Breaking

কটা ঘাঁত নিমখ নচটিয়াব…

0 45

বৰ্তমান সমগ্র অসমতে চৰ্চিত হৈ থকা এটা বিষয় হ’ল পংখী সন্দিকৈৰ হত্যাকাণ্ড। স্বামীয়ে গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি অৱশেষত আত্মহত্যাৰ ৰূপ দিব খোজা নাটকখনৰ কথা সকলোৱে গম পাইছে তথাপি আমাৰ সমাজৰ অধিকাংশই বৰ্তমান পংখী সন্দিকৈৰ স্বামী নীতিকেশ ডেকাক দায়ী বুলি কোৱাৰ পৰিৱৰ্তে পাকে-প্ৰকাৰে পংখী সন্দিকৈ আৰু তেওঁৰ পিতৃ-মাতৃকহে উক্ত ঘটনাৰ বাবে দোষী সজালে। সামাজিক মাধ্যমত এইকেইদিন কেৱল এটাই কথা যে নীতিকেশৰ চাকৰি দেখি, টকা দেখি পংখীক মাক-দেউতাকে তালৈ বিয়া  দিলে। প্ৰথম কথা নীতিকেশ কোনো কোটিপতি নহয় যে ধনৰ লালসাত তেওঁলোকে নিজ কন্যাক তেনে এজন পিশাচলৈ বিয়া দিব। দ্বিতীয় কথা পংখী আৰু নীতিকেশৰ ঘৰৰ সন্মতিত প্ৰেম বিবাহ আছিল, মুখাপিন্ধা ভদ্র বুলি যে এষাৰ কথা আছে এই পিন্ধা ভদ্র আছিল নীতিকেশ ডেকা সেয়ে হয়তো পংখীৰ মাক-দেউতাকে তাৰ প্ৰকৃত স্বৰূপ নাজানি জীয়েকৰ পছন্দক সমৰ্থন কৰিছিল। তৃতীয়তে বহুতেই কয় আছে কম বয়সতে নিজে স্বাৱলম্বী হোৱাৰ পৰিৱৰ্তে ৰূপ আৰু টকা দেখি বিয়া হ’লে এনে হ’বই, বহুতো ছোৱালীয়ে বিয়াৰ পিছতো পঢ়ি-শুনি স্বাৱলম্বী হয়, পংখীয়েও হয়তো সেইধৰণেই কৰিব খুজিছিল। আকৌ সাংবাদিকৰ সন্মুখত মাকে দিয়া ভাষ্যৰ আলমত বহুতেই কৈছে যে মাকে সিহঁতৰ মনোমালিন্যৰ কথা গম পায়ো নীতিকেশৰ পৰা আঁতৰাই ননাৰ বাবেই এনে হ’ল কিন্তু প্ৰেম বিবাহ কৰা এহাল দম্পতী তাতে আকৌ নিজৰ জীয়েকৰ সংসাৰ কোনো মাকেই ইমান সহজতে ভাঙি যোৱাটো নিবিচাৰে আৰু তেওঁ ইয়াকো কৈছে যে কাজিয়া মাত্র এদিন হোৱা বুলিহে তেওঁ জানে।


সামাজিক মাধ্যমত ইমান আনৰ বিচাৰ কৰি ফুৰা সেই সকল মানুহে পংখী সন্দিকৈ আৰু তেওঁৰ পিতৃ-মাতৃৰ ইমানবোৰ ভুল ঠিকেই উলিয়ালে কিন্তু এজন হত্যাকাৰীৰ ভুল বা সেই হত্যাকাৰী জনে উচিত শাস্তি পাব লাগে বুলি কিন্তু এবাৰো নক’লে। একাংশই আকৌ পংখী সন্দিকৈ আৰু তেওঁৰ পিতৃ-মাতৃক দোষী সজাই কবিতাই লিখিলে। হাঁহি উঠে মানুহৰ অনে কাৰ্যত। নীতিকেশ ডেকাৰ সমানে সমানে এই সকললোকো দোষী যিয়ে প্ৰকৃত দোষীৰ দোষক গাপ দি চতুৰালিৰে আনক দোষী সজাইছে। সামাজিক মাধ্যমত যিকোনো এটা পক্ষৰ হৈ দুশাৰী লিখাটো তেনেই সহজ কিন্তু সত্যৰ পক্ষত থাকি কথা ক’বলৈ হ’লে সৎ সাহসৰ প্ৰয়োজন। আৰু আমাৰ সমাজখনৰটো নাৰী আৰু দুৰ্বলক  আৰু অধিক কষ্ট দি, দোষ জাপি দি চাৰিওফালৰ পৰা দোষী সঁজোৱাটো এটা নিচা। সামাজিক মাধ্যমত এইদৰে পাণ্ডিত্য দেখুওৱা সকলৰ উদ্দেশ্যে শেষত এটা কথাই ক’ম “সেই নৰপিশাচটোই যাতে উচিত শাস্তি পায় তাৰ বাবে কিবা কৰিব পাৰে যদি কৰক অন্যথা মনে মনে বহি থকাই শ্ৰেয় কিয়নো কটা ঘাঁত নিমখ চটিওৱাটো প্ৰকৃত মানুহৰ লক্ষণ নহয়”।

লেখিকাঃ বনশ্রী শৰ্মা

Leave A Reply

Your email address will not be published.