ আদিৰ খবৰ লোৱাতো দূৰৰে কথা তেওঁলোকক এষাৰ মাত দিয়াৰো ইচ্ছা প্ৰকাশ নকৰো। কিন্তু আমি তেওঁলোকে কিহৰ অভাৱত পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল সেই বিষয়ে অলপো নাভাবো। কিন্তু মনত ৰখা ভাল যে তেওঁলোকৰো কিবা নহয় কিবা দক্ষতা নিশ্চয় আছে। আমি যেনেদৰে সফলতাৰে উত্তীৰ্ণসকলৰ ওচৰত থিয় হৈ আনন্দ-উল্লাস কৰো, উৎসাহ-আশীৰ্বাদ দিওঁ, তাৰ আধাও যদি আমি কম নম্বৰ পোৱা বা অনুত্তীৰ্ণ হোৱাসকলৰ ওচৰত থিয় হৈ তেওঁলোকৰ ক’ত ক’ত দুৰ্বলতা আছে তাৰ খবৰ লওঁ তেতিয়াহ’লে তেওঁলোকে পুনৰ পৰীক্ষাত বহিবলৈ সাহস পাব আৰু সময়ত উত্তীৰ্ণও নিশ্চয় হ’ব পাৰিব। ইয়াত অকণো সন্দেহ নাই। তেওঁলোকৰ পৰিয়ালটোৰ অৱস্থা কেনে হৈছে সেই কথা ভাবিও যদি আমি তেওঁলোকৰ কাষত থিয় দিওঁ, তেওঁলোকে নিশ্চয় সাহস পাব। আমি এটা কথা মনত ৰাখিব লাগিব যে আমি যেনেদৰে সফল তথা মেধা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত গুৰুত্ব দিওঁ তেনেদৰে অসফলসকলক অৱজ্ঞা কৰাৰ ফলত তেওঁলোক সমাজৰ পৰা ক্ৰমে এলাগি হৈ পৰিছে। কিন্তু এই ব্যৰ্থসকলকো যে আমি উৎসাহ যোগাই আগবঢ়াই নিব লাগিব সেই কথাত কাৰো বিশেষ গুৰুত্ব নাথাকে। কিন্তু গুৰুত্বপূৰ্ণ আৰু সত্য কথাটো হ’ল— যেনেদৰে সফল ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বাঢ়িছে ঠিক তেনেদৰে অসফল ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও কিন্তু কম হৈ থকা নাই। এই বছৰ উচ্চ মাধ্যমিক পৰীক্ষাত চাৰি লাখ ঊনৈশ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় এক লাখ শিক্ষাৰ্থীয়েই ব্যৰ্থ হৈছে। এই সংখ্যাও কিন্তু কম নহয়। সেইদৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত প্ৰায় ৩০ হাজাৰ শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম নহ’ল। ইমানৰ পিছতো আমি যেনেদৰে সফল ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত অধিক মনযোগ দিওঁ তেনেদৰে অসফল বা তৃতীয় বিভাগত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নিদিওঁ। এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল দুই লাখ তেসত্তৰ হাজাৰ। ইয়াৰে কলা, বিজ্ঞান আৰু বাণিজ্য শাখা মিলি তৃতীয় বিভাগত উত্তীৰ্ণ মুঠ ৭৮ হাজাৰৰ অধিক। শিক্ষাৰ মান বাঢ়িছে বুলি আমি যিমানে সন্তুষ্টি লাভ নকৰো কিয় এই পৰিসংখ্যাই কিন্তু এই ছবিখন ধূসৰ কৰি তুলিছে। গতিকে যদি শিক্ষা বিভাগে সফল পৰীক্ষাৰ্থীসকলৰ বাবে দায়িত্বৰ কথা চিন্তা কৰে, তাৰ লগে লগে এই বৃহৎসংখ্যক অসফল ছাত্ৰ-ছাত্ৰীৰ বাবেও ভাবক, তেওঁলোকৰ অসফলতাৰ কাৰণ খুঁচৰি উলিয়াই আনি সেইবোৰ পূৰণৰ ব্যৱস্থা কৰক। তেতিয়াহে ৰাজ্যৰ শিক্ষাৰ প্ৰকৃত মান আৰু দায়বদ্ধতা বাঢ়িব। গুণগত শিক্ষাৰ মৰ্যাদা বৃদ্ধি পাব।